--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱবৰ্ষটো সকলোৰে বাবে নতুন। নতুন উদ্যম, নতুন প্ৰতিশ্ৰুতি, নতুন সংকল্প। তাৰ মাজতে বিগত বছৰকেইটাত কোভিডসৃষ্ট পৰিৱেশৰ বাবে সকলো লোকে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। কিন্তু আগন্তুক বৰ্ষ যাতে সকলোকে সুখ-সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰক তাৰেই কামনাৰে শুভ নৱবৰ্ষ…।

স্মৰ্তব্য যে নৱবৰ্ষৰ পহিলা দিনটোত মন্দিৰলৈ গৈ আগন্তুক সময়খিনি আশাৰ আৰু প্ৰগতিৰে যায় সেয়াই সকলোৰে কাম্য। কিন্তু ইয়াৰ সমান্তৰালকৈ আমি ঘৰখনটো বাস্তু সম্পৰ্কীয় কিছু পৰিৱৰ্তনেও বছৰটো সফল কৰি তুলিব পাৰে। ইয়াৰ বাবে কেইটামান টিপছ জানো আহক।

 * ঘৰত কেলেণ্ডাৰখন কেৱল পূব, পশ্চিম বা উত্তৰ দিশত ৰাখক। ইয়াৰ ফলত সুখ-সমৃদ্ধি আৰু উন্নতি হয়। কেলেণ্ডাৰ উত্তৰ-পূব দিশে স্থাপন কৰাটো অতি শুভ। আনহাতে দক্ষিণ দিশত নতুন কেলেণ্ডাৰ স্থাপন কৰিলে ঘৰত নেতিবাচকতা আহি পৰে।

 * যদি আপোনাক আৰ্থিক সংকটে জুৰুলা কৰিছে আৰু ঘৰত বিবাদ চলি থাকে, তেন্তে আপোনাৰ ঘৰত টয়লেট বা ৱাছৰুমৰ দিশটো পৰীক্ষা কৰক। কাৰণ দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰা শৌচাগাৰে আপোনাক আৰ্থিক বাধাৰ সৃষ্টি কৰে। পাৰিলে ইয়াক অতি সোমকালে সলনি কৰি উত্তৰ বা উত্তৰ-পশ্চিম দিশে স্থাপন কৰিলে শুভ ফল লাভ কৰিব। কিন্তু মনত ৰাখিব যে শৌচাগাৰটো পাকঘৰৰ সন্মুখত বা কাষতে থাকিব নালাগে।

 * ঘৰত প্ৰতিটো সপ্তাহত নিমখীয়া পানীৰে মচক। প্ৰতি দেওবাৰে এই প্ৰতিকাৰ কৰাটো ভাল হ’ব। এনে কৰিলে ঘৰতে নেতিবাচকতা দূৰ হৈ ইতিবাচকতা আহে। ইয়াৰ উপৰি আপোনাৰ গা ধোৱাৰ পানীত অলপ সাগৰীয় নিমখ মিহলাই সপ্তাহত এবাৰ গা ধুব লাগে।

 * ঋণৰ বোজাই শেষ হোৱাৰ নাম লোৱা নাই, তেন্তে ঘৰৰ ভিতৰত উত্তৰ-পূব দিশত আইনা স্থাপন কৰক। ইয়াৰ ফলত ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। মন কৰিবলগীয়া কথা যে কাঁচৰ ৰং কেতিয়াও মেৰুণ, ৰঙা বা সেন্দুৰীয়া হ’ব নালাগে।

 * মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ সৰ্বোত্তম উপায় হ’ল তুলসীক পূজা কৰা। নৱবৰ্ষৰ দিনা ঘৰৰ উত্তৰ-পূব কোণত তুলসী গছ ৰোপণ কৰক। পুৱা তুলসী গছত পানী আগবঢ়াওক আৰু প্ৰতিদিনে সন্ধিয়া তুলসীৰ ওচৰত ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত ঘৰত সুখ, শান্তি অটুট থাকিব। মনত ৰাখিব যে দেওবাৰ আৰু একাদশী দিনা তুলসী স্পৰ্শ কৰিব নালাগে লগতে পানীও অৰ্পণ কৰিব নালাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু