--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নৱবৰ্ষটো সকলোৰে বাবে নতুন। নতুন উদ্যম, নতুন প্ৰতিশ্ৰুতি, নতুন সংকল্প। তাৰ মাজতে বিগত বছৰকেইটাত কোভিডসৃষ্ট পৰিৱেশৰ বাবে সকলো লোকে বিভিন্ন সমস্যাৰে জৰ্জৰিত হৈ আছে। কিন্তু আগন্তুক বৰ্ষ যাতে সকলোকে সুখ-সমৃদ্ধি আৰু শান্তিৰে ভৰি পৰক তাৰেই কামনাৰে শুভ নৱবৰ্ষ…।

স্মৰ্তব্য যে নৱবৰ্ষৰ পহিলা দিনটোত মন্দিৰলৈ গৈ আগন্তুক সময়খিনি আশাৰ আৰু প্ৰগতিৰে যায় সেয়াই সকলোৰে কাম্য। কিন্তু ইয়াৰ সমান্তৰালকৈ আমি ঘৰখনটো বাস্তু সম্পৰ্কীয় কিছু পৰিৱৰ্তনেও বছৰটো সফল কৰি তুলিব পাৰে। ইয়াৰ বাবে কেইটামান টিপছ জানো আহক।

 * ঘৰত কেলেণ্ডাৰখন কেৱল পূব, পশ্চিম বা উত্তৰ দিশত ৰাখক। ইয়াৰ ফলত সুখ-সমৃদ্ধি আৰু উন্নতি হয়। কেলেণ্ডাৰ উত্তৰ-পূব দিশে স্থাপন কৰাটো অতি শুভ। আনহাতে দক্ষিণ দিশত নতুন কেলেণ্ডাৰ স্থাপন কৰিলে ঘৰত নেতিবাচকতা আহি পৰে।

 * যদি আপোনাক আৰ্থিক সংকটে জুৰুলা কৰিছে আৰু ঘৰত বিবাদ চলি থাকে, তেন্তে আপোনাৰ ঘৰত টয়লেট বা ৱাছৰুমৰ দিশটো পৰীক্ষা কৰক। কাৰণ দক্ষিণ-পশ্চিম দিশত নিৰ্মাণ কৰা শৌচাগাৰে আপোনাক আৰ্থিক বাধাৰ সৃষ্টি কৰে। পাৰিলে ইয়াক অতি সোমকালে সলনি কৰি উত্তৰ বা উত্তৰ-পশ্চিম দিশে স্থাপন কৰিলে শুভ ফল লাভ কৰিব। কিন্তু মনত ৰাখিব যে শৌচাগাৰটো পাকঘৰৰ সন্মুখত বা কাষতে থাকিব নালাগে।

 * ঘৰত প্ৰতিটো সপ্তাহত নিমখীয়া পানীৰে মচক। প্ৰতি দেওবাৰে এই প্ৰতিকাৰ কৰাটো ভাল হ’ব। এনে কৰিলে ঘৰতে নেতিবাচকতা দূৰ হৈ ইতিবাচকতা আহে। ইয়াৰ উপৰি আপোনাৰ গা ধোৱাৰ পানীত অলপ সাগৰীয় নিমখ মিহলাই সপ্তাহত এবাৰ গা ধুব লাগে।

 * ঋণৰ বোজাই শেষ হোৱাৰ নাম লোৱা নাই, তেন্তে ঘৰৰ ভিতৰত উত্তৰ-পূব দিশত আইনা স্থাপন কৰক। ইয়াৰ ফলত ঘৰত সুখ-সমৃদ্ধি বৃদ্ধি হয়। মন কৰিবলগীয়া কথা যে কাঁচৰ ৰং কেতিয়াও মেৰুণ, ৰঙা বা সেন্দুৰীয়া হ’ব নালাগে।

 * মালক্ষ্মীৰ আশীৰ্বাদ লাভ কৰিবলৈ সৰ্বোত্তম উপায় হ’ল তুলসীক পূজা কৰা। নৱবৰ্ষৰ দিনা ঘৰৰ উত্তৰ-পূব কোণত তুলসী গছ ৰোপণ কৰক। পুৱা তুলসী গছত পানী আগবঢ়াওক আৰু প্ৰতিদিনে সন্ধিয়া তুলসীৰ ওচৰত ঘিউৰ চাকি জ্বলাওক। ইয়াৰ ফলত ঘৰত সুখ, শান্তি অটুট থাকিব। মনত ৰাখিব যে দেওবাৰ আৰু একাদশী দিনা তুলসী স্পৰ্শ কৰিব নালাগে লগতে পানীও অৰ্পণ কৰিব নালাগে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement