--°C
Loading...
Listen to Article
1 min read
80%

In Short

  • ৰাজ্যৰ শিক্ষা খণ্ডক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে অসম কেবিনেটে মঙলবাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে।

গুৱাহাটী: ৰাজ্যৰ শিক্ষা খণ্ডৰ উন্নয়ন আৰু শিক্ষক-কৰ্মচাৰীসকলৰ কল্যাণৰ বাবে অসম কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপে অনুমোদন জনাইছে। লোকভৱনত অনুষ্ঠিত এক সংবাদ মেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ এই সিদ্ধান্তসমূহ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি, সমগ্ৰ শিক্ষা অভিযানৰ অধীনত কাৰ্যৰত হৈ থকা অৱস্থাত মৃত্যু হোৱা শিক্ষক আৰু বিষয়াৰ পৰিয়াললৈ আগবঢ়োৱা এককালীন অর্থনৈতিক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰা হৈছে। পূৰ্বতে এই সাহায্যৰ পৰিমাণ ৫ লাখ টকা আছিল যদিও বৰ্তমান ইয়াক বৃদ্ধি কৰি ৭.৫ লাখ টকা কৰা হৈছে।

শিক্ষাৰ্থীসকলৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰে অব্যাহত ৰখা মাছুল ৰেহাই আঁচনিৰ অধীনত মহাবিদ্যালয়সমূহক ক্ষতিপূৰূপ প্ৰদানৰ বাবেও কেবিনেটে পুঁজি অনুমোদন জনাইছে। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে নামভৰ্তিৰ মাছুল পৰিশোধ কৰিব নোলাগে, যাৰ ফলত মহাবিদ্যালয়সমূহৰ স্বাভাৱিক কাম-কাজত যাতে কোনো ব্যাঘাত জন্ম নহয়, তাৰ বাবে চৰকাৰে পুঁজি মুকলি কৰি দিয়ে। এই উদ্দেশ্যে কেবিনেটে ১০৮ কোটি টকা অনুমোদন জনাইছে আৰু এই ধনৰাশি পোনপটীয়াকৈ মহাবিদ্যালয়সমূহলৈ স্থানান্তৰ কৰা হ’ব।

ইয়াৰ উপৰি, পাঠদান আৰু শিক্ষণ সামগ্ৰী বিকশিত কৰাৰ লক্ষ্যৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীৰ গৱেষণা উদ্যানৰ সৈতে সহযোগিতা কৰাৰ সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ কোটি কোটি কেঞ্চাৰ ৰোগীলৈ আশাৰ বতৰা; ১০ বছৰৰ ভিতৰত নির্মূল হ’ব কেঞ্চাৰ
পৰম্পৰাগত হালধিযুক্ত গাখীৰৰ স্বাস্থ্যসন্মত উপকাৰিতা
বাংলাদেশত দুই সহস্রাধিক শিক্ষক-শিক্ষাৰ্থীক ৰাজনৈতিক নির্যাতন; ফ্রান্সস্থিত মানৱ অধিকাৰ সংস্থাৰ প্ৰতিবেদনৰ তথ্য
ককাকৰ সম্পত্তিত নাতিৰ কোনো জন্মগত অধিকাৰ নাথাকে; উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়
বিশ্বৰ সবাতোকৈ প্ৰদূষিত ৫০ চহৰৰ ৪৯খনেই ভাৰতৰ
শ্বেখ হাছিনাৰ প্ৰত্যাৱৰ্তনৰ পূৰ্বে জ্বলিছে বাংলাদেশ
ধনতেৰছত কিয় ধনীয়া বীজ ক্ৰয় কৰিব লাগে? জানো আহক ইয়াৰ আধ্যাত্মিক আৰু ব্যৱহাৰিক গুৰুত্ব
টেঙাখাতৰ অইল ইণ্ডিয়াৰ ITFত ভয়ংকৰ অগ্নিকাণ্ড; এজনৰ মৃত্যু, কেইবাজনো গুৰুতৰভাৱে আহত, এজন সন্ধানহীন
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; ৯ নৱেম্বৰত পুনৰ ১০০০ কোটিৰ ঋণ ল’ব ৰাজ্য চৰকাৰে
ৰোগত আক্ৰান্ত হৈ হতাশ মহিলা; পুত্ৰৰ সৈতে ১৮ মহলাৰ পৰা জাঁপ দি ল’লে চৰম সিদ্ধান্ত
আজি ভূত চতুৰ্দশী; ১৪ গচ চাকি জ্বলোৱা আৰু ১৪ বিধ শাক খোৱাৰ পৰম্পৰা কিয় প্ৰচলিত?
পৰকীয়া প্ৰেমৰ ভয়ংকৰ কাণ্ড! পত্নীক চকীত বান্ধি পেট্ৰ’ল ঢালি জীৱন্তে জ্বলাই হ*ত্যা স্বামীৰ
সৰ্বকালৰ অভিলেখ ভংগ! এইবাৰ ধনতেৰছত সমগ্র দেশত ১.২৫ লাখ কোটিতকৈ অধিক টকাৰ সামগ্ৰী বিক্রী
গুৱাহাটীত ১২ নৱেম্বৰত বন্ধ থাকিব পেট্রল পাম্প