--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী চলচ্চিত্ৰ নিৰ্মাতা ক্রিষ্টোফাৰ ন’লানৰ ছবি অপেনহেইমাৰে আমেৰিকাৰ বিজ্ঞানী তথা পদাৰ্থবিদ জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰক পুনৰ চৰ্চালৈ আনিছে।বৰ্তমান প্ৰজন্মৰ মানুহে তেওঁৰ কাহিনী জানিব লাগিব, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কেনেকৈ আৰু কিয় পাৰমাণৱিক বোমা নিৰ্মাণ কৰিছিল সেই প্ৰেক্ষাপট বুজাটোও বাঞ্ছনীয়। ন’লানৰ আহিবলগীয়া ছবিখনত অভিনেতা চিলিয়ান মাৰ্ফীয়ে শিৰোনাম চৰিত্ৰ অপেনহেইমাৰৰ অভিনয় কৰিছে।

২০২৩ চনৰ ২১ জুলাইত বিশ্বৰ চিনেমাগৃহত মুক্তি পাবলৈ সাজু হৈছে অপেনহেইমাৰ।ছবিখন মুক্তিৰ পূৰ্বে জে ৰবাৰ্ট অপেনহাইমাৰৰ বিষয়ে কিছু কথা জানো আহক।

জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰৰ জন্ম হৈছিল ১৯০৪ চনৰ ২২ এপ্ৰিলত নিউয়ৰ্কত। ১৯৬৭ চনৰ ১৮ ফেব্ৰুৱাৰীত নিউ জাৰ্ছিৰ প্ৰিন্সটনত তেওঁৰ মৃত্যু হয়।অপেনহেইমাৰ এজন প্ৰখ্যাত বিজ্ঞানী আৰু তাত্ত্বিক পদাৰ্থবিদ  হিচাপে বিশ্বত নিজৰ জীৱনকালত পৰিগণিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক পৰমাণু বোমাৰ গৱেষণা, ডিজাইন আৰু বিকাশৰ দায়িত্ব দিয়া হৈছিল।


মানহাটন প্ৰজেক্ট কি আছিল?

পাৰমাণৱিক বোমাৰ বিকাশ নিউ মেক্সিকোৰ মানহাটন জিলাৰ মানহাটন প্ৰজেক্ট বা ‘প্ৰজেক্ট ৱাই’ৰ এটা অংশ আছিল। আমেৰিকা চৰকাৰৰ এই প্ৰকল্পৰ লক্ষ্য আছিল জাৰ্মানীয়ে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ আগতে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা।

উল্লেখযোগ্য যে, জাপানৰ ওপৰত কৰা আক্ৰমণত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ পক্ষত নাছিল অপেনহেইমাৰ৷

শেহতীয়াকৈ প্লেনিলুনপিকচাৰ্ছে ১৯৬৫ চনত অপেনহেইমাৰৰ সৈতে হোৱা এক টেলিভিছন সাক্ষাৎকাৰ পোষ্ট কৰিছে। পাৰমাণৱিক আক্ৰমণৰ পাছত দিয়া সাক্ষাৎকাৰত অপেনহেইমাৰে হিন্দু শাস্ত্ৰ ভাগৱত গীতাৰ অন্তৰ্গত এটা শাৰী উদ্ধৃত কৰিছে, য'ত লিখা আছে, "এতিয়া মই মৃত্যু, জগতৰ ধ্বংসকাৰী হৈ পৰিছো।"

অপেনহেইমাৰৰ সঠিক বাক্যকেইশাৰী আছিল: “আমি জানিছিলোঁ যে পৃথিৱীখনৰ একে নহ’ব। পাৰমাণৱিক আক্ৰমণৰ পাছত দুই এজনে হাঁহিলে, দুই এজনে কান্দিলে। বেছিভাগ মানুহেই নিমাত হৈ আছিল। হিন্দু শাস্ত্ৰৰ শাৰীটো ভাগৱতলৈ মনত পৰিল। শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ কৰ্তব্য পালন কৰিব লাগে বুলি বুজাবলৈ চেষ্টা কৰিছিল, আৰু তেওঁক সৈমান কৰিবলৈ শ্ৰীকৃষ্ণই বহুবাহু ৰূপ ধাৰণ কৰিছিল, আৰু কৈছিল: এতিয়া মই মৃত্যু, জগত ধ্বংসকাৰী হৈ পৰিছো”।

গীতাৰ প্ৰকৃত শাৰীটো হ’ল: “কালো অস্মি লোক ক্ষয় কৃতপ্ৰবিদ্ধো” (অধ্যায় ১১ শ্লোক ৩২), যাৰ অনুবাদ বুলি কোৱা হয়: “মই মৃত্যু, জগত ধ্বংসকাৰী”।

স্মৰ্তৱ্য যে,১৯৪৫ চনত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত এই পৰমাণু বোমা ব্যৱহাৰ কৰা হৈছিল। ‘লিটল বয়’ নামৰ প্ৰথমটো পাৰমাণৱিক বোমা আমেৰিকাই বি-২৯ বোমাৰু বিমান ইনোলা গেৰ পৰা নিক্ষেপ কৰিছিল, ঠিক পুৱা ৮:১৫ বজাত। তাৰিখ আছিল ১৯৪৫ চনৰ ৬ আগষ্ট।

‘ফেট মেন’ নাম দিয়া দ্বিতীয়টো পাৰমাণৱিক বোমা আমেৰিকাই পুৱা ১১:০২ বজাত আন এখন বি-২৯ বোমাৰু বিমান বকস্কাৰৰ পৰা জাপানৰ নাগাছাকি চহৰত নিক্ষেপ কৰে। তাৰিখ আছিল ১৯৪৫ চনৰ ৯ আগষ্ট।

এই সকলো কাহিন ন’লানে উপস্থাপন কৰিবলৈ আহিবলগীয়া চলচ্চিত্ৰ অপেনহেইমাৰৰ দ্বাৰা চেষ্টা কৰিছে আৰু ছবিখনক লৈ চলচ্চিত্ৰপ্ৰেমী বাৰুকৈয়ে উৎকণ্ঠিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে