--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যশস্বী চলচ্চিত্ৰ নিৰ্মাতা ক্রিষ্টোফাৰ ন’লানৰ ছবি অপেনহেইমাৰে আমেৰিকাৰ বিজ্ঞানী তথা পদাৰ্থবিদ জুলিয়াছ ৰবাৰ্ট অপেনহেইমাৰক পুনৰ চৰ্চালৈ আনিছে।বৰ্তমান প্ৰজন্মৰ মানুহে তেওঁৰ কাহিনী জানিব লাগিব, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কেনেকৈ আৰু কিয় পাৰমাণৱিক বোমা নিৰ্মাণ কৰিছিল সেই প্ৰেক্ষাপট বুজাটোও বাঞ্ছনীয়। ন’লানৰ আহিবলগীয়া ছবিখনত অভিনেতা চিলিয়ান মাৰ্ফীয়ে শিৰোনাম চৰিত্ৰ অপেনহেইমাৰৰ অভিনয় কৰিছে।

২০২৩ চনৰ ২১ জুলাইত বিশ্বৰ চিনেমাগৃহত মুক্তি পাবলৈ সাজু হৈছে অপেনহেইমাৰ।ছবিখন মুক্তিৰ পূৰ্বে জে ৰবাৰ্ট অপেনহাইমাৰৰ বিষয়ে কিছু কথা জানো আহক।

জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰৰ জন্ম হৈছিল ১৯০৪ চনৰ ২২ এপ্ৰিলত নিউয়ৰ্কত। ১৯৬৭ চনৰ ১৮ ফেব্ৰুৱাৰীত নিউ জাৰ্ছিৰ প্ৰিন্সটনত তেওঁৰ মৃত্যু হয়।অপেনহেইমাৰ এজন প্ৰখ্যাত বিজ্ঞানী আৰু তাত্ত্বিক পদাৰ্থবিদ  হিচাপে বিশ্বত নিজৰ জীৱনকালত পৰিগণিত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁক পৰমাণু বোমাৰ গৱেষণা, ডিজাইন আৰু বিকাশৰ দায়িত্ব দিয়া হৈছিল।


মানহাটন প্ৰজেক্ট কি আছিল?

পাৰমাণৱিক বোমাৰ বিকাশ নিউ মেক্সিকোৰ মানহাটন জিলাৰ মানহাটন প্ৰজেক্ট বা ‘প্ৰজেক্ট ৱাই’ৰ এটা অংশ আছিল। আমেৰিকা চৰকাৰৰ এই প্ৰকল্পৰ লক্ষ্য আছিল জাৰ্মানীয়ে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰাৰ আগতে পাৰমাণৱিক বোমা নিৰ্মাণ কৰা।

উল্লেখযোগ্য যে, জাপানৰ ওপৰত কৰা আক্ৰমণত পাৰমাণৱিক বোমা ব্যৱহাৰ কৰাৰ পক্ষত নাছিল অপেনহেইমাৰ৷

শেহতীয়াকৈ প্লেনিলুনপিকচাৰ্ছে ১৯৬৫ চনত অপেনহেইমাৰৰ সৈতে হোৱা এক টেলিভিছন সাক্ষাৎকাৰ পোষ্ট কৰিছে। পাৰমাণৱিক আক্ৰমণৰ পাছত দিয়া সাক্ষাৎকাৰত অপেনহেইমাৰে হিন্দু শাস্ত্ৰ ভাগৱত গীতাৰ অন্তৰ্গত এটা শাৰী উদ্ধৃত কৰিছে, য'ত লিখা আছে, "এতিয়া মই মৃত্যু, জগতৰ ধ্বংসকাৰী হৈ পৰিছো।"

অপেনহেইমাৰৰ সঠিক বাক্যকেইশাৰী আছিল: “আমি জানিছিলোঁ যে পৃথিৱীখনৰ একে নহ’ব। পাৰমাণৱিক আক্ৰমণৰ পাছত দুই এজনে হাঁহিলে, দুই এজনে কান্দিলে। বেছিভাগ মানুহেই নিমাত হৈ আছিল। হিন্দু শাস্ত্ৰৰ শাৰীটো ভাগৱতলৈ মনত পৰিল। শ্ৰীকৃষ্ণই অৰ্জুনক নিজৰ কৰ্তব্য পালন কৰিব লাগে বুলি বুজাবলৈ চেষ্টা কৰিছিল, আৰু তেওঁক সৈমান কৰিবলৈ শ্ৰীকৃষ্ণই বহুবাহু ৰূপ ধাৰণ কৰিছিল, আৰু কৈছিল: এতিয়া মই মৃত্যু, জগত ধ্বংসকাৰী হৈ পৰিছো”।

গীতাৰ প্ৰকৃত শাৰীটো হ’ল: “কালো অস্মি লোক ক্ষয় কৃতপ্ৰবিদ্ধো” (অধ্যায় ১১ শ্লোক ৩২), যাৰ অনুবাদ বুলি কোৱা হয়: “মই মৃত্যু, জগত ধ্বংসকাৰী”।

স্মৰ্তৱ্য যে,১৯৪৫ চনত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত এই পৰমাণু বোমা ব্যৱহাৰ কৰা হৈছিল। ‘লিটল বয়’ নামৰ প্ৰথমটো পাৰমাণৱিক বোমা আমেৰিকাই বি-২৯ বোমাৰু বিমান ইনোলা গেৰ পৰা নিক্ষেপ কৰিছিল, ঠিক পুৱা ৮:১৫ বজাত। তাৰিখ আছিল ১৯৪৫ চনৰ ৬ আগষ্ট।

‘ফেট মেন’ নাম দিয়া দ্বিতীয়টো পাৰমাণৱিক বোমা আমেৰিকাই পুৱা ১১:০২ বজাত আন এখন বি-২৯ বোমাৰু বিমান বকস্কাৰৰ পৰা জাপানৰ নাগাছাকি চহৰত নিক্ষেপ কৰে। তাৰিখ আছিল ১৯৪৫ চনৰ ৯ আগষ্ট।

এই সকলো কাহিন ন’লানে উপস্থাপন কৰিবলৈ আহিবলগীয়া চলচ্চিত্ৰ অপেনহেইমাৰৰ দ্বাৰা চেষ্টা কৰিছে আৰু ছবিখনক লৈ চলচ্চিত্ৰপ্ৰেমী বাৰুকৈয়ে উৎকণ্ঠিত৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু