--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতা ৫ ফুট ৮ ইঞ্চি, চিকুণ মুখ, গাখীৰৰ দৰে মসৃণ ছাল, বিদেশীনী কিন্তু তেওঁ এতিয়া এই দেশৰ নায়িকা। কেটৰিনা কাইফ হৈছে বলিউডৰ ‘বাৰ্বি ডল’। দেওবাৰে নায়িকাগৰাকীয়ে ভৰি থয় ৪০ বছৰ বয়সত। বিয়াৰ পিছত এয়া তেওঁৰ দ্বিতীয় জন্মদিন। বয়স বঢ়াৰ লগে লগে অধিক মোহময়ী হৈ আহিছে কেটৰিনা। কিন্তু এই ৰূপৰ ৰহস্যৰ আঁৰত কি?

কেটৰিনা খাদ্যৰ প্ৰতি অত্যন্ত সচেতন। ৰাতিপুৱা খালী পেটত আঠটা ভিজা কিচমিচ খাই দিনটোৰ আৰম্ভণি কৰে নায়িকাগৰাকীয়ে। কিচমিচ খালে হজম শক্তি উন্নত হয়। ওজন নিয়ন্ত্ৰণৰ বাবে ভাল হজম হোৱাটো গুৰুত্বপূৰ্ণ। সেইবাবেই কেটৰিনাই  ৰাতি তিয়াই থোৱা কিচমিচ খায়।

কেটৰিনাই চূপ বা তৰকাৰী খোৱাতকৈ কেঁচা সেউজীয়া আৰু শাক-পাচলিৰ ৰস খোৱাত বিশ্বাস কৰে। গতিকে তেওঁ প্ৰতিদিনে বিভিন্ন ধৰণৰ শাক-পাচলিৰ ৰস খায়। কেতিয়াবা পালেং শাক সেই তালিকাত থাকে, কেতিয়াবা গাজৰ।

দিনটোত দুবাৰকৈ গধুৰ আহাৰ খায় কেটৰিনাই। ঘৰতে প্ৰস্তুত কৰা খাদ্য খায় ভাল পায় তেওঁ। বিশেষকৈ সাগৰীয় মাছ প্ৰিয় তেওঁৰ। ইয়াৰ বাহিৰেও এভোকেডো চালাড, কুইনোয়া পেনকেক, লেটুচ ৰেপ তেওঁৰ প্ৰিয়।

কেটৰিনাৰ তৰল খাদ্যৰ প্ৰতি অহৰহ প্ৰৱণতা আছে। গতিকে শ্বুটিং হ’লে ষ্টু আৰু চূপ তেওঁৰ অন্যতম সংগী। কিন্তু চিকেন চূপ নহয়। ডাল আৰু ব্ৰকলিৰ সৈতে চূপ নায়িকাৰ প্ৰিয়। কাৰণ, ব্ৰকলিত আঁহ থাকে, যাৰ ফলত পাচনতন্ত্ৰৰ বিঘিনি কম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ