--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধৰ্ষিতা আহিছিল আদালতলৈ ন্যায় বিচাৰি। শেষত দণ্ডাধীশৰ হাততেই যৌন নিৰ্যাতনৰ বলি হ’বলগীয়া হ’ল আদালতৰ দ্বাৰস্থ হোৱা ভুক্তভোগী। ঘটনা অনুসৰি দণ্ডাধীশজনৰ বিৰুদ্ধে এই অভিযোগ কৰিছে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ৷যুৱতীগৰাকীয়ে নিজৰ লগত সংঘটিত ঘটনাৰ বক্তব্য ৰেকৰ্ড কৰিবলৈ অহাৰ সময়ত দণ্ডাধীশৰ কোঠাত এই অভিজ্ঞতা হোৱা বুলি বৰ্ণনা কৰিছে।

ত্ৰিপুৰাৰ ধলাই জিলাৰ জিলা সত্ৰ ন্যায়ালয়ত সংঘটিত হৈছে এই ঘটনা। আদালত কক্ষত জিলা সত্ৰ দণ্ডাধীশে যুৱতীগৰাকীক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। উল্লেখ্য যে, ১৩ ফেব্ৰুৱাৰীত এগৰাকী ২৬ বছৰীয়া যুৱকে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি ধৰ্ষণ কৰিছিল। সেই ঘটনাৰ বক্তব্য লিপিবদ্ধ কৰিবলৈ ধৰ্ষিতা ন্যায়ালয়লৈ আহিছিল। কিন্তু দণ্ডাধীশ চেম্বাৰত প্ৰৱেশ কৰাৰ পাছত দণ্ডাধীশে নিৰাপত্তাৰক্ষীক বাহিৰত থিয় হ’বলৈ ক’লে আৰু ভিতৰৰ পৰা দুৱাৰত তলা মাৰি দিয়ে।

ঘটনাটো বৰ্ণনা কৰি যুৱতীগৰাকীয়ে ত্ৰিপুৰাৰ কমলপুৰ বাৰ এছ’চিয়েশ্যনক কয় যে দণ্ডাধীশে যুৱতীগৰাকীক অভিযোগ বৰ্ণনা কৰিবলৈ কয়।যুৱতীগৰাকীৰ মতে-  ন্যায়াধীশৰ ফালে মুখ কৰি চকী এখনত বহি এই বিষয়ে কথা পাতি থকাৰ সময়তে ন্যায়াধীশে হঠাতে তেওঁক থিয় হ’বলৈ কয়। যুৱতীগৰাকী থিয় হোৱাৰ লগে লগে ন্যায়াধীশে তেওঁক ধৰি যৌন নিৰ্যাতন চলায়।

এই ঘটনাৰ অন্তত যুৱতীগৰাকীয়ে ঘৰলৈ উভতি আহি গোটেই কথাখিনি স্বামীক জনায়।তাৰ পাছতে ধৰ্ষিতাগৰাকীৰ স্বামীয়ে লিখিত অভিযোগ বাৰ এছ’চিয়েশ্যনত দাখিল কৰিছিল। একে সময়তে এই ঘটনাত ন্যায়াধীশগৰাকীৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা ল’বলৈ আহ্বান জনায়৷

ইপিনে ঘটনাৰ তদন্তৰ বাবে ক্ষীপ্ৰতাৰে আগবাঢ়িছে বাৰ এছ’চিয়েশ্যন। ঘটনাৰ তদন্তৰ বাবে তিনিজনীয়া পেনেল গঠন কৰা হৈছে। পেনেলৰ তিনিজন সদস্য হৈছে ধলাই জিলাৰ জিলা সত্ৰ দণ্ডাধীশ গৌতম সৰকাৰ, মুখ্য ন্যায়িক দণ্ডাধীশ সত্যজিৎ দাস আৰু আন এগৰাকী দণ্ডাধীশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু