--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহিলা সন্তানৰ আগমন ৰোধ কৰিবলৈ ভ্ৰুণ হত্যা এই দেশত প্ৰায়ে শুনা যায়। আকৌ, কেৱল ছোৱালী  জন্মহোৱাৰ ‘অপৰাধ’ৰ বাবে নৱজাত কেঁচুৱাক পেলাই দিয়াৰ খবৰেও শিৰোনাম দখল কৰে। কিন্তু ৰাজস্থানৰ এখন গাঁও আছে। য’ত কন্যা সন্তান জন্মৰ পিছত ১১১ টা পুলি ৰোপণ কৰাৰ প্ৰথা আছে।

ৰাজসামন্দ জিলাৰ পিপ্লাণ্ট্ৰি গাঁৱৰ বাসিন্দাসকলে বিগত ডেৰ দশক ধৰি এনে নিয়ম মানি চলি আহিছে। এগৰাকী কন্যাৰ আগমনৰ লগে লগে গাঁৱত সুখৰ জোৱাৰ উঠে। সন্তান জন্ম হোৱাৰ পিছত গাঁৱৰ মানুহে শিশুটিৰ মাক-দেউতাকক টকা দিয়ে যাতে তেওঁৰ লালন-পালনত কোনো অভাৱ নহয়।

এই দেশৰ দুৰ্গম অঞ্চলৰ বহু পৰিয়ালত এতিয়াও নাৰী শিক্ষাৰ পোহৰ নাই। আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ হোৱাৰ আগতেই ছোৱালীক স্বামীৰ ঘৰলৈ পঠিওৱা হয়। সেই পৰম্পৰা ভংগ কৰিবলৈ চেষ্টা কৰিছে পিপ্লাণ্ট্ৰিৰ গাঁও পঞ্চায়তখনে। পিপ্লাণ্ট্ৰি গ্ৰাম পঞ্চায়তেও তেওঁৰ পৰিয়াল আৰু পিতৃ-মাতৃৰ পৰা লিখিত শপতনামা লৈছিল যাতে কন্যা সন্তানটোক আইনীভাৱে ১৮ বছৰ বয়সৰ পূৰ্বে বিয়া কৰাব নোৱাৰে। এই সকলোবোৰ কন্যা সন্তানৰ সুৰক্ষাৰ বাবে কৰা হয়।

এই প্ৰথা কিয়? সেই কথা জানিবলৈ ১৫ বছৰ আগলৈ উভতি যাব লাগিব। এই প্ৰথা আৰম্ভ কৰিছিল তেতিয়াৰ গাঁৱৰ মুৰব্বী শ্যামসুন্দৰ পালিৱালে। শ্যামসুন্দৰৰ কন্যা কিৰণৰ অকাল মৃত্যুৰ সাক্ষী হৈছিল। সেই সময়ত কিৰণৰ বয়স আছিল ১৮ বছৰ। সংবাদ মাধ্যমৰ আগত শ্যামসুন্দৰে কয় যে তেওঁৰ কন্যাৰ স্মৃতিত এই অভিযান আৰম্ভ হৈছিল।

প্রাক্তন পঞ্চায়ত মুৰব্বী শ্যামসুন্দৰৰ দাবী, গাঁৱত প্রতি বছৰে গড়ে ৬০ গৰাকী কন্যা সন্তানৰ জন্ম হয়৷ এটা সময়ত তেওঁলোকৰ বহুতৰে যত্নৰ অভাৱত অকাল মৃত্যু হৈছিল। ডিহাইড্ৰেচনত শ্যামসুন্দৰৰ কন্যাৰ অকাল মৃত্যু হয়। তেতিয়াৰ পৰাই তেওঁ গাঁৱৰ সকলো ঠাইতে গছপুলি ৰোপণৰ প্ৰতিজ্ঞা কৰিছে। যাতে গাঁৱৰ ক’তো পানীৰ অভাৱ নহয়।

কাৰণ যিয়েই নহওক, শ্যামসুন্দৰৰ এই পদক্ষেপৰ শলাগ ল’বলৈ নাপাহৰিলে গাঁওবাসীয়ে। শেষত তেওঁলোকে দেখিলে অৰ্থনৈতিক সমৃদ্ধিৰ মুখখন। প্ৰতিগৰাকী কন্যা সন্তানৰ জন্মৰ পিছত ১১১টা পুলি ৰোপণ কৰি গাঁওখনত নিম, আম, গোলাপ আদি বিভিন্ন গছ-গছনিৰে ভৰি পৰে।

সংবাদ মাধ্যমৰ তথ্য অনুসৰি বিগত ছবছৰত ডেৰ-দুই লাখৰো অধিক এলোভেৰা পুলি ৰোপণ কৰা হৈছে। যাৰ পৰা বহুতৰে বাবে উপাৰ্জনৰ পথ মুকলি হৈছে। বহু গাঁৱৰ মানুহে এলোভেৰা জেল আৰু ইয়াৰ ৰস বিক্ৰী কৰি উপাৰ্জনৰ উপায় বিচাৰি পাইছে।


গাঁওখনৰ মানুহে প্ৰতিগৰাকী কন্যাক এজোপা গছৰ লগত তুলনা কৰে। তেওঁলোকৰ মতে এজনী কন্যাক উদ্ভিদৰ দৰে যত্ন লোৱাটো প্ৰয়োজন। তেওঁলোকৰ লালন-পালনত দৈনিক যত্ন লোৱাটো অতি প্ৰয়োজনীয়। যাতে ভৱিষ্যতে গছৰ দৰে বিয়পিব পাৰে আৰু বাঢ়িব পাৰে।

এই গাঁৱত কন্যা সন্তান জন্ম হোৱাৰ পিছত ১১১ টা পুলি ৰোপণৰ উপৰিও গাঁওবাসীয়ে নৱজাত শিশুটিৰ পৰিয়াললৈ ৩১ হাজাৰ টকা অনুদান আগবঢ়ায়। যিটো তেওঁৰ লালন-পালনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। গাঁৱৰ মানুহে নৱজাতকৰ পিতৃ-মাতৃৰ পৰা ১০ হাজাৰ টকা সংগ্ৰহ কৰি স্থায়ী জমা ধন হিচাপে ৰাখে। পঞ্চায়তৰ মতে, কন্যাৰ বয়স ২০ বছৰ নহওঁতেই পিতৃ-মাতৃয়ে জমা হোৱা ধন খৰচ কৰিব নোৱাৰে। সেই প্ৰতিশ্ৰুতি শপতনামাত লিখা থাকে। গ্ৰাম পঞ্চায়তে কয় যে এই পদক্ষেপ কন্যা সন্তানৰ শিক্ষা আৰু ভৱিষ্যতে তেওঁৰ আৰ্থিক সুৰক্ষাৰ বাবে। 

পঞ্চায়ত কৰ্মীসকলে কন্যা সন্তান জন্মৰ পৰাই নিৰ্দিষ্ট জমা ধনৰ সকলো সবিশেষ লিপিবদ্ধ কৰে যাতে নৱজাতকৰ পৰিয়ালৰ সদস্যসকলে শব্দটো বাদ নিদিয়ে। ইয়াৰ উপৰিও নৱজাতকৰ বাবে ‘জননী সুৰক্ষা আঁচনি’কে ধৰি বিভিন্ন চৰকাৰী সা-সুবিধাৰ ব্যৱস্থাও কৰা হৈছে।

উল্লেখ্য যে ফৰাচী নাৰীবাদী ফ্ৰান্সোৱা ডু বনৰ ‘ইক’ফেমিনিজম’ৰ কথা কৈছিল। নাৰীবাদৰ যি শাখাই প্ৰকৃতিৰ সৈতে নাৰীৰ সংযোগৰ কথা কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক