--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শীঘ্ৰে ঘোষণা হ’ব কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম৷ দেওবাৰে কংগ্ৰেছ বিধায়িনী দলে সভাপতি মল্লিকাৰ্জুন খৰ্গেক মুখ্যমন্ত্ৰীকেন্দ্ৰিক সিদ্ধান্ত গ্ৰহণৰ বাবে কৰ্তৃত্ব প্ৰদান কৰে৷ 

শেহতীয়াকৈ কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ দৌৰ তীব্ৰ হোৱাৰ লগে লগে বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে যে ছিদ্দাৰামাইয়াই দলীয় নেতৃত্বৰ ওচৰত এটা নতুন প্ৰস্তাৱ আগবঢ়াইছে৷ ছিদ্দাৰামায়াৰ প্ৰস্তাৱ অনুসৰি তেওঁ দুবছৰৰ বাবে মুখ্যমন্ত্ৰী হ’ব পাৰে, আনহাতে ডি কে শিৱকুমাৰে বাকী তিনি বছৰৰ বাবে চৰকাৰখন পৰিচালনা কৰিব পাৰে।

ছিদ্দাৰামাইয়াই কৈছিল যে যিহেতু তেওঁৰ বয়স হৈ আহিছে, তেওঁ কংগ্ৰেছ চৰকাৰৰ প্ৰথমাৰ্ধটো কমেও অহা বছৰৰ লোকসভা নিৰ্বাচনলৈকে চলাব বিচাৰে। অৱশ্যে, ডি কে শিৱকুমাৰে প্ৰস্তাৱটো নাকচ কৰিছিল আৰু ৰাজস্থান আৰু ছত্তীশগড়ৰ প্ৰসংগ উল্লেখ কৰিছিল বুলি ধাৰণা কৰা হয়। কংগ্ৰেছ বিধায়িনী দলে (চিএলপি) কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰিবলৈ কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেক অনুমোদন জনাই এক সৰ্বসন্মত প্ৰস্তাৱ গৃহীত কৰে। 

ইফালে, ছিদ্দাৰামায়াই দলৰ জ্যেষ্ঠ নেতাসকলক সাক্ষাৎ কৰিবলৈ দিল্লীলৈ ৰাওনা হৈছে আনহাতে কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজেৱালাই কয় যে কৰ্ণাটকৰ দলীয় পৰ্যবেক্ষকসকলে আজি নিশাৰ ভিতৰত মল্লিকাৰ্জুন খৰ্গেৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব।
 
আনহাতে, কংগ্ৰেছ নেতা ডি কে শিৱকুমাৰ আবেলি ৪ বজাত দিল্লীলৈ ৰাওনা হৈছে৷ পুৱা কংগ্ৰেছ নেতা আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ দাবীদাৰ ছিদ্দাৰামায়ায়ো দলৰ জ্যেষ্ঠ নেতাসকলক লগ কৰিবলৈ বেংগালুৰুৰ পৰা দিল্লীলৈ উৰা মাৰিছে৷












FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়