--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱনসংগীৰ মৃত্যুৰ বেদনা বৰ অসহনীয়। সকলোৱে এই শোকৰ ভাৰ সহ্য কৰিব নোৱাৰে। এগৰাকী পত্নীৰ আকস্মিক মৃত্যুৰ দুখ সহিব নোৱাৰি স্বামীয়ে কৰে আত্মহত্যা। এই শোকাৱহ ঘটনা সংঘটিত গৈছে উত্তৰ প্ৰদেশৰ হৰদয়ত।


যোগেশ কুমাৰ(৩৬) নামৰ যুৱকজনে মাথোঁ ৬মাহ পূৰ্বে  মণিকৰ্ণিকা কুমাৰী(২৮)ৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।   যোগেশ কুমাৰ পেছাত শিক্ষক আছিল।  মণিকৰ্ণিকা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নাৰ্ছ হিচাপে কৰ্মৰত আছিল। দুয়োৰে জীৱন সুখেৰে চলি আছিল যদিও হঠাতে নামি আহিল কাল অমানিশা।  

যোগেশ কুমাৰৰ পত্নী মণিকৰ্ণিকা কুমাৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হয়। পৰিচয় পত্ৰ আৰু মোবাইল নম্বৰৰ সহায়ত তেওঁক চিনাক্ত কৰি স্বামীক খবৰ দিয়া হয়। পত্নীয়ে হঠাতে চিৰদিনলৈ এৰি গুচি যোৱাত দুখত ভাগি পৰে   যোগেশ কুমাৰ।  পত্নীৰ মৃত্যুৰ শোক সহিব নোৱাৰি যোগেশে চিপ লৈ আত্মহত্যা কৰে।
Uttar Pradesh: Woman killed in road accident, grief-striken husband hangs self
আৰক্ষীয়ে জনোৱা মতে, যোগেশে এখন ছুইচাইড নোট লিখি থৈ গৈছে, য’ত লিখা আছে, ‘জীৱনে-মৰণে আমি একেলগে থাকিম’। আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে সুৰছা থানা এলেকাৰ লক্ষ্ণৌ-হৰদয় ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত মণিকৰ্ণিকাৰ মৃত্যু হয়। এছ এইচ অ’ ইন্দ্ৰেশ কুমাৰ যাদৱে কয়, ‘তাদিয়াৱানা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ থাকোতে মণিকৰ্ণিকাৰ স্কুটিত খুন্দা মাৰে এখন অচিনাকি বাহনে।  এই সংঘৰ্ষৰ ফলতে তেওঁৰ মৃত্যু হয়।


সেই স্থানত উপস্থিত হৈ যোগেশে পত্নীৰ সা-সামগ্ৰী লৈ ঘৰলৈ উভতি আহি নিজকে এটা কোঠাত আবদ্ধ কৰি ৰাখে। পত্নীৰ মৃত্যুত সমবেদনা জনাবলৈ অহা তেওঁৰ ওচৰ-চুবুৰীয়াই দুৱাৰত টুকুৰিয়াই থাকিল। কোনো সঁহাৰি নোপোৱাত দুৱাৰ ভাঙি ওচৰ-চুবুৰীয়াই দেখিলে যে যোগেশ চিলিং ফেনত ওলমি আছে।

ইয়াৰ পাছত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। চাৰিগৰাকী ভগ্নীৰ ভিতৰত যোগেশ একমাত্ৰ পুত্ৰ সন্তান আছিল আৰু তেওঁৰ পত্নী মণিকৰ্ণিকাও আছিল মাক-দেউতাকৰ একমাত্ৰ সন্তান। যোগেশ আৰু মণিকৰ্ণিকাৰ মৃত্যুৰ পাছত তেওঁলোকৰ পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে। কোনেও কাৰো মুখলৈ চাব পৰা নাই.. দিব পৰা নাই সান্ত্বনা...

FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement