--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া! খেলপথাৰত ধোনীক দেখা নাপালেও কিংম্বদন্তি ক্ৰিকেটাৰজনৰ বাবেই ভাৰত হাৰিছে। এই মন্তব্য কৰিলে প্ৰাক্তন তাৰকা অজয় জাডেজাই।

অৱশ্যে ব্যংগাত্মকভাৱেহে জাডেজাই এইদৰে মন্তব্য কৰিছে। ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰৰ দমনীয় প্ৰদৰ্শনক প্ৰশংসা কৰিবলৈ গৈ জাডেজাই ধোনীৰ প্ৰসংগ টানি আনে।

সংবাদমাধ্যমৰ আগত জাডেজাই কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মেচখন এটা মুহূৰ্তত উত্তেজনাময় হৈ পৰিছিল কিন্তু ডেভিড মিলাৰে উত্তেজনাময় পৰিস্থিতিটো চম্ভালি লৈছিল আৰু ভাৰতৰ বলিঙৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন আগবঢ়াই দলক জয়ী কৰিছিল।

মিলাৰৰ এই প্ৰদৰ্শনক জাডেজাই ধোনীৰ সৈতে তুলনা কৰি কয়- “ক্ৰিকেট বিশ্বলৈ মহেন্দ্ৰ সিং ধোনীয়ে দিয়া এইটোৱেই শিক্ষা। সেইবাবেই আমি পৰাজীত হ’লো।

উল্লেখ্য যে মেচখনত মিলাৰে ৪৬টা বলত ৫৯ ৰাণ কৰিছিল। মেচখনত এইডেন মাৰ্ক্ৰামেও অৰ্ধশতক অৰ্জন কৰিছিল কিন্তু বিজয়লক্ষ্য অতিক্ৰম কৰালৈকে ডেভিড মিলাৰ অপৰাজীত হৈ আছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু