--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে ক্ৰমাৎ দেশত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ। সোমবাৰে ভাৰত মহাসাগৰত জব্দ কৰা হৈছে কোটি কোটি টকাৰ মূল্যৰ ড্ৰাগছ। দেওবাৰৰ দিনটোত নাৰ্কোটিক কন্ট্ৰোল ব্যু'ৰ (এন চি বি) আৰু ভাৰতীয় নৌ সেনাৰ যুটীয়া অভিযানত এখন জাহাজত ২৫ হাজাৰ কোটি টকাৰ মূল্যৰ বিভিন্ন ধৰণৰ ড্ৰাগছ জব্দ কৰা হয়।

এনচিবিৰ এজন বিষয়াই সদৰী কৰা অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২৫২৪ কিলোগ্ৰাম। জব্দকৃত ড্ৰাগছসমূহৰ মুঠ ১৩৪ বস্তা জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছিল। আৰু উদ্ধাৰ হোৱা ড্ৰাগছৰ প্ৰতিটো পেকেটত ১ কেজিকৈ ড্ৰাগছ আছিল বুলি উল্লেখ কৰিছে এনচিবিৰ এজন বিষয়াই। ২৫ হাজাৰ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰাটো বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে।

ড্ৰাগছ সৰবৰাহৰ জড়িত থকা অভিযোগত এজন পাকিস্তানী নাগৰিক গ্ৰেপ্তাৰ হৈছে। অভিযুক্ত বিদেশী নাগৰিকগৰাকীক সোমবাৰৰ সন্ধিয়া আদালতত হাজিৰ কৰোৱা হ'ব।

উল্লেখ্যে যে এন চি বিৰ উপ সঞ্চালক সঞ্জয় সিঙে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছৰ পাকিস্তানৰ পৰা অনা হৈছে। আৰু এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপলৈ সৰবৰাহৰ বাবে অনা হৈছিল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস