--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন চিনেমাত খলনায়কৰ বহু গুৰুত্ব থাকে। বলীউড উদ্যোগত একাধিক খলনায়ক আছে, যিয়ে তেওঁৰ শক্তিশালী অভিনয়েৰে দৰ্শকৰ হৃদয়ত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত এজন হৈছে অভিনেতা গুলচন গ্ৰোভাৰ, যিয়ে ৮০ আৰু ৯০ ৰ দশকৰ চিনেমাত খলনায়কৰ ভূমিকাত অৱতীৰ্ণ হৈ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে। গুলচন গ্ৰোভাৰে বলীউডৰ বহু চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি বলীউডৰ 'বেডমেন' হিচাপে পৰিচিতি লাভ কৰে। ১৯৫৫ চনৰ ২১ ছেপ্টেম্বৰত নতুন দিল্লীত জন্মগ্ৰহণ কৰা গুলচন গ্ৰোভাৰৰ বৰ্তমান বয়স ৬৬ বছৰ। গুলচন গ্ৰোভাৰে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত বেছিভাগ নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে। গুলচন গ্ৰোভাৰক ঘৰে ঘৰে চিনি পায়। গুলচন গ্ৰোভাৰে তেওঁৰ চলচ্চিত্ৰ কেৰিয়াৰত ৪০০তকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তেওঁৰ জীৱনত বহুত নাম আৰু ধন উপাৰ্জন কৰিছে কিন্তু গুলচন গ্ৰোভাৰে বৰ্তমান যি স্থানত উপনীত হৈছে তাৰ বাবে তেওঁ জীৱনত কঠোৰ পৰিশ্ৰম আৰু সংগ্ৰাম কৰিব লগা হৈছিল। গুলচন গ্ৰোভাৰৰ শৈশৱ অতি দৰিদ্ৰতাত অতিবাহিত হৈছিল। এটা সময় আছিল বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিবলৈকো তেওঁৰ পৰিয়াল অসমৰ্থ হৈছিল। গুলচনৰ পঢ়াত বহুত ৰাপ আছিল। সেয়েহে তেওঁ বিদ্যালয়ৰ মাচুল পৰিশোধ কৰিবলৈ ঘৰে ঘৰে কাপোৰ ধোৱা চাবোন বিক্ৰী কৰিছিল। গুলচন গ্ৰোভাৰ পঢ়া আৰু লিখাত যথেষ্ট মেধাৱী আছিল। তেওঁ দিল্লীৰ শ্ৰীৰাম বাণিজ্য মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কলেজত পঢ়ি থকা দিনত তেওঁ থিয়েটাৰ আৰু নাটকত অভিনয় কৰিছিল। গুলচন গ্ৰোভাৰে মুম্বাইলৈ গৈ এখন অভিনয় বিদ্যালয়ত যোগদান কৰে, য'ত তেওঁ নিজেই কেইদিনমান পিছত আনক অভিনয়ৰ সূক্ষ্ম তাৎপৰ্য শিকোৱা আৰম্ভ কৰিছিল। গুলচন গ্ৰোভাৰে হম পাঞ্চ চিনেমাখনৰ জৰিয়তে বলীউডত খোজ পেলায়। তাৰপাছত তেওঁ 'ৰকি', 'সদমা', 'ৰাম লখন'কে ধৰি কেইবাখনো চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰে। গুলচন গ্ৰোভাৰৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট আছিল 'ৰাম লখন'। এই চলচ্চিত্ৰখনত তেওঁক 'কেশৰিয়া বিলায়তী' নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল। এই চিনেমাখনত তেওঁ কৰা অভিনয় আৰু সংলাপ অতি জনপ্ৰিয় হৈ পৰিছিল। তেতিয়াৰ পৰা গুলচন গ্ৰোভাৰ বলীউডৰ 'বেডমেন' হিচাপে বিখ্যাত হৈ পৰে। গুলচন গ্ৰোভাৰৰ বিখ্যাত চিনেমাসমূহৰ ভিতৰত অন্যতম হম পাঞ্চ, চনি মহিৱাল, দুধ কা কৰ্জ, ইজ্জত, সদাগৰ, কুৰবান, ৰাম লখন, ইনচাফ কৌন কাৰেগা, অৱতাৰ, মোহৰা, দিলৱালে, হিন্দুস্তান কি কচম আদি। গুলচন গ্ৰোভাৰক শেহতীয়াকৈ অক্ষয় কুমাৰৰ ছবি সূৰ্যবংশীত দেখা গৈছিল। ইয়াৰ উপৰিও তেওঁক মুম্বাই চাগাতো দেখা গৈছে। আৰু পঢ়কঃ আমিৰ কন্যাই পিন্ধিলে হ’বলগীয়া শাহুৰ শাৰী! আমিৰ খানৰ ভাবী জোঁৱাই কোন জানেনে?

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ