--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভূমিস্খলনে বিধ্বস্ত কৰিছে ছিকিমক। ভয়াৱহ ৰূপত ওফন্দি উঠিছে নৈসমূহ। পানীয়ে খহাই পেলাইছে বহু পথ। সেয়ে আবদ্ধ হৈ পৰিছে প্ৰায় ১,৫০০ পৰ্যটক।  আতংকিত হৈ পৰা পৰ্যটকসকলে তললৈ উভতি যাবলৈ হাহাকাৰ কৰিছে।  কিন্তু পাহাৰৰ পৰা কোন পথেৰে  নামিব সেই বিষয়ত কোনো উৱা-দিহ পোৱা নাই পৰ্যটকসকলে।

 উত্তৰ ছিকিমৰ সংকলন বেইলী দলং ভাঙি পৰাৰ ফলত জংগু, চুংথাং, লাচেন আৰু লাচুং বিচ্ছিন্ন হৈ পৰিছে। কমেও ডেৰ হাজাৰ পৰ্যটক তাত আবদ্ধ হৈ পৰিছে বুলি জানিব পৰা গৈছে। গেংটকত থকা পৰ্যটকসকলেও ঘৰলৈ উভতি  আহিব পৰা নাই।  ছিকিমত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত  উফন্দি উঠা তীস্তা নদীয়ে গেংটক-চিলিগুৰি ১০ নং ৰাষ্ট্ৰীয় ঘাইপথ বহু ঠাইত খহাই পেলাইছে। ফলত অনিৰ্দিষ্টকাললৈ বন্ধ হৈ পৰিছে পথটো। এই সন্দৰ্ভত  কালিম্পং জিলা দণ্ডাধীশে এক অধিসূচনা জাৰি কৰিছে । তাত কোৱা হৈছে যে লিখুভিদৰ ৰবিঝোৰা মেল্লী সেতুত ১০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ক্ষতিসাধন হৈছে।

ছিকিম প্ৰশাসনৰ সূত্ৰই জনোৱা মতে, বুধবাৰে নিশা হোৱা  বৰষুণ আৰু ভূমিস্খলনে কেইবাটাও অঞ্চল বিধ্বস্ত কৰি পেলাইছে। এতিয়ালৈকে কমেও ৬ জন লোকৰ মৃত্যু হৈছে। লাচেন, চুংথাং, মাংগানৰ বিভিন্ন পথ বন্ধ হৈ পৰিছে। ইয়াত আবদ্ধ হৈ আছে বহু পৰ্যটক। পৰ্যটকসকলক পথ মুকলি হ’লেই স্থানীয় হোটেলৰ পৰা গেংটকলৈ যাবলৈ পৰামৰ্শ দিছে প্ৰশাসনে।  ২০২৩ চনত ল’নাৰ্ক হ্ৰদৰ দুৰ্যোগৰ সময়তো এতিয়াৰ দৰেই পৰিবেশৰ সৃষ্টি হৈছিল। সেনা আৰু ছিকিম প্ৰশাসনৰ প্ৰচেষ্টাত উদ্ধাৰ অভিযান চলাই থকা হৈছে।  মংগন, জংগু আৰু চুংথাঙৰ মাজত থকা একমাত্ৰ সংযোগী দলংখন বানে উটুৱাই নিছে। 

বৃহস্পতিবাৰে বিয়লিৰে পৰা জেয়ংগু, চুংথাং, লাচেন আৰু লাচুঙৰ পথ বন্ধ হৈ পৰে। । কিন্তু ইয়াতেই পৰ্যটকৰ সংখ্যা বেছি। তেওঁলোকক উদ্ধাৰ  কৰিবলৈ ফিডাঙত বিকল্প দলং নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত আছে। উল্লেখ্য  দুসপ্তাহ পূৰ্বে বতৰ বিজ্ঞান বিভাগে সকীয়াই দিয়াৰ পিছতো উত্তৰ ছিকিমত বৰফ পৰা দেখি বহু পৰ্যটকে তালৈ গৈছিল।  প্ৰশাসনৰ সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি পৰ্যটকক উদ্ধাৰ কৰি গেংটকলৈ পঠিয়াবলৈ প্ৰস্তুতি চলোৱাৰ পিছতো বৰষুণৰ বাবে দুৰ্যোগ সঁহাৰি দলৰ কৰ্মীসকলে তললৈ  নামি আহিব নোৱাৰিলে। বতৰ বিজ্ঞান বিভাগৰ সূত্ৰ অনুসৰি আজিও  উত্তৰ ছিকিমত প্ৰচণ্ড বৰষুণ অব্যাহত থাকিব বুলি জনা গৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ