--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সদ্যসমাপ্ত এছিয়া কাপ টুৰ্ণামেণ্টৰ খিতাপ জয়ৰ পিছতে আইচিচিৰ শেহতীয়া মহিলা টি-২০ খেলুৱৈৰ ৰেংকিঙত চমকপ্ৰদ উন্নয়ন ঘটিছে ভাৰতীয় ক্ৰিকেট দলৰ কেইবাগৰাকীও খেলুৱৈৰ। টুৰ্ণামেণ্টত দাঙি ধৰা অনবদ্য প্ৰদৰ্শনৰ ফলশ্ৰুতিত ৰেংকিং তালিকাত ভাৰতীয় দলৰ অপেনাৰ স্মৃতি মান্ধানা আৰু অফ স্পিন বলাৰ তথা অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই বেটাৰ আৰু বলাৰৰ শাখাত কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ দ্বিতীয় স্থান অৰ্জন কৰিবলৈ সক্ষম হৈছে। 

এদিনীয়া ৰেংকিঙত শীৰ্ষ স্থানত থকা মান্ধানাই ৭৩০ ৰেটিং পইণ্ট লাভ কৰিছে। শীৰ্ষ স্থানত থকা অষ্ট্ৰেলিয়াৰ বেথ মুনিতকৈ ১৩ পইণ্টত পাছ পৰি আছে। আনহাতে এছিয়া কাপত যুটীয়াভাৱে সৰ্বাধিক উইকেট সংগ্ৰহকাৰী বলাৰ হিচাপে ১৩ টা উইকেট দখল কৰা দীপ্তিয়ে ৭৪২ ৰেটিং পইণ্টেৰে ইংলেণ্ডৰ স্পিনাৰ ছফি একলেষ্টোনৰ পিছতে স্থান লাভ কৰিছে।

তদুপৰি দীপ্তিৱে ৱেষ্ট ইণ্ডিজৰ হেইলি মেথিউছ (৩৭৭) আৰু নিউজিলেণ্ডৰ ছফি ডেভাইন (৩৯০)ৰ পিছতে ৩৭০ ৰেটিং পইণ্টেৰে  অলৰাউণ্ডাৰৰ তালিকাতো তৃতীয় স্থানত উপনীত হৈছে।

ইফালে ভাৰতীয় দলৰ পেচ আক্ৰমণৰ এক নতুন স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰা ৰেণুকা সিঙে পাঁচটা স্থান অতিক্ৰম কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ তৃতীয় স্থানলৈ উন্নীত হৈছে। আনহাতে স্নেহ ৰাণাও পাঁচটা স্থান আগুৱাই কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ দশম স্থানত উপনীত হৈছে।

শেহতীয়া এই তালিকাত ভাৰতৰ বিস্ফোৰক অপেনাৰ শ্বেফালী বাৰ্মাই এটা স্থান আগুৱাই সপ্তম স্থানলৈ আৰু অধিনায়ক হৰমনপ্ৰীত কৌৰো তিনিটা স্থান আগুৱাই ১৪ তম স্থানলৈ উন্নত লাভ কৰিছে। আনহাতে বাওঁহতীয়া স্পিনাৰ ৰাজেশ্বৰী ১৭ তম স্থানলৈ অগ্ৰগতি লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক