--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দুখনকৈ মেচত দমনীয় প্ৰদৰ্শনৰ পাছত পৰাজয়বৰণ কৰিলে টীম ইণ্ডিয়াই। টি২০ বিশ্বকাপৰ প্ৰথম পৰাজয়বৰণ কৰিলে ভাৰতে। পাৰ্থৰ অপ্টাছ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনত দক্ষিণ আফ্ৰিকাৰ হাতত বিধ্বস্ত হয় ভাৰত।

টছট জিকি প্ৰথমে বেটিং কৰি ভাৰতে আৰম্ভণিৰে পৰাই বেটিং বিপৰ্যয়ৰ মুখামুখি হয়। কম সময়ৰ ভিতৰতে পেভিলিয়নমুখী হয় কে এল ৰাহুল (৯), ৰোহিত শৰ্মা (১৫) আৰু বিৰাট কোহলী (১২)ৰ দৰে টপ অৰ্ডাৰ বেটছমেনসকল। মিডল অৰ্ডাৰত ব্যৰ্থ হয় দীপক হুদা (০), হাৰ্দিক পাণ্ডিয়া (২), আৰু দীনেশ কাৰ্তিক (৬)।

কেৱল সূৰ্যকুমাৰ যাদৱৰ ৬৮ ৰাণৰ দমনীয় ইনিংছটোৰ বাদে আন কোনো ভাৰতীয় বেটছমেনে শক্তিশালী প্ৰদৰ্শন আগবঢ়াব নোৱাৰিলে। ৪০ টা বলৰ সন্মুখীন হৈ সূৰ্যকুমাৰে তিনিটা ছয় আৰু ছয়টা চাৰিৰে ৬৮ ৰাণ সংগ্ৰহ কৰে। সূৰ্যকুমাৰৰ এই ইনিংছটোৰ সহায়তে ভাৰতে ৯ উইকেটত ১৩৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয়।

ভাৰতৰ এই বেটিং বিপৰ্যয়ৰ মূলতে আছিল দক্ষিণ আফ্ৰিকাৰ নিয়ন্ত্ৰিত আৰু ক্ষুৰধাৰ বলিং আক্ৰমণ। দক্ষিণ আফ্ৰিকাৰ হৈ লুঙী এনগিডিয়ে ৪টা আৰু ৱেইন পাৰ্ণেলে ৩টাকৈ উইকেট লাভ কৰে।

১৩৪ ৰাণৰ সহজ লক্ষ্য আগত লৈ দক্ষিণ আফ্ৰিকাইও প্ৰথম অভাৰকেইটাত বেটিং বিপৰ্যয়ৰ সন্মুখীন হয়। ব্যৰ্থ হয় কুইণ্টন ডি কক (১), থেম্বা বভুমা (১০) আৰু ৰিলী ৰছো (০)।

কিন্তু দলৰ বিপৰ্যয়ক চম্ভালি লয় এইডেন মাৰ্ক্ৰাম আৰু ডেভিড মিলাৰে। মাৰ্ক্ৰামে ৪১ টা বলত ৫২ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ডেভিড মিলাৰে কৰে ৪৬ টা বলত ৫৯ ৰাণ। চতুৰ্থ উইকেটত দুয়োৱে ৬৪ ৰাণৰ গুৰুত্বপূৰ্ণ পাৰ্টনাৰশ্বিপ গঢ়ে।

মাৰ্ক্ৰাম আৰু মিলাৰৰ এই পাৰ্টনাৰশ্বিপটোৰ জোৰতে দক্ষিণ আফ্ৰিকাই ৫টা উইকেট হেৰুৱাই দুটা বল বাকী অৱস্থাত বিজয়লক্ষ্যত উপনিত হয়। ভাৰতৰ হৈ অৰ্শদীপ সিঙে দুটা আৰু মহম্মদ ছামী, ৰবীচন্দ্ৰন অশ্বিন আৰু হাৰ্দিক পাণ্ডিয়াই এটাকৈ উইকেট ভগাই লয়।

এই বিজয়ৰ দ্বাৰা ভাৰতে গ্ৰুপ টুৰ পইণ্ট তালিকাৰ দ্বিতীয় স্থানলৈ অৱনমিত হোৱাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই প্ৰথম স্থানলৈ অগ্ৰসৰ হৈছে। ইয়াৰ পৰৱৰ্তী মেচ হিচাপে ভাৰতে বাংলাদেশ আৰু দক্ষিণ আফ্ৰিকাই পাকিস্তানৰ মুখামুখি হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু