--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কঁঠাল গুটি অসমীয়াৰ আৱেগ। কঁঠাল খাই মানুহে বৰ ভালপায় লগতে কঁঠাল গুটিও। কঁঠালৰ মুচি তৰকাৰীও অসমীয়া সমাজত অতি জনপ্ৰিয়।

কঁঠালৰ গুটিবোৰো পুষ্টিকৰ গুণেৰে সমৃদ্ধ এক উত্তম আহাৰ বুলি সৰ্বজনবিদিত। সাধাৰণতে কঁঠালৰ গুটিসমূহ মানুহে দাইলত দি অথবা পিটিকা কৰি খোৱা দেখা যায়।

মিহি মিহিকে কাটি তেলত ভাজিও, জুইত পুৰিও কঁঠাল গুটি খোৱা হয়।

জানো আহক কঠালৰ গুটিসমূহৰ গুণাগুণ সম্পৰ্কে -

(১) কঠালৰ বীজত ডাইট্ৰি ফাইবাৰ প্ৰচুৰ পৰিমাণে থাকে আৰু কেলৰি কম পৰিমাণে পোৱা যায়, যাৰ ফলত ই ওজন হ্ৰাস কৰাত সহায়ক হয় ।

(২) কঠালৰ বীজত মেগনেচিয়াম, মেংগানিজৰ দৰে পোষক তত্ব অধিক পৰিমাণে পোৱা যায়, যি হাড়বিলাকত হোৱা কেলচিয়ামৰ অৱশোষণত সহায়ক হয়। লগতে ই শৰীৰৰ ৰক্ত সঞ্চালন প্ৰক্ৰিয়া সুচল কৰি তোলাত সহায় কৰে।

(৩) কঠালৰ বীজত ষ্টাৰছ পোৱা যায়, যি আমাৰ শৰীৰক শক্তি প্ৰদান কৰে। শক্তিৰ বাবে ই এবিধ সুন্দৰ উৎস, যি সোৱাদযুক্তও হয় ।

(৪) কঠালৰ বীজত এণ্টি অক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায়, যি বৰ্ধিত বয়সৰ গতি মন্থৰ কৰাৰ লগতে আপোনাক অৱসাদ মুক্ত কৰি ৰখাত যথেষ্টখিনি সহায়ক হয় ।

(৫) কঠালৰ বীজত লিগ্নেন্ছ, আইছফলেবন্ছ, চেপনিন্ছ তথা অন্য লাভজনক ফাইটনিউট্ৰিয়েন্ছ পোৱা যায়, যি শাৰীৰিক তথা মানসিক স্বাস্থ্যৰ বাবে উপকাৰী ।

(৬) ইয়াৰ আইৰণ হিম'গ্লবিন আৰু লোহিত ৰক্ত কনিকা বৃদ্ধি কৰি ৰক্তহীনতা বা এনিমীয়া দূৰ কৰে। মহিলাসকলৰ বাবে ই এক অপৰিহাৰ্য আহাৰ।

(৭) কঁঠালৰ গুটিয়ে কোষ্ঠকাঠিন্য আৰু ইয়াত থকা ডায়েট্ৰি ফাইবাৰে পাচন সমস্যা সমাধান কৰে।

(৮) ইয়াৰ ভিটামিন-এ ই স্বাস্থ্য উন্নত কৰে। ভিটামিন এৰ অভাৱত হোৱা কুকুৰীকনা ৰোগ নিৰাময় কৰাৰ লগতে চকুত ছানি পৰা প্ৰতিৰোধ কৰে।

(৯) ইয়াৰ মেঙ্গানীজে তেজ গোট মৰা (ব্লাড ক্লটিং) প্ৰতিৰোধ কৰে।

(১০) কঁঠাল গুটিৰ আইৰণে যৌনস্বাস্থ্য উন্নত কৰে। পৰম্পৰাগত চিকিৎসাত কঁঠালগুটি পুৰি খালে যৌনশক্তি বৃদ্ধি হয়।

(১১) ইয়াৰ প্ৰটীনে পেশী নিৰ্মাণত সহায় কৰে। আহাৰত কঁঠালৰ গুটি সংযোজন পেশী নিৰ্মাণকাৰী (শৰীৰ চৰ্চা বা বডি বিল্ডাৰ) সকলৰ বাবে দৰকাৰী।

(১২) ৰিংকল বা কম বয়সত মুখত দেখা দিয়া বয়সৰ আচুঁৰ নিৰাময় কৰে। ইয়াৰ এন্টি-অক্সিডেন্টে ফ্ৰী ৰেডিকেল্চ প্ৰতিৰোধ কৰি ৰিংকল নোহোৱা কৰে। বাকলি পৰিস্কাৰ কৰি গুটি কেঁচা গাখীৰৰ লগত পিহি পেস্ট বনাই দৈনিক ১-২ বাৰ মুখত সানিলে ৰিংকল্ঢ নোহোৱা হয়।

(১৩) মুখৰ ছাল উজ্বল কৰিবলৈ গুটিৰ বাকলি আৰু ভিতৰৰ ৰঙা ৰঙৰ ছাল পৰিস্কাৰ কৰি কেঁচা গাখীৰ আৰু মৌৰ লগত পিহি পেস্ট বনাই মুখত লেপিব। শুকালে কুহুমীয়া গৰম পানীৰে ধুব।

(১৪) ইয়াৰ ভিটামিন - এ ই চুলিৰ স্বাস্থ্য উন্নত কৰে। আইৰণে মূৰৰ ছালত ৰক্ত সঞ্চালন বৃদ্ধি কৰি চুলিৰ স্বাস্থ্য উন্নত কৰে। মানসিক অৱসাদ দূৰ কৰে।

ওপৰৰ কথাখিনিৰ পৰা এটা কথাই অনুধাৱন কৰিব পাৰি যে পুষ্টিকৰ ফল কঁঠালৰ গুটিবোৰৰো বহু গুণাগুণ আছে। কঁঠালগুটি এনে এক পুষ্টিকৰ খাদ্য যিয়ে আমাৰ শৰীৰৰ যতন লয়। সেয়েহে কঁঠাল গুটিৰ জুতি লওক আৰু স্বাস্থ্যবান হৈ থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ