--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পুনৰ বিতৰ্কত কংগনা ৰানাৱট! প্ৰায়ে বিতৰ্কিত মন্তব্য প্ৰদান কৰি বলীউডৰ অভিনেত্ৰীগৰাকীয়ে লাভ কৰি আহিছে সংবাদ শিৰোনাম৷ ইতিমধ্যে বিভিন্ন বিতৰ্কীত মন্তব্য প্ৰদান কৰি অহাৰ বাবে বহু সময়ত কংগনাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈ আহিছে৷ পদ্মশ্ৰী সন্মান লাভ কৰা বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে এইবাৰ দক্ষিণৰ এখন চলচ্চিত্ৰক লৈ কৰা মন্তব্যৰ পাছতে পুনৰ সোমাই পৰিছে বিতৰ্কত৷ কংগনা ৰানাৱটে এইবাৰ ইনষ্টাগ্ৰাম একাউন্টৰ জৰিয়তে প্ৰদান কৰা এক মন্তব্যক লৈ জোকাৰণিৰ সৃষ্টি হৈছে৷ দক্ষিণৰ এখন ছবিৰ সমলৰ বিষয়ে উল্লেখ কৰাৰ পাছতে বিভিন্নজনে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়াৰ। অভিনেত্ৰীগৰাকীয়ে চলচ্চিত্ৰসমূহৰ সফলতাৰ কাৰণো ব্যাখ্যা কৰিছে। লগতে কংগনাই বলীউডক দুৰ্নীতিগ্ৰস্ত হ'বলৈ নিদিবলৈও পৰামৰ্শ আগবঢ়াইছে। উল্লেখ্য যে কংগনা ৰানাৱটক টুইটাৰৰ পৰা নিষিদ্ধ কৰাৰ পাছৰে পৰা অভিনেত্ৰীগৰাকী ইনষ্টাগ্ৰাম একাউন্টত সক্ৰিয় হৈ থকা দেখিবলৈ পোৱা যায় আছে। কংগনাই তেওঁৰ পোষ্টত লিখিছিল, ‘দক্ষিণৰ চলচ্চিত্ৰ আৰু সেইবোৰৰ সমল ভাল তাৰ তিনিটা কাৰণ আছে। তেওঁ ভাৰতীয় সংস্কৃতিৰ শিপাৰ সৈতে গভীৰভাৱে জড়িত। সেই লোকসকলে সঁচাকৈয়ে তেওঁলোকৰ নিজৰ পৰিয়াল আৰু সম্পৰ্ক ভাল পায়, তেওঁলোকে পশ্চিমীয়াৰ দৰে ভাও নলয়। তাত থকা মানুহৰ পেছাদাৰীতা আৰু আৱেগ অবিশ্বাস্য। একে সময়তে, কংগনাই দক্ষিণ উদ্যোগক পৰামৰ্শ দিছিল যে, তেওঁলোকক বলীউডক দুৰ্নীতিগ্ৰস্ত কাম কৰিবলৈ অনুমতি দিয়া উচিত নহয়। কেইবাখনো সফল ছবিৰ নায়িকা কংগনাই প্ৰায়ে কৰা মন্তব্যক লৈ একপ্ৰকাৰৰ ধুমুহাৰ সৃষ্টি কৰি আহিছে৷ অভিনেত্ৰীগৰাকীৰ মন্তব্যৰ বাবে টুইটাৰত নিষিদ্ধ হোৱাৰ উপৰি শতাধিক গোচৰো ৰুজু হৈছে কংগনাৰ বিৰুদ্ধে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ