--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমীয়া সমাজত জিলমিল এবিধ সুপৰিচিত শাক।এই শাক আমাৰ দৈনন্দিন জীৱনৰ খাদ্য প্ৰণালীৰ এক বিশেষ অংশ হিচাপে ব্যৱহৃত হৈ আহিছে।ঠাইভেদে জিলমিল শাকক ভতুৱা শাক বুলিও কোৱা হয়। এই শাকবিধ  বাৰী তথা পথাৰত সহজতে পোৱা যায়। জিলমিল শাক ভাজি বা জোল বনাই খোৱা হয়। এই শাকৰ লগত মাছৰ জোল খাবলৈ অতি সোৱাদ। জিলমিলে আমাৰ স্বাস্থ্য উন্নত কৰাত সহায় কৰে আৰু আমাৰ শৰীৰত পুষ্টি প্ৰদান কৰে। ঔষধি গুণেৰে সমৃদ্ধ আৰু আমাৰ ভাৰতীয় তথা অসমীয়া খাদ্য প্ৰণালীত সচৰাচৰে ব্যৱহৃত শাক জিলমিলৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক। 

জিলমিল শাকৰ উপকাৰিতা কি কি?

১)এই শাক নিয়মিত খালে কিড্‌নিৰ পাথৰি ৰোগ নহয়। 

২)যকৃতৰ বাবেও ই উপকাৰী।

৩) জিলমিল শাকত যথেষ্ট পৰিমাণে লো, পাৰা, খনিজ লৱণ আৰু খাৰ পোৱা যায়। এই শাক যিমান অধিক খাব পৰা যায় সিমানে দেহ নিৰোগী হৈ থাকে। 

৪)কোষ্ঠ কাষ্ঠিন্যৰ বাবে জিলমিল শাক উপকাৰী। এনে ৰোগত ভোগা ৰোগীয়ে কেই দিনমান একেৰাহে নিয়মিত জিলমিল শাক খালে কোষ্ঠ কাঠিন্য দূৰ হয়। 

৫)এই শাকৰ ৰস, সিদ্ধ পানী খালে পেটৰ অজীৰ্ণ, গেচ, কৃমি, বিষ আদি যিকোনো ৰোগ নাশ হয়।

৬)মূৰত ওকণি হ’লেও ভতুৱা শাক সিজোৱা পানীৰে মূৰ ধুলে ওকণি নোহোৱা হোৱাৰ লগতে মূৰটো চফা হয়। 

৭)মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হ’লে দুই চামুচ জিলমিল শাকৰ গুটি এগিলাচ পানীত সিজাই আধা গিলাচ হ’লে পানী খিনি চেকি খাব লাগে। 

৮)চকুৰ খজুৱতি, চকু ৰঙা পৰা আদি ৰোগতো এই শাক খোৱা ভাল।

৯)মূত্ৰাশয় আৰু শুক্ৰাশয় আৰু শুক্ৰাশয়ৰ ৰোগটো ই উপকাৰী।

১০)নিতৌ পুৱা এক কাপ কেঁচা জিলমিল শাকৰ ৰস পান কৰিলে কৃমি নাশ হয়।

১১)বগা দাগ, খজুৱতি, ফোঁহা আদি চৰ্মৰোগত নিতৌ এই শাক সিদ্ধ কৰি চেকি লৈ ৰস সেৱন কৰিব লগে। এনে ধৰণৰ শাক সিজোৱা পানী ছালত লগালেও উপকাৰ হয়।

১২) জিলমিল শাক কুটি, শুকান আদা আৰু নিমখ মিহলাই তিতা কাপোৰত বান্ধি লৈ ওপৰত মাটিৰ লেপন লগাওক। ইয়াৰ পিছত জুইত সেকি লৈ গৰম হৈ থাকোঁতে যিকোনো ফোঁহাৰ ওপৰত লগাওক। ফোঁহা সোনকালে পকি ফুটি দূষিত তেজ-পূঁজ আদি ওলাই চফা হ’ব।

গতিকে এই ঔষধিগুণযুক্ত জিলমিল শাকক আপোনাৰ খাদ্য তালিকাত স্থান দিয়ক আৰু সুস্থ হৈ থাকক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি