--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুখনকৈ মেচত দমনীয় প্ৰদৰ্শনৰ পাছত পৰাজয়বৰণ কৰিলে টীম ইণ্ডিয়াই। টি২০ বিশ্বকাপৰ প্ৰথম পৰাজয়বৰণ কৰিলে ভাৰতে। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত দক্ষিণ আফ্ৰিকাৰ হাতত বিধ্বস্ত হয় ভাৰত।

টছট জিকি প্ৰথমে বেটিং কৰি ভাৰতে আৰম্ভণিৰে পৰাই বেটিং বিপৰ্যয়ৰ মুখামুখি হয়। কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় কে এল ৰাহুল (৯), ৰোহিত শৰ্মা (১৫) আৰু বিৰাট কোহলী (১২)ৰ দৰে টপ অৰ্ডাৰ বেটছমেনসকল। মিডল অৰ্ডাৰত ব্যৰ্থ হয় দীপক হুদা (০), হাৰ্দিক পাণ্ডিয়া (২), আৰু দীনেশ কাৰ্তিক (৬)।

কেৱল সূৰ্যকুমাৰ যাদৱৰ ৬৮ ৰাণৰ দমনীয় ইনিংছটোৰ বাদে আন কোনো ভাৰতীয় বেটছমেনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে। ৪০ টা বলৰ সন্মুখীন হৈ সূৰ্যকুমাৰে তিনিটা ছয় আৰু ছয়টা চাৰিৰে ৬৮ ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ এই ইনিংছটোৰ সহায়তে ভাৰতে ৯ উইকেটত ১৩৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ এই বেটিং বিপৰ্যয়ৰ মূলতে আছিল দক্ষিণ আফ্ৰিকাৰ নিয়ন্ত্ৰিত আৰু ক্ষুৰধাৰ বলিং আক্ৰমণ। দক্ষিণ আফ্ৰিকাৰ হৈ লুঙী এনগিডিয়ে ৪টা আৰু ৱেইন পাৰ্ণেলে ৩টাকৈ উইকেট লাভ কৰে।

১৩৪ ৰাণৰ সহজ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাইও প্ৰথম অভাৰকেইটাত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ব্যৰ্থ হয় কুইণ্টন ডি কক (১), থেম্বা বভুমা (১০) আৰু ৰিলী ৰছো (০)।

কিন্তু দলৰ বিপৰ্যয়ক চম্ভালি লয় এইডেন মাৰ্ক্ৰাম আৰু ডেভিড মিলাৰে। মাৰ্ক্ৰামে ৪১ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডেভিড মিলাৰে কৰে ৪৬ টা বলত ৫৯ ৰাণ। চতুৰ্থ উইকেটত দুয়োৱে ৬৪ ৰাণৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ে।

মাৰ্ক্ৰাম আৰু মিলাৰৰ এই পাৰ্টনাৰশ্বিপটোৰ জোৰতে দক্ষিণ আফ্ৰিকাই ৫টা উইকেট হেৰুৱাই দুটা বল বাকী অৱস্থাত বিজয়লক্ষ্যত উপনিত হয়। ভাৰতৰ হৈ অৰ্শদীপ সিঙে দুটা আৰু মহম্মদ ছামী, ৰবীচন্দ্ৰন অশ্বিন আৰু হাৰ্দিক পাণ্ডিয়াই এটাকৈ উইকেট ভগাই লয়।

এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ টুৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম স্থানলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পৰৱৰ্তী মেচ হিচাপে ভাৰতে বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাই পাকিস্তানৰ মুখামুখি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement