--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশ্বকাপ চলি থকাৰ মাজতে আতংকিত হৈ পৰিছে বিৰাট কোহলী। তেওঁৰ হোটলৰ কোঠাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। কোহলীৰ অজ্ঞাতত কেইবাজনো লোকে হোটেলৰ কোঠাত সোমাই এই ভিডিঅ’সমূহ কৰিছে।

তাৰপাছতে ঘটনাটোত আতংকিত হৈ কোহলীয়ে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। তাত দেখা গৈছে যে কেইবাজনো লোক হোটেলৰ কোঠালিটোলৈ সোমাই গৈছে। কোহলীৰ ব্যক্তিগত সামগ্ৰীসমূহৰ ভিডিঅ’ কৰিছে তেওঁলোকে।

কোহলীয়ে ইনষ্টাগ্ৰামত লিখে- “মই জানো যে অনুৰাগীসকলে সকলো সময়তে তেওঁলোকৰ প্ৰিয় খৈলুৱৈসকলক দেখি আনন্দ পায়। মই সেয়া সন্মান কৰো। কিন্তু এই ভিডিঅ’ দেখি মই আতংকিত হৈছো। যদি মোৰ হোটেলৰ কোঠাৰ গোপনীয়তা ৰক্ষা নহয়, তেন্তে ক’ত হ’ব?” 

“এনেধৰণৰ ভালপোৱা মই নিবিচাৰো। এনেকৈ কাৰোবাৰ ব্যক্তিগত পৰিসৰত সোমোৱাটো উচিত নহয়।”- কোহলীয়ে লিখিছে- “দয়া কৰি প্ৰত্যেকৰ ব্যক্তিগত পৰিসৰতক সন্মান কৰক। তাক বিনোদনৰ পণ্য কৰি নুতুলিব।”

 

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে শেহতীয়া খেলখনত টীম ইণ্ডিয়া পাৰ্থ চহৰৰ এখন হোটেলত আছিল। তাতে এই ঘটনাটো সংঘটিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক