--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সাম্প্ৰতিক ক্ৰিকেট বিশ্বৰ অন্যতম শ্ৰেষ্ঠ ক্ৰিকেটাৰ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীৰ খেলপথাৰৰ বাহিৰে-ভিতৰে থকা জনপ্ৰিয়তাৰ কাৰো অজ্ঞাত নহয়। কেৱল  ভাৰততে নহয়, সমগ্ৰ বিশ্বতে তাৰকাগৰাকীৰ আছে অসংখ্য অনুৰাগী। দুৰন্ত খেল তথা ষ্টাইলৰ বাবে ক্ৰিকেট বিশ্বৰ অনুৰাগীসকলৰ নয়নৰ মণি স্বৰূপ ভাৰতীয় তাৰকাগৰাকী। প্ৰিয় এই তাৰকাগৰাকীৰ সাক্ষাৎ লাভৰ বাবে স্বাভাৱিকতেই অনুৰাগীসকলৰ মাজত থাকে অফুৰন্ত আকাংক্ষা। 

সম্প্ৰতি টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে অষ্ট্ৰেলিয়াত আছে কোহলী। যোৱা ১৭ অক্টোবৰত বিশ্বকাপৰ এখন প্ৰস্তুতি মেচত অষ্ট্ৰেলিয়াৰ সন্মুখীন হৈছিল ভাৰত। মেচখনৰ মাজতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল কোহলীৰ এখন বিশেষ ফটো। ফটোখনত কোহলীৰ সৈতে দেখা গৈছিল এগৰাকী সুন্দৰী যুৱতীক। 

ফটোখন ভাইৰেল হোৱাৰ পাছতে সামাজিক মাধ্যমত অনুৰাগীসকলৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছিল। কোহলীৰ সৈতে দেখা পোৱা যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰি লিখিছিল, “শব্দৰ বাহিৰত!”। লগতে ইনষ্টাগ্ৰাম ষ্ট’ৰীত কোহলীৰ সৈতে উঠা আন এখন ফটো শ্বেয়াৰ কৰি যুৱতীগৰাকীয়ে কোহলীক 'আটাইতকৈ মধুৰ' বুলি অভিহিত কৰি এই ক্ষণক নিজৰ জীৱনৰ শ্ৰেষ্ঠ দিন বুলি উল্লেখ কৰিছিল।

ইয়াৰ পাছতে কোহলীৰ অনুৰাগীসকলে ফটোখনৰ ওপৰত নানা মন্তব্য কৰিছিল। কোনো কোনো অনুৰাগীয়ে কৌতুকীয় সুৰত যুৱতীগৰাকীৰ সংগ পোৱাৰ বাবে কোহলীক ভাগ্যৱান আখ্যা দিয়ে; আন কোনোৱে আকৌ কোহলী আৰু অনুষ্কা শৰ্মাৰ দাম্পত্য জীৱনৰ ওপৰতো কৌতুক কৰি সংসাৰ সংকটত বুলি মন্তব্য কৰে।

প্ৰকৃততে ফটোখনত দেখা এই যুৱতীগৰাকী আছিল কোহলীৰ অসংখ্য অনুৰাগীৰ মাজৰে এগৰাকী। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ টি-২০ বিশ্বকাপ ৱাৰ্মআপ মেচৰ পূৰ্বে ব্ৰিছবেনত এই অনুৰাগী যুৱতীগৰাকীৰ সৈতে ফটো উঠিছিল কোহলীয়ে আৰু আমিশা বাচেৰা নামৰ এই যুৱতীগৰাকীয়ে ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰিছিল।  

আমিশা কুইন্সলেণ্ড বিশ্ববিদ্যালয়ৰ এগৰাকী ছাত্ৰী। সৌভাগ্যক্ৰমে আমিশাই কোহলীক লগ পোৱাৰ সুযোগ পোৱাৰ লগতে অটোগ্ৰাফো লাভ কৰিছিল। পিছত নিজা ইনষ্টাগ্ৰাম হেণ্ডেলত ফটোকেইখন প্ৰচাৰ কৰাৰ লগে লগে কেইমুহূৰ্তমানৰ ভিতৰতে আমিশা চেলিব্ৰিটিৰ দৰে হৈ পৰে আৰু ইনষ্টাগ্ৰামত অনুসৰণকাৰীৰ সংখ্যা যথেষ্ট বৃদ্ধি পায়। এইদৰে কোহলীৰ সাক্ষাত লভিয়ে এতিয়া সামাজিক মাধ্যমত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ‘ফেনগাৰ্ল’ আমিশা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক