--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী কংগনা ৰানাৱটে ছ’চিয়েল মিডিয়াত পশ্চিমীয়া পোছাকৰ বিষয়ে সমালোচনাত্মকভাৱে লিখি আহিছে। তেওঁৰ লেখা দেখাৰ পিছতে অনুৰাগীসকলে ভাবিছিল যে কংগনাক আৰু কেতিয়াও পশ্চিমীয়া পোছাকত দেখা পোৱা নাযায়। কিন্তু কিছুদিনৰ ভিতৰতে নায়িকা সলনি হ’ল। ‘টিকু ৱেডছ শ্বেৰু’ ছবিখনৰ সফলতা পাৰ্টিত অভিনেত্ৰীগৰাকীয়ে পশ্চিমীয়া সাজ-পোছাক পিন্ধি চকু কপালত তুলিলে। অভিনেত্ৰীগৰাকীয়ে নিজেই এই ছবিখন ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

কংগনাই পিন্ধিছে অফ শ্বোল্ডাৰ কমলা ৰঙৰ ড্ৰেছ। পোছাকৰ উজ্জ্বল ৰংবোৰ পাৰ্টিৰ আমেজৰ লগত একেবাৰে মিলি যায়। বহু অনুৰাগীৰ মনত আছে কংগনাৰ সাজ-পোছাক ক্লিয়াৰ বাষ্ট, হাই পনিটেইল, গোল্ড পেণ্ডেণ্ট, গোল্ড ৰঙৰ হিল।

কিছুদিন পূৰ্বে কংগনাই লিখিছিল, ‘পাশ্চাত্যৰ ফেশ্বন ব্ৰেণ্ডে কেৱল কাপোৰ-কানি আৰু বেগ পঠিয়াই আমাক বিনামূলীয়াকৈ কাম কৰিবলৈ বাধ্য কৰে। তেওঁলোকে আমাৰ সংস্কৃতি আৰু সভ্যতাৰ ক্ষতি কৰিছে। মই আৰু কেতিয়াও বিমানবন্দৰত পশ্চিমীয়া কাপোৰ নিপিন্ধো।’’

কিন্তু তাৰপাছতে কংগনাই এইদৰে পশ্চিমীয়া সাজত পুনৰ আবিৰ্ভাৱ হোৱা দেখি স্বাভাৱিকতে নেটিজেনসকলৰ মাজত তীব্ৰ চৰ্চা চলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু