--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কি কি আচহুৱা চখ নাই ধনাঢ্য ব্যক্তিসকলৰ৷আনতকৈ পৃথক উপহাৰ দিয়াটোও প্ৰায় ধনী ব্যক্তিসকলৰ ৰুচিবোধৰ অন্তৰ্গত৷শেহতীয়াকৈ প্ৰথম সন্তান জন্মৰ কেইদিনমান পাছতে আৰ আৰ আৰৰ অভিনেতা ৰাম চৰণ আৰু তেওঁৰ পত্নীক সোণৰ দোলনা উপহাৰ দিলে দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে। অভিনেতা ৰাম চৰণ আৰু তেওঁৰ পত্নী উপাসনা ক’নিডেলাই শুকুৰবাৰে শিশুটিৰ নাম ক্লিন কাৰা ক’নিডেলা ৰাখিছে।

শিশুটিৰ নামকৰণ অনুষ্ঠানৰ কিছু পাৰিবাৰিক ছবিও সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ‘আৰ আৰ আৰ’ৰ অভিনেতাগৰাকীয়ে। সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি কোটিপতি মুকেশ আম্বানীয়ে পৰিয়ালৰ সৈতে এক কোটি টকা ব্যয় সাপেক্ষে কণমানি শিশুটিক সোণৰ দোলনা উপহাৰ দিছে। অৱশ্যে পৰিয়াল বা আন কোনো লোকৰ দ্বাৰা তথ্যৰ নিশ্চিতি প্ৰদান কৰা হোৱা নাই।

তাৎপৰ্যপূৰ্ণভাৱে মুকেশ আম্বানী বিশ্বৰ ১৪ সংখ্যক ধনী ব্যক্তি আৰু এছিয়াৰ প্ৰথম ধনী ব্যক্তি, ফৰ্বছ আলোচনীৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ ৯১.৩ বিলিয়ন ডলাৰ।

উল্লেখ্য যে অভিনেতা ৰাম চৰণে সামাজিক মাধ্যমত দিয়া তেওঁৰ পোষ্টত লিখিছে যে চেঞ্চু জনজাতীয় দেৱী - ভৱৰম্মা দেৱীৰ আশীৰ্বাদত আমি আমাৰ মৰমলগা কন্যাক সকলোৰে আগত চিনাকি কৰাই দিওঁ। ক্লিন কাৰা কনিডেলাৰ পৰা উদ্ভৱ হোৱা ললিতা সহস্ৰনামৰ পৰা লোৱা নামটোৱে এক পৰিৱৰ্তনশীল শুদ্ধিকৰণ শক্তিৰ প্ৰতীক, যিয়ে আধ্যাত্মিক জাগৰণ আনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক