--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীঘ্ৰে ঘোষণা হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম৷ দেওবাৰে কংগ্ৰেছ বিধায়িনী দলে সভাপতি মল্লিকাৰ্জুন খৰ্গেক মুখ্যমন্ত্ৰীকেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে৷ 

শেহতীয়াকৈ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰ তীব্ৰ হোৱাৰ লগে লগে বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ছিদ্দাৰামাইয়াই দলীয় নেতৃত্বৰ ওচৰত এটা নতুন প্ৰস্তাৱ আগবঢ়াইছে৷ ছিদ্দাৰামায়াৰ প্ৰস্তাৱ অনুসৰি তেওঁ দুবছৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব পাৰে, আনহাতে ডি কে শিৱকুমাৰে বাকী তিনি বছৰৰ বাবে চৰকাৰখন পৰিচালনা কৰিব পাৰে।

ছিদ্দাৰামাইয়াই কৈছিল যে যিহেতু তেওঁৰ বয়স হৈ আহিছে, তেওঁ কংগ্ৰেছ চৰকাৰৰ প্ৰথমাৰ্ধটো কমেও অহা বছৰৰ লোকসভা নিৰ্বাচনলৈকে চলাব বিচাৰে। অৱশ্যে, ডি কে শিৱকুমাৰে প্ৰস্তাৱটো নাকচ কৰিছিল আৰু ৰাজস্থান আৰু ছত্তীশগড়ৰ প্ৰসংগ উল্লেখ কৰিছিল বুলি ধাৰণা কৰা হয়। কংগ্ৰেছ বিধায়িনী দলে (চিএলপি) কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অনুমোদন জনাই এক সৰ্বসন্মত প্ৰস্তাৱ গৃহীত কৰে। 

ইফালে, ছিদ্দাৰামায়াই দলৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছে আনহাতে কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই কয় যে কৰ্ণাটকৰ দলীয় পৰ্যবেক্ষকসকলে আজি নিশাৰ ভিতৰত মল্লিকাৰ্জুন খৰ্গেৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।
 
আনহাতে, কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আবেলি ৪ বজাত দিল্লীলৈ ৰাওনা হৈছে৷ পুৱা কংগ্ৰেছ নেতা আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ছিদ্দাৰামায়ায়ো দলৰ জ্যেষ্ঠ নেতাসকলক লগ কৰিবলৈ বেংগালুৰুৰ পৰা দিল্লীলৈ উৰা মাৰিছে৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস