--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্যসমাপ্ত এছিয়া কাপ টুৰ্ণামেণ্টৰ খিতাপ জয়ৰ পিছতে আইচিচিৰ শেহতীয়া মহিলা টি-২০ খেলুৱৈৰ ৰেংকিঙত চমকপ্ৰদ উন্নয়ন ঘটিছে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও খেলুৱৈৰ। টুৰ্ণামেণ্টত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনৰ ফলশ্ৰুতিত ৰেংকিং তালিকাত ভাৰতীয় দলৰ অপেনাৰ স্মৃতি মান্ধানা আৰু অফ স্পিন বলাৰ তথা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই বেটাৰ আৰু বলাৰৰ শাখাত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ দ্বিতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

এদিনীয়া ৰেংকিঙত শীৰ্ষ স্থানত থকা মান্ধানাই ৭৩০ ৰেটিং পইণ্ট লাভ কৰিছে। শীৰ্ষ স্থানত থকা অষ্ট্ৰেলিয়াৰ বেথ মুনিতকৈ ১৩ পইণ্টত পাছ পৰি আছে। আনহাতে এছিয়া কাপত যুটীয়াভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে ১৩ টা উইকেট দখল কৰা দীপ্তিয়ে ৭৪২ ৰেটিং পইণ্টেৰে ইংলেণ্ডৰ স্পিনাৰ ছফি একলেষ্টোনৰ পিছতে স্থান লাভ কৰিছে।

তদুপৰি দীপ্তিৱে ৱেষ্ট ইণ্ডিজৰ হেইলি মেথিউছ (৩৭৭) আৰু নিউজিলেণ্ডৰ ছফি ডেভাইন (৩৯০)ৰ পিছতে ৩৭০ ৰেটিং পইণ্টেৰে  অলৰাউণ্ডাৰৰ তালিকাতো তৃতীয় স্থানত উপনীত হৈছে।

ইফালে ভাৰতীয় দলৰ পেচ আক্ৰমণৰ এক নতুন স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰা ৰেণুকা সিঙে পাঁচটা স্থান অতিক্ৰম কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ তৃতীয় স্থানলৈ উন্নীত হৈছে। আনহাতে স্নেহ ৰাণাও পাঁচটা স্থান আগুৱাই কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ দশম স্থানত উপনীত হৈছে।

শেহতীয়া এই তালিকাত ভাৰতৰ বিস্ফোৰক অপেনাৰ শ্বেফালী বাৰ্মাই এটা স্থান আগুৱাই সপ্তম স্থানলৈ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰো তিনিটা স্থান আগুৱাই ১৪ তম স্থানলৈ উন্নত লাভ কৰিছে। আনহাতে বাওঁহতীয়া স্পিনাৰ ৰাজেশ্বৰী ১৭ তম স্থানলৈ অগ্ৰগতি লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু