--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬৮ ৰাণৰ ইনিংছটো খেলাৰ পাছতে সূৰ্যকুমাৰ যাদৱৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰসকল। বহুকেইজন ক্ৰিকেটাৰে ইনিংছটোক অন্যতম শ্ৰেষ্ঠ ইনিংছ হিচাপে অভিহিত কৰিছে।

উল্লেখযোগ্য টি২০ বিশ্বকাপত পাৰ্থত দক্ষিণ আফ্ৰিকাৰে মুখামুখি হৈ ভাৰতে প্ৰথমে বেট ধৰি শলঠেকত পৰিছিল। ব্যৰ্থ হয় কেএল ৰাহুল, বিৰাট কোহলী, ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াৰ দৰে বেটছমেনসকল।

দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বলিং লাইন আপৰ বিৰুদ্ধে কেৱল সূৰ্যকুমাৰ যাদৱেহে দমনীয় প্ৰদৰ্শন আগবঢ়ায়। ৪০ টা বলত সূৰ্যকুমাৰে তিনিটা ছয় আৰু ৬ টা চাৰিৰে ৬৮ ৰাণ সংগ্ৰহ কৰি ৱেইন পাৰ্ণেলৰ বলত আউট হয়। সূৰ্যকুমাৰৰ এই ইনিংছটোৰ সহায়তে ভাৰতে দক্ষিণ আফ্ৰিকাক ১৩৪ ৰাণৰ লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হয়।

সূৰ্যকুমাৰৰ এই প্ৰদৰ্শনক প্ৰশংসা কৰি বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰে টুইট কৰিছে। প্ৰাক্তন তাৰকা ইৰফান পাঠানে ইনিংছটোক সূৰ্যকুমাৰৰ এটা শ্ৰেষ্ঠ ইনিংছ বুলি আখ্যা কৰিছে।

পাঠানৰ এখোপ ওপৰলৈ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে সূৰ্যকুমাৰৰ ইনিংছটোৰ স’তে পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে কৰা ৮২ ৰাণৰ দমনীয় ইনিংছটোক তুলনা কৰিছে।

গম্ভীৰে কয় যে সূৰ্যকুমাৰৰ ইনিংছটো টি২০ ক্ৰিকেটত তেওঁ দেখা পোৱা আটাইতকৈ শ্ৰেষ্ঠ ইনিংছ। তেওঁ কয় যে ইয়াৰ পূৰ্বেও বহুতো আকৰ্ষণীয় ইনিংছ তেওঁ দেখিছে, কিন্তু সূৰ্যকুমাৰৰ ইনিংছটোৰ দৰে শ্ৰেষ্ঠ ইনিংছ দেখা পোৱা নাই।

যেতিয়া তেওঁ বেটিং কৰিবলৈ আহিছিল, ভাৰতে ৫০ ৰাণত ৫ টা উইকেট হেৰুৱাইছিল। সেয়ে মই সততাৰে কও যে এই ইনিংছটোতকৈ শ্ৰেষ্ঠ ইনিংছ মই দেখা নাই।”- ষ্টাৰ স্পৰ্টছৰ আগত গম্ভীৰে এইদৰে কয়।

“মোৰ বাবে, এগৰাকী ভাৰতীয় বেটছমেনে খেলা এইটো আটাইতকৈ শ্ৰেষ্ঠ টি২০ ইনিংছ।”- গম্ভীৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক