--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ আৰু কন্যাৰ সম্পৰ্ক বৰ মধুৰ। দুই-একক বাদ দি সকলো পিতৃৰ বাবেই কন্যা সন্তান বৰ মৰমৰ। আটোলটোলকৈ কৰে ডাঙৰ-দীঘল। মধ্যপ্ৰদেশৰ দামোহৰ পৰা পোহৰলৈ আহিছে এক আৱেগিক ঘটনা। এগৰাকী যুৱতীৰ বিয়াৰ দিনা পিতৃৰ আত্মা আহিল চৰাই হৈ।  ছোৱালীজনীৰ বিয়াৰ  ৩ দিন আগতে দেউতাকৰ মৃত্যু হৈছিল। এক পথ দুৰ্ঘটনাত মৃত্যুক সাবটে ছোৱালীজনীৰ পিতৃয়ে। গাঁওবাসীয়ে কয় যে ছোৱালীজনীৰ বিয়াত আশীৰ্বাদ দিবলৈ পিতৃৰ আত্মা চৰাই হৈ আহিছে।  এই দৃশ্য দেখি তাত উপস্থিত থকা সকলো আচৰিত হৈ পৰে। 

কোৱা হয় যে এজন পিতৃৰ কন্যাৰ প্ৰতি সৰ্বাধিক মৰম থাকে আৰু প্ৰতিজন পিতৃয়ে জীয়েকৰ সুখৰ বাবে সকলো কাম কৰে। দামোহৰ ৰঞ্জৰা গাঁৱৰ বাসিন্দা জালাম সিং লোধিয়ে নিজ কন্যা ইমৰতিক বহুত মৰম কৰিছিল। ২১ এপ্ৰিল তাৰিখে ইমৰতিৰ বিয়া আছিল। জলম সিঙে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি জীয়েকৰ বিয়াৰ কামত ব্যস্ত আছিল। ঘৰখনত সুখে উপচি আছিল কিন্তু হঠাতে সেই সুখবোৰ শোকলৈ পৰিণত হ’ল। ১৮ এপ্ৰিলত পথ দুৰ্ঘটনাত জালাম সিঙৰ কৰুণ মৃত্যু হয়। তিনিদিন পিছত কন্যাৰ বিয়া আৰু পিতৃৰ মৃত্যুৱে সকলোকে দুখী কৰি তুলিলে।

 জালাম সিং লোধিৰ শেষকৃত্য সম্পন্ন কৰা হ’ল আৰু যিহেতু কন্যাৰ বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈ গ’ল, গতিকে জালামৰ কন্যা ইমৰতিৰ বিয়া ৰখাই দিব পৰা নগ’ল। পৰিয়াল, সমাজ আৰু আত্মীয়ই সিদ্ধান্ত ল’লে যে বিয়াখন হ’ব।


এই সময়ছোৱাত এনে এক ঘটনা ঘটিল যাক সকলোৱে অলৌকিক ঘটনা বুলি অভিহিত কৰিছে।

২১ এপ্ৰিলৰ দিনা ইমৰতিৰ বিয়াৰ অনুষ্ঠান চলি থকাৰ সময়ত হঠাতে এটা ঈগল চৰাই উৰি আহিল বিয়াথলীলৈ।   মানুহে বহুত চেষ্টা কৰিও ঈগলটোক উলিয়াই পঠিয়াব নোৱাৰিলে। তাৰপাছত চৰাইটোৰ এই আচৰণ দেখি অৱশেষত মানুহে খেদি পঠিওৱাৰ পৰিৱৰ্তে চৰাইটোৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিলে।

কিছুসময়ৰ পাছতে ঈগল চৰাইটো আহি ইমৰতিৰ কোলাত বহিল। কইনাৰ মাতৃয়ে ঈগলটোক গাখীৰ খাবলৈ দিলে আৰু ঈগলটোৱে সুন্দৰকৈ গাখীৰ খালে। তাৰপাছত ঘৰৰ প্ৰতিজন সদস্যৰ সৈতে মিলিজুলি থাকিল ঈগলটো।  কেৱল এয়াই নহয়, যেতিয়া পৰিয়ালৰ লোকে বিয়াৰ বাবে মন্দিৰলৈ ৰাওনা হ’ল, তেতিয়া ঘৰৰে মানুহ এজনৰ কান্ধত বহি ঈগলটোও মন্দিৰলৈ গ'ল। বিয়াৰ প্ৰত্যেকটো ৰীতি-নীতিৰ অংশ হৈ থাকিল ঈগল চৰাইটো।

বৰমালা পিন্ধোৱাৰ শুভক্ষণতে ঈগলটো হঠাতে উৰি গৈ ইমৰতিৰ মূৰত গৈ বহেগৈ।  এই ঘটনাই সকলোকে আৰু বেছি আচৰিত কৰি তুলিলে।  ইমৰতিক বিদায় দিয়াৰ পাছতে ঈগলটো উৰি গুচি যায় আৰু নেদেখা হৈ পৰে। 

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে কয়  ঈগল এই গাঁৱত কোনোদিন দেখা পোৱা নাছিল, হঠাতে বিয়াৰ দিনা ঈগলটোৰ আৱিৰ্ভাৱে সকলোকে  আচৰিত কৰি তুলিছে। ঘৰৰ মানুহৰ লগতে গাঁওবাসীয়ে কয় যে কন্যাৰ বিয়ালৈ দেউতাকৰ বহুত হেঁপাহ আছিল.. সেয়েহে মৃত্যুৰ পাছত চৰাইৰ ৰূপত কন্যাক আশীৰ্বাদ দি গ'লহি পিতৃয়ে।

কিছুমান ঘটনাৰ সঁচাই একো উত্তৰ নাথাকে... এই ঘটনাক সকলোৱে অলৌকিক বুলি স্বীকাৰ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু