--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে ড্ৰাগছ বিৰোধী অভিযান চলি থকাৰ মাজতে ক্ৰমাৎ দেশত বৃদ্ধি পাইছে ড্ৰাগছ সৰবৰাহ। সোমবাৰে ভাৰত মহাসাগৰত জব্দ কৰা হৈছে কোটি কোটি টকাৰ মূল্যৰ ড্ৰাগছ। দেওবাৰৰ দিনটোত নাৰ্কোটিক কন্ট্ৰোল ব্যু'ৰ (এন চি বি) আৰু ভাৰতীয় নৌ সেনাৰ যুটীয়া অভিযানত এখন জাহাজত ২৫ হাজাৰ কোটি টকাৰ মূল্যৰ বিভিন্ন ধৰণৰ ড্ৰাগছ জব্দ কৰা হয়।

এনচিবিৰ এজন বিষয়াই সদৰী কৰা অনুসৰি জব্দ কৰা ড্ৰাগছখিনিৰ পৰিমাণ ২৫২৪ কিলোগ্ৰাম। জব্দকৃত ড্ৰাগছসমূহৰ মুঠ ১৩৪ বস্তা জাহাজৰ পৰা উদ্ধাৰ কৰা হৈছিল। আৰু উদ্ধাৰ হোৱা ড্ৰাগছৰ প্ৰতিটো পেকেটত ১ কেজিকৈ ড্ৰাগছ আছিল বুলি উল্লেখ কৰিছে এনচিবিৰ এজন বিষয়াই। ২৫ হাজাৰ কোটি টকাৰ মূল্যৰ ড্ৰাগছ জব্দ কৰাটো বৃহৎ সাফল্য হিচাপে বিবেচিত হৈছে।

ড্ৰাগছ সৰবৰাহৰ জড়িত থকা অভিযোগত এজন পাকিস্তানী নাগৰিক গ্ৰেপ্তাৰ হৈছে। অভিযুক্ত বিদেশী নাগৰিকগৰাকীক সোমবাৰৰ সন্ধিয়া আদালতত হাজিৰ কৰোৱা হ'ব।

উল্লেখ্যে যে এন চি বিৰ উপ সঞ্চালক সঞ্জয় সিঙে জনোৱা অনুসৰি জব্দকৃত ড্ৰাগছৰ পাকিস্তানৰ পৰা অনা হৈছে। আৰু এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপলৈ সৰবৰাহৰ বাবে অনা হৈছিল।














FOLLOW US F
POPULAR
FEATURE
TRENDY
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
পাক-ভাৰত সীমান্তৰ পৰা ১৫ পাকিস্তানী মাছমৰীয়াক আটক
'বিশ্ব অর্থনীতিৰ প্ৰৱাহ সলনি কৰিব পৰা শক্তিৰ অধিকাৰী হৈছে ভাৰত', 'ইক 'নমিক টাইম'ৰ ৱৰ্ল্ড লীডাৰ্ছ ফ'ৰামত প্ৰধানমন্ত্ৰীৰ দাবী
পণবন্দীৰ মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিলে সহস্রাধিক ইজৰাইলীয়ে
বৰপেটাৰোডত অবৈধ ৬ টকীয়া লটাৰী টিকট বিক্ৰেতাক আটক
বিহাৰৰ ভোটাৰ তালিকাত ২ পাকিস্তানী মহিলাৰ নাম!
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
ভাৰতত আৰম্ভ হ'ল iphone 17 ৰ উৎপাদন! ভাৰতৰ কোনবোৰ ৰাজ্যত আইফোন তৈয়াৰ কৰা হয় জানেনে?
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ