--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মহেন্দ্ৰ সিং ধোনীৰ বাবে দক্ষিণ আফ্ৰিকাৰ লগত হাৰিল টীম ইণ্ডিয়া! খেলপথাৰত ধোনীক দেখা নাপালেও কিংম্বদন্তি ক্ৰিকেটাৰজনৰ বাবেই ভাৰত হাৰিছে। এই মন্তব্য কৰিলে প্ৰাক্তন তাৰকা অজয় জাডেজাই।

অৱশ্যে ব্যংগাত্মকভাৱেহে জাডেজাই এইদৰে মন্তব্য কৰিছে। ভাৰতৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ ডেভিড মিলাৰৰ দমনীয় প্ৰদৰ্শনক প্ৰশংসা কৰিবলৈ গৈ জাডেজাই ধোনীৰ প্ৰসংগ টানি আনে।

সংবাদমাধ্যমৰ আগত জাডেজাই কয় যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মেচখন এটা মুহূৰ্তত উত্তেজনাময় হৈ পৰিছিল কিন্তু ডেভিড মিলাৰে উত্তেজনাময় পৰিস্থিতিটো চম্ভালি লৈছিল আৰু ভাৰতৰ বলিঙৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন আগবঢ়াই দলক জয়ী কৰিছিল।

মিলাৰৰ এই প্ৰদৰ্শনক জাডেজাই ধোনীৰ সৈতে তুলনা কৰি কয়- “ক্ৰিকেট বিশ্বলৈ মহেন্দ্ৰ সিং ধোনীয়ে দিয়া এইটোৱেই শিক্ষা। সেইবাবেই আমি পৰাজীত হ’লো।

উল্লেখ্য যে মেচখনত মিলাৰে ৪৬টা বলত ৫৯ ৰাণ কৰিছিল। মেচখনত এইডেন মাৰ্ক্ৰামেও অৰ্ধশতক অৰ্জন কৰিছিল কিন্তু বিজয়লক্ষ্য অতিক্ৰম কৰালৈকে ডেভিড মিলাৰ অপৰাজীত হৈ আছিল।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক