--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ৬৮ ৰাণৰ ইনিংছটো খেলাৰ পাছতে সূৰ্যকুমাৰ যাদৱৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে প্ৰাক্তন ক্ৰিকেটাৰসকল। বহুকেইজন ক্ৰিকেটাৰে ইনিংছটোক অন্যতম শ্ৰেষ্ঠ ইনিংছ হিচাপে অভিহিত কৰিছে।

উল্লেখযোগ্য টি২০ বিশ্বকাপত পাৰ্থত দক্ষিণ আফ্ৰিকাৰে মুখামুখি হৈ ভাৰতে প্ৰথমে বেট ধৰি শলঠেকত পৰিছিল। ব্যৰ্থ হয় কেএল ৰাহুল, বিৰাট কোহলী, ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়াৰ দৰে বেটছমেনসকল।

দক্ষিণ আফ্ৰিকাৰ শক্তিশালী বলিং লাইন আপৰ বিৰুদ্ধে কেৱল সূৰ্যকুমাৰ যাদৱেহে দমনীয় প্ৰদৰ্শন আগবঢ়ায়। ৪০ টা বলত সূৰ্যকুমাৰে তিনিটা ছয় আৰু ৬ টা চাৰিৰে ৬৮ ৰাণ সংগ্ৰহ কৰি ৱেইন পাৰ্ণেলৰ বলত আউট হয়। সূৰ্যকুমাৰৰ এই ইনিংছটোৰ সহায়তে ভাৰতে দক্ষিণ আফ্ৰিকাক ১৩৪ ৰাণৰ লক্ষ্য স্থিৰ কৰিবলৈ সক্ষম হয়।

সূৰ্যকুমাৰৰ এই প্ৰদৰ্শনক প্ৰশংসা কৰি বহুকেইজন প্ৰাক্তন ক্ৰিকেটাৰে টুইট কৰিছে। প্ৰাক্তন তাৰকা ইৰফান পাঠানে ইনিংছটোক সূৰ্যকুমাৰৰ এটা শ্ৰেষ্ঠ ইনিংছ বুলি আখ্যা কৰিছে।

পাঠানৰ এখোপ ওপৰলৈ প্ৰাক্তন অপেনাৰ গৌতম গম্ভীৰে সূৰ্যকুমাৰৰ ইনিংছটোৰ স’তে পাকিস্তানৰ বিৰুদ্ধে বিৰাট কোহলীয়ে কৰা ৮২ ৰাণৰ দমনীয় ইনিংছটোক তুলনা কৰিছে।

গম্ভীৰে কয় যে সূৰ্যকুমাৰৰ ইনিংছটো টি২০ ক্ৰিকেটত তেওঁ দেখা পোৱা আটাইতকৈ শ্ৰেষ্ঠ ইনিংছ। তেওঁ কয় যে ইয়াৰ পূৰ্বেও বহুতো আকৰ্ষণীয় ইনিংছ তেওঁ দেখিছে, কিন্তু সূৰ্যকুমাৰৰ ইনিংছটোৰ দৰে শ্ৰেষ্ঠ ইনিংছ দেখা পোৱা নাই।

“যেতিয়া তেওঁ বেটিং কৰিবলৈ আহিছিল, ভাৰতে ৫০ ৰাণত ৫ টা উইকেট হেৰুৱাইছিল। সেয়ে মই সততাৰে কও যে এই ইনিংছটোতকৈ শ্ৰেষ্ঠ ইনিংছ মই দেখা নাই।”- ষ্টাৰ স্পৰ্টছৰ আগত গম্ভীৰে এইদৰে কয়।

“মোৰ বাবে, এগৰাকী ভাৰতীয় বেটছমেনে খেলা এইটো আটাইতকৈ শ্ৰেষ্ঠ টি২০ ইনিংছ।”- গম্ভীৰে কয়।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু