--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষিতা আহিছিল আদালতলৈ ন্যায় বিচাৰি। শেষত দণ্ডাধীশৰ হাততেই যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হ’ল আদালতৰ দ্বাৰস্থ হোৱা ভুক্তভোগী। ঘটনা অনুসৰি দণ্ডাধীশজনৰ বিৰুদ্ধে এই অভিযোগ কৰিছে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ৷যুৱতীগৰাকীয়ে নিজৰ লগত সংঘটিত ঘটনাৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ অহাৰ সময়ত দণ্ডাধীশৰ কোঠাত এই অভিজ্ঞতা হোৱা বুলি বৰ্ণনা কৰিছে।

ত্ৰিপুৰাৰ ধলাই জিলাৰ জিলা সত্ৰ ন্যায়ালয়ত সংঘটিত হৈছে এই ঘটনা। আদালত কক্ষত জিলা সত্ৰ দণ্ডাধীশে যুৱতীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, ১৩ ফেব্ৰুৱাৰীত এগৰাকী ২৬ বছৰীয়া যুৱকে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰিছিল। সেই ঘটনাৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ধৰ্ষিতা ন্যায়ালয়লৈ আহিছিল। কিন্তু দণ্ডাধীশ চেম্বাৰত প্ৰৱেশ কৰাৰ পাছত দণ্ডাধীশে নিৰাপত্তাৰক্ষীক বাহিৰত থিয় হ’বলৈ ক’লে আৰু ভিতৰৰ পৰা দুৱাৰত তলা মাৰি দিয়ে।

ঘটনাটো বৰ্ণনা কৰি যুৱতীগৰাকীয়ে ত্ৰিপুৰাৰ কমলপুৰ বাৰ এছ’চিয়েশ্যনক কয় যে দণ্ডাধীশে যুৱতীগৰাকীক অভিযোগ বৰ্ণনা কৰিবলৈ কয়।যুৱতীগৰাকীৰ মতে-  ন্যায়াধীশৰ ফালে মুখ কৰি চকী এখনত বহি এই বিষয়ে কথা পাতি থকাৰ সময়তে ন্যায়াধীশে হঠাতে তেওঁক থিয় হ’বলৈ কয়। যুৱতীগৰাকী থিয় হোৱাৰ লগে লগে ন্যায়াধীশে তেওঁক ধৰি যৌন নিৰ্যাতন চলায়।

এই ঘটনাৰ অন্তত যুৱতীগৰাকীয়ে ঘৰলৈ উভতি আহি গোটেই কথাখিনি স্বামীক জনায়।তাৰ পাছতে ধৰ্ষিতাগৰাকীৰ স্বামীয়ে লিখিত অভিযোগ বাৰ এছ’চিয়েশ্যনত দাখিল কৰিছিল। একে সময়তে এই ঘটনাত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

ইপিনে ঘটনাৰ তদন্তৰ বাবে ক্ষীপ্ৰতাৰে আগবাঢ়িছে বাৰ এছ’চিয়েশ্যন। ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া পেনেল গঠন কৰা হৈছে। পেনেলৰ তিনিজন সদস্য হৈছে ধলাই জিলাৰ জিলা সত্ৰ দণ্ডাধীশ গৌতম সৰকাৰ, মুখ্য ন্যায়িক দণ্ডাধীশ সত্যজিৎ দাস আৰু আন এগৰাকী দণ্ডাধীশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement