--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ ফকিৰগঞ্জ আৰক্ষী চকীৰ অন্তৰ্গত বিৰসিং গাওঁ পঞ্চায়তৰ বাসিন্দা বাহাৰ আলীৰ পুত্ৰ জয়নাল আবেদিন নামৰ যুৱক জনৰ চলন্ত ট্ৰেইনৰ পৰা পৰি মৃত্যু হৈছে।

জানিব পৰা মতে ঘটনা যোৱা নিশাৰ ভাগৰ৷ কিছুদিন পূৰ্বে কৰ্ম সূত্ৰে গুৱাহাটীত কাম কৰিবলৈ গৈছিল৷ গুৱাহাটীৰ পৰা ঘৰত ঈদ পালন কৰিবলৈ আহোতে যোৱা কালি ৰাতি ট্ৰেইনৰ দৰ্জাৰ সন্মূখত ৰিলচ্ ভিডিঅ' বনাওতে ঘটে উক্ত অঘটন। 

জয়নাল আবেদিন নামৰ যুৱক জনৰ লগৰীয়াই ম'বাইলত আবদ্ধ কৰা অৱস্থাত কেমেৰাৰ সন্মুখতে জয়নাল আবেদিন বাগৰি পৰে৷ পিছত লগৰীয়াই পৰবৰ্তী স্টেচনত নামি যুৱক জনক ততালিকে চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে৷ মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহটো আজি সন্ধিয়া ৬:৩০ বজাত ঘৰত আনে৷ লগৰীয়াজন এতিয়াও অসুস্থ বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ