--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠাল গুটি অসমীয়াৰ আৱেগ। কঁঠাল খাই মানুহে বৰ ভালপায় লগতে কঁঠাল গুটিও। কঁঠালৰ মুচি তৰকাৰীও অসমীয়া সমাজত অতি জনপ্ৰিয়।

কঁঠালৰ গুটিবোৰো পুষ্টিকৰ গুণেৰে সমৃদ্ধ এক উত্তম আহাৰ বুলি সৰ্বজনবিদিত। সাধাৰণতে কঁঠালৰ গুটিসমূহ মানুহে দাইলত দি অথবা পিটিকা কৰি খোৱা দেখা যায়।

মিহি মিহিকে কাটি তেলত ভাজিও, জুইত পুৰিও কঁঠাল গুটি খোৱা হয়।

জানো আহক কঠালৰ গুটিসমূহৰ গুণাগুণ সম্পৰ্কে -

(১) কঠালৰ বীজত ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয় ।

(২) কঠালৰ বীজত মেগনেচিয়াম, মেংগানিজৰ দৰে পোষক তত্ব অধিক পৰিমাণে পোৱা যায়, যি হাড়বিলাকত হোৱা কেলচিয়ামৰ অৱশোষণত সহায়ক হয়। লগতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুচল কৰি তোলাত সহায় কৰে।

(৩) কঠালৰ বীজত ষ্টাৰছ পোৱা যায়, যি আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। শক্তিৰ বাবে ই এবিধ সুন্দৰ উৎস, যি সোৱাদযুক্তও হয় ।

(৪) কঠালৰ বীজত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়, যি বৰ্ধিত বয়সৰ গতি মন্থৰ কৰাৰ লগতে আপোনাক অৱসাদ মুক্ত কৰি ৰখাত যথেষ্টখিনি সহায়ক হয় ।

(৫) কঠালৰ বীজত লিগ্নেন্ছ, আইছফলেবন্ছ, চেপনিন্ছ তথা অন্য লাভজনক ফাইটনিউট্ৰিয়েন্ছ পোৱা যায়, যি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে উপকাৰী ।

(৬) ইয়াৰ আইৰণ হিম'গ্লবিন আৰু লোহিত ৰক্ত কনিকা বৃদ্ধি কৰি ৰক্তহীনতা বা এনিমীয়া দূৰ কৰে। মহিলাসকলৰ বাবে ই এক অপৰিহাৰ্য আহাৰ।

(৭) কঁঠালৰ গুটিয়ে কোষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰি ফাইবাৰে পাচন সমস্যা সমাধান কৰে।

(৮) ইয়াৰ ভিটামিন-এ ই স্বাস্থ্য উন্নত কৰে। ভিটামিন এৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।

(৯) ইয়াৰ মেঙ্গানীজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।

(১০) কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে। পৰম্পৰাগত চিকিৎসাত কঁঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।

(১১) ইয়াৰ প্ৰটীনে পেশী নিৰ্মাণত সহায় কৰে। আহাৰত কঁঠালৰ গুটি সংযোজন পেশী নিৰ্মাণকাৰী (শৰীৰ চৰ্চা বা বডি বিল্ডাৰ) সকলৰ বাবে দৰকাৰী।

(১২) ৰিংকল বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আচুঁৰ নিৰাময় কৰে। ইয়াৰ এন্টি-অক্সিডেন্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেস্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ৰিংকল্ঢ নোহোৱা হয়।

(১৩) মুখৰ ছাল উজ্বল কৰিবলৈ গুটিৰ বাকলি আৰু ভিতৰৰ ৰঙা ৰঙৰ ছাল পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেস্ট বনাই মুখত লেপিব। শুকালে কুহুমীয়া গৰম পানীৰে ধুব।

(১৪) ইয়াৰ ভিটামিন - এ ই চুলিৰ স্বাস্থ্য উন্নত কৰে। আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ স্বাস্থ্য উন্নত কৰে। মানসিক অৱসাদ দূৰ কৰে।

ওপৰৰ কথাখিনিৰ পৰা এটা কথাই অনুধাৱন কৰিব পাৰি যে পুষ্টিকৰ ফল কঁঠালৰ গুটিবোৰৰো বহু গুণাগুণ আছে। কঁঠালগুটি এনে এক পুষ্টিকৰ খাদ্য যিয়ে আমাৰ শৰীৰৰ যতন লয়। সেয়েহে কঁঠাল গুটিৰ জুতি লওক আৰু স্বাস্থ্যবান হৈ থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
প্ৰথমখন খেলতে চীনক ৪-৩ গ'লত পৰাজিত কৰে ভাৰতে
অতি সোনকালে ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’বঃভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰা
সীমান্তত শান্তি, পোনপটীয়া বিমান সেৱা, মানসৰোৱৰ যাত্ৰা... প্ৰধানমন্ত্ৰী মোদী আৰু ছি জিনপিঙৰ বৈঠকৰ ১০টা গুৰুত্বপূৰ্ণ কথা
সন্ত্রাসবাদীৰ ঘাটি বিধ্বস্ত হোৱাৰ ভিডিঅ' শ্বেয়াৰ কৰিলে বায়ু সেনাই
বন্দে মাতৰম, ভাৰত মাতা কী জয় ধ্বনিৰে চীনত মোদীক উষ্ম আদৰণি
ব্ৰিটেইনৰ পৰা অসমলৈ অনা হ'ব গুৰুজনাৰ বৃন্দাবনী বস্ত্ৰভাগ
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক