--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পিতৃ আৰু কন্যাৰ সম্পৰ্ক বৰ মধুৰ। দুই-একক বাদ দি সকলো পিতৃৰ বাবেই কন্যা সন্তান বৰ মৰমৰ। আটোলটোলকৈ কৰে ডাঙৰ-দীঘল। মধ্যপ্ৰদেশৰ দামোহৰ পৰা পোহৰলৈ আহিছে এক আৱেগিক ঘটনা। এগৰাকী যুৱতীৰ বিয়াৰ দিনা পিতৃৰ আত্মা আহিল চৰাই হৈ।  ছোৱালীজনীৰ বিয়াৰ  ৩ দিন আগতে দেউতাকৰ মৃত্যু হৈছিল। এক পথ দুৰ্ঘটনাত মৃত্যুক সাবটে ছোৱালীজনীৰ পিতৃয়ে। গাঁওবাসীয়ে কয় যে ছোৱালীজনীৰ বিয়াত আশীৰ্বাদ দিবলৈ পিতৃৰ আত্মা চৰাই হৈ আহিছে।  এই দৃশ্য দেখি তাত উপস্থিত থকা সকলো আচৰিত হৈ পৰে। 

কোৱা হয় যে এজন পিতৃৰ কন্যাৰ প্ৰতি সৰ্বাধিক মৰম থাকে আৰু প্ৰতিজন পিতৃয়ে জীয়েকৰ সুখৰ বাবে সকলো কাম কৰে। দামোহৰ ৰঞ্জৰা গাঁৱৰ বাসিন্দা জালাম সিং লোধিয়ে নিজ কন্যা ইমৰতিক বহুত মৰম কৰিছিল। ২১ এপ্ৰিল তাৰিখে ইমৰতিৰ বিয়া আছিল। জলম সিঙে দিনে নিশাই কঠোৰ পৰিশ্ৰম কৰি জীয়েকৰ বিয়াৰ কামত ব্যস্ত আছিল। ঘৰখনত সুখে উপচি আছিল কিন্তু হঠাতে সেই সুখবোৰ শোকলৈ পৰিণত হ’ল। ১৮ এপ্ৰিলত পথ দুৰ্ঘটনাত জালাম সিঙৰ কৰুণ মৃত্যু হয়। তিনিদিন পিছত কন্যাৰ বিয়া আৰু পিতৃৰ মৃত্যুৱে সকলোকে দুখী কৰি তুলিলে।

 জালাম সিং লোধিৰ শেষকৃত্য সম্পন্ন কৰা হ’ল আৰু যিহেতু কন্যাৰ বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হৈ গ’ল, গতিকে জালামৰ কন্যা ইমৰতিৰ বিয়া ৰখাই দিব পৰা নগ’ল। পৰিয়াল, সমাজ আৰু আত্মীয়ই সিদ্ধান্ত ল’লে যে বিয়াখন হ’ব।


এই সময়ছোৱাত এনে এক ঘটনা ঘটিল যাক সকলোৱে অলৌকিক ঘটনা বুলি অভিহিত কৰিছে।

২১ এপ্ৰিলৰ দিনা ইমৰতিৰ বিয়াৰ অনুষ্ঠান চলি থকাৰ সময়ত হঠাতে এটা ঈগল চৰাই উৰি আহিল বিয়াথলীলৈ।   মানুহে বহুত চেষ্টা কৰিও ঈগলটোক উলিয়াই পঠিয়াব নোৱাৰিলে। তাৰপাছত চৰাইটোৰ এই আচৰণ দেখি অৱশেষত মানুহে খেদি পঠিওৱাৰ পৰিৱৰ্তে চৰাইটোৰ প্ৰতি মনোযোগ দিবলৈ আৰম্ভ কৰিলে।

কিছুসময়ৰ পাছতে ঈগল চৰাইটো আহি ইমৰতিৰ কোলাত বহিল। কইনাৰ মাতৃয়ে ঈগলটোক গাখীৰ খাবলৈ দিলে আৰু ঈগলটোৱে সুন্দৰকৈ গাখীৰ খালে। তাৰপাছত ঘৰৰ প্ৰতিজন সদস্যৰ সৈতে মিলিজুলি থাকিল ঈগলটো।  কেৱল এয়াই নহয়, যেতিয়া পৰিয়ালৰ লোকে বিয়াৰ বাবে মন্দিৰলৈ ৰাওনা হ’ল, তেতিয়া ঘৰৰে মানুহ এজনৰ কান্ধত বহি ঈগলটোও মন্দিৰলৈ গ'ল। বিয়াৰ প্ৰত্যেকটো ৰীতি-নীতিৰ অংশ হৈ থাকিল ঈগল চৰাইটো।

বৰমালা পিন্ধোৱাৰ শুভক্ষণতে ঈগলটো হঠাতে উৰি গৈ ইমৰতিৰ মূৰত গৈ বহেগৈ।  এই ঘটনাই সকলোকে আৰু বেছি আচৰিত কৰি তুলিলে।  ইমৰতিক বিদায় দিয়াৰ পাছতে ঈগলটো উৰি গুচি যায় আৰু নেদেখা হৈ পৰে। 

এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। গাঁওবাসীয়ে কয়  ঈগল এই গাঁৱত কোনোদিন দেখা পোৱা নাছিল, হঠাতে বিয়াৰ দিনা ঈগলটোৰ আৱিৰ্ভাৱে সকলোকে  আচৰিত কৰি তুলিছে। ঘৰৰ মানুহৰ লগতে গাঁওবাসীয়ে কয় যে কন্যাৰ বিয়ালৈ দেউতাকৰ বহুত হেঁপাহ আছিল.. সেয়েহে মৃত্যুৰ পাছত চৰাইৰ ৰূপত কন্যাক আশীৰ্বাদ দি গ'লহি পিতৃয়ে।

কিছুমান ঘটনাৰ সঁচাই একো উত্তৰ নাথাকে... এই ঘটনাক সকলোৱে অলৌকিক বুলি স্বীকাৰ কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement