--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত জিলমিল এবিধ সুপৰিচিত শাক।এই শাক আমাৰ দৈনন্দিন জীৱনৰ খাদ্য প্ৰণালীৰ এক বিশেষ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে।ঠাইভেদে জিলমিল শাকক ভতুৱা শাক বুলিও কোৱা হয়। এই শাকবিধ  বাৰী তথা পথাৰত সহজতে পোৱা যায়। জিলমিল শাক ভাজি বা জোল বনাই খোৱা হয়। এই শাকৰ লগত মাছৰ জোল খাবলৈ অতি সোৱাদ। জিলমিলে আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ ভাৰতীয় তথা অসমীয়া খাদ্য প্ৰণালীত সচৰাচৰে ব্যৱহৃত শাক জিলমিলৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক। 

জিলমিল শাকৰ উপকাৰিতা কি কি?

১)এই শাক নিয়মিত খালে কিড্‌নিৰ পাথৰি ৰোগ নহয়। 

২)যকৃতৰ বাবেও ই উপকাৰী।

৩) জিলমিল শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু খাৰ পোৱা যায়। এই শাক যিমান অধিক খাব পৰা যায় সিমানে দেহ নিৰোগী হৈ থাকে। 

৪)কোষ্ঠ কাষ্ঠিন্যৰ বাবে জিলমিল শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত জিলমিল শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। 

৫)এই শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।

৬)মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হোৱাৰ লগতে মূৰটো চফা হয়। 

৭)মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ জিলমিল শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খাব লাগে। 

৮)চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।

৯)মূত্ৰাশয় আৰু শুক্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগটো ই উপকাৰী।

১০)নিতৌ পুৱা এক কাপ কেঁচা জিলমিল শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়।

১১)বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ এই শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।

১২) জিলমিল শাক কুটি, শুকান আদা আৰু নিমখ মিহলাই তিতা কাপোৰত বান্ধি লৈ ওপৰত মাটিৰ লেপন লগাওক। ইয়াৰ পিছত জুইত সেকি লৈ গৰম হৈ থাকোঁতে যিকোনো ফোঁহাৰ ওপৰত লগাওক। ফোঁহা সোনকালে পকি ফুটি দূষিত তেজ-পূঁজ আদি ওলাই চফা হ’ব।

গতিকে এই ঔষধিগুণযুক্ত জিলমিল শাকক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক আৰু সুস্থ হৈ থাকক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা