--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ খেলপথাৰৰ বাহিৰে-ভিতৰে থকা জনপ্ৰিয়তাৰ কাৰো অজ্ঞাত নহয়। কেৱল  ভাৰততে নহয়, সমগ্ৰ বিশ্বতে তাৰকাগৰাকীৰ আছে অসংখ্য অনুৰাগী। দুৰন্ত খেল তথা ষ্টাইলৰ বাবে ক্ৰিকেট বিশ্বৰ অনুৰাগীসকলৰ নয়নৰ মণি স্বৰূপ ভাৰতীয় তাৰকাগৰাকী। প্ৰিয় এই তাৰকাগৰাকীৰ সাক্ষাৎ লাভৰ বাবে স্বাভাৱিকতেই অনুৰাগীসকলৰ মাজত থাকে অফুৰন্ত আকাংক্ষা। 

সম্প্ৰতি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়াত আছে কোহলী। যোৱা ১৭ অক্টোবৰত বিশ্বকাপৰ এখন প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াৰ সন্মুখীন হৈছিল ভাৰত। মেচখনৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল কোহলীৰ এখন বিশেষ ফটো। ফটোখনত কোহলীৰ সৈতে দেখা গৈছিল এগৰাকী সুন্দৰী যুৱতীক। 

ফটোখন ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কোহলীৰ সৈতে দেখা পোৱা যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰি লিখিছিল, “শব্দৰ বাহিৰত!”। লগতে ইনষ্টাগ্ৰাম ষ্ট’ৰীত কোহলীৰ সৈতে উঠা আন এখন ফটো শ্বেয়াৰ কৰি যুৱতীগৰাকীয়ে কোহলীক 'আটাইতকৈ মধুৰ' বুলি অভিহিত কৰি এই ক্ষণক নিজৰ জীৱনৰ শ্ৰেষ্ঠ দিন বুলি উল্লেখ কৰিছিল।

ইয়াৰ পাছতে কোহলীৰ অনুৰাগীসকলে ফটোখনৰ ওপৰত নানা মন্তব্য কৰিছিল। কোনো কোনো অনুৰাগীয়ে কৌতুকীয় সুৰত যুৱতীগৰাকীৰ সংগ পোৱাৰ বাবে কোহলীক ভাগ্যৱান আখ্যা দিয়ে; আন কোনোৱে আকৌ কোহলী আৰু অনুষ্কা শৰ্মাৰ দাম্পত্য জীৱনৰ ওপৰতো কৌতুক কৰি সংসাৰ সংকটত বুলি মন্তব্য কৰে।

প্ৰকৃততে ফটোখনত দেখা এই যুৱতীগৰাকী আছিল কোহলীৰ অসংখ্য অনুৰাগীৰ মাজৰে এগৰাকী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টি-২০ বিশ্বকাপ ৱাৰ্মআপ মেচৰ পূৰ্বে ব্ৰিছবেনত এই অনুৰাগী যুৱতীগৰাকীৰ সৈতে ফটো উঠিছিল কোহলীয়ে আৰু আমিশা বাচেৰা নামৰ এই যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰিছিল।  

আমিশা কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। সৌভাগ্যক্ৰমে আমিশাই কোহলীক লগ পোৱাৰ সুযোগ পোৱাৰ লগতে অটোগ্ৰাফো লাভ কৰিছিল। পিছত নিজা ইনষ্টাগ্ৰাম হেণ্ডেলত ফটোকেইখন প্ৰচাৰ কৰাৰ লগে লগে কেইমুহূৰ্তমানৰ ভিতৰতে আমিশা চেলিব্ৰিটিৰ দৰে হৈ পৰে আৰু ইনষ্টাগ্ৰামত অনুসৰণকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এইদৰে কোহলীৰ সাক্ষাত লভিয়ে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ‘ফেনগাৰ্ল’ আমিশা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু