--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগীৰ মৃত্যুৰ বেদনা বৰ অসহনীয়। সকলোৱে এই শোকৰ ভাৰ সহ্য কৰিব নোৱাৰে। এগৰাকী পত্নীৰ আকস্মিক মৃত্যুৰ দুখ সহিব নোৱাৰি স্বামীয়ে কৰে আত্মহত্যা। এই শোকাৱহ ঘটনা সংঘটিত গৈছে উত্তৰ প্ৰদেশৰ হৰদয়ত।


যোগেশ কুমাৰ(৩৬) নামৰ যুৱকজনে মাথোঁ ৬মাহ পূৰ্বে  মণিকৰ্ণিকা কুমাৰী(২৮)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।   যোগেশ কুমাৰ পেছাত শিক্ষক আছিল।  মণিকৰ্ণিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। দুয়োৰে জীৱন সুখেৰে চলি আছিল যদিও হঠাতে নামি আহিল কাল অমানিশা।  

যোগেশ কুমাৰৰ পত্নী মণিকৰ্ণিকা কুমাৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। পৰিচয় পত্ৰ আৰু মোবাইল নম্বৰৰ সহায়ত তেওঁক চিনাক্ত কৰি স্বামীক খবৰ দিয়া হয়। পত্নীয়ে হঠাতে চিৰদিনলৈ এৰি গুচি যোৱাত দুখত ভাগি পৰে   যোগেশ কুমাৰ।  পত্নীৰ মৃত্যুৰ শোক সহিব নোৱাৰি যোগেশে চিপ লৈ আত্মহত্যা কৰে।
Uttar Pradesh: Woman killed in road accident, grief-striken husband hangs self
আৰক্ষীয়ে জনোৱা মতে, যোগেশে এখন ছুইচাইড নোট লিখি থৈ গৈছে, য’ত লিখা আছে, ‘জীৱনে-মৰণে আমি একেলগে থাকিম’। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে সুৰছা থানা এলেকাৰ লক্ষ্ণৌ-হৰদয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত মণিকৰ্ণিকাৰ মৃত্যু হয়। এছ এইচ অ’ ইন্দ্ৰেশ কুমাৰ যাদৱে কয়, ‘তাদিয়াৱানা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ থাকোতে মণিকৰ্ণিকাৰ স্কুটিত খুন্দা মাৰে এখন অচিনাকি বাহনে।  এই সংঘৰ্ষৰ ফলতে তেওঁৰ মৃত্যু হয়।


সেই স্থানত উপস্থিত হৈ যোগেশে পত্নীৰ সা-সামগ্ৰী লৈ ঘৰলৈ উভতি আহি নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখে। পত্নীৰ মৃত্যুত সমবেদনা জনাবলৈ অহা তেওঁৰ ওচৰ-চুবুৰীয়াই দুৱাৰত টুকুৰিয়াই থাকিল। কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি ওচৰ-চুবুৰীয়াই দেখিলে যে যোগেশ চিলিং ফেনত ওলমি আছে।

ইয়াৰ পাছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চাৰিগৰাকী ভগ্নীৰ ভিতৰত যোগেশ একমাত্ৰ পুত্ৰ সন্তান আছিল আৰু তেওঁৰ পত্নী মণিকৰ্ণিকাও আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। যোগেশ আৰু মণিকৰ্ণিকাৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। কোনেও কাৰো মুখলৈ চাব পৰা নাই.. দিব পৰা নাই সান্ত্বনা...

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু