ডিজিটেল ডেস্ক : অসমৰ এগৰাকী ব্যৱসায়ীয়ে ক্ৰয় কৰিলে বলীউডৰ শ্বাহেনশ্বাহ অমিতাভ বচ্চনৰ বাসগৃহ। দেশৰ সাংস্কৃতিক জগতৰ এইগৰাকী প্ৰখ্যাত প্ৰতিনিধিৰ সাফল্যৰ খতিয়ান যিদৰে দি শেষ কৰিব নোৱাৰি একেদৰে তেওঁৰ সম্পত্তিৰ পৰিমাণো থাউকতে হিচাপ কৰি উলিওৱা সম্ভৱ নহয়। মুম্বাইৰ বিভিন্ন স্থানত আছে তেওঁৰ প্ৰাসাদোপম বাসগৃহ। পিছে অমিতাভে দিল্লীত থকা তেওঁৰ এটা সম্পত্তি অলপতে বিক্ৰী কৰে। দিল্লীত থকা তেওঁৰ এই ‘সোপান’ নামৰ ঘৰটো বিক্ৰীৰ খবৰটো বৰ নতুন খবৰ নহয়। কিন্তু এই খবৰটোৰ আঁৰতহে আছে এটা নতুন খবৰ। সেয়া হৈছে দিল্লীৰ গুলমোহৰ পাৰ্কত থকা এই ভৱনটো অমিতাভৰ পৰা ক্ৰয় কৰিছে অসমৰ এগৰাকী ব্যৱসায়ীয়ে। ২৩ কোটি টকাত অমিতাভৰ এই সম্পত্তি বিক্ৰী কৰা বুলি জানিব পৰা গৈছে।
অমিতাভ বচ্চনৰ পিতৃ হৰিবংশ ৰায় বচ্চন আৰু মাতৃ তেজী বচ্চনে দিল্লীৰ এই বাসগৃহটোত বাস কৰিছিল। তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে, এই বাসভৱনটো ক্ৰয় কৰিছে অসমৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতিয়ে। অমিতাভ বচ্চনৰ পিতৃ-মাতৃৰ স্মৃতি বিজড়িত বাসগৃহটো নিজ’ন গ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া বা চিইঅ’ অৱনী বাডেৰে ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অসমৰ সন্তান তথা এগৰাকী সফল উদ্যোগপতি অৱৱী বাদেৰ এই পদক্ষেপৰ পাছতে চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে। তিনি দশকৰো অধিক সময় ধৰি বচ্চন পৰিয়ালৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল বুলি প্ৰকাশ পাইছে। বচ্চন পৰিয়ালৰ সম্পত্তি নিজৰ কৰিবলৈ সক্ষম হোৱা উদ্যোগপতিগৰাকীয়ে কয় যে, আমি বহু বছৰ ধৰি এই অঞ্চলত বসবাস কৰি আছোঁ আৰু এটা পৃথক সম্পত্তিৰ সন্ধান কৰি আছিলোঁ। যেতিয়াই এই সম্পত্তি ক্ৰয় কৰাৰ প্ৰস্তাৱ মই লাভ কৰিলোঁ লগে লগে এই প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ। তেওঁ অৱশ্যে লগতে কয় যে, ঘৰটো পুৰণি হৈ পৰা কাৰণে তেওঁ এইটো ভাঙি তেওঁলোকৰ প্ৰয়োজন অনুসৰি নতুন ঘৰ নিৰ্মাণ কৰিব।
উল্লেখ্য যে, অৱনী বাডেৰে ১৯৯৬ চনত নিজ’ন গ্ৰুপ প্ৰতিষ্ঠা কৰিছিল। তেওঁ খুব কম সময়ৰ ভিতৰতে নিজ’নক উত্তৰ পূবৰ এটা অগ্ৰণী আৰু মানসম্পত্ত খাদ্যসামগ্ৰী উৎপাদনকাৰী প্ৰতিষ্ঠান হিচাপে গঢ় দিবলৈ সক্ষম হয়। তেজপুৰৰ এটা সম্ভ্ৰান্ত ব্যৱসায় পৰিয়ালৰ সন্তান অৱনী বাডেৰে তেজপুৰৰ দৰং কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰিছিল। তাৰ পাছত ১৯৮৯চনত তেওঁ স্নাতকোত্তৰ শিক্ষা গ্ৰহণৰ বাবে ছুইজাৰলেণ্ডলৈ যায়। ছেইণ্ট গালেনত থকা ছুইছ স্কুল অব মিলিং টেকন’লজীৰ পৰা তেওঁ স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে। ২০০৪চনত তেওঁ হাৰ্ভাৰ্ড বিজনেছ স্কুলৰ পৰাও তিনিবছৰীয়া অ’নাৰ্ছ প্ৰেচিডেণ্ট মেনেজমেণ্টক ডিগ্ৰী লাভ কৰে। সেই বছৰেই এনই টিভি-এ তেওঁক উত্তৰ পূবৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ আৰু উদীয়মান ব্যৱসায়ী আখ্যা দিয়ে।
উল্লেখ্য যে, অৱনী বাডেৰে ব্যাপক প্ৰসাৰ আৰু প্ৰতিষ্ঠা দিবলৈ সক্ষম হোৱা নিজ’ন গ্ৰুপৰ প্ৰথমটো বীজ কিন্তু প্ৰস্ফূটিত হৈছিল তেওঁৰ পূৰ্বপুৰুষসকলৰ হাততে। ১৯৫৫চনতে অৰ্থাৎ দেশৰ স্বাধীনতাৰ ৮ বছৰৰ পাছতে বাডেৰ পৰিয়ালে অসমৰ প্ৰথমটো ধান বনা কল স্থাপন কৰিছিল। সেইটোকে আৰম্ভণি বিন্দু বুলি ধৰিলে তাৰ পৰাই বাডেৰ পৰিয়ালে তেওঁলোকৰ ব্যৱসায়িক কাম-কাজ আগুৱাই লৈ যাবলৈ সক্ষম হয়। তাৰ পাছত নিজ’ন গ্ৰুপ প্ৰতিষ্ঠা হয় আৰু ১৯৯৬ চনত নিজ’ন বিস্কুটৰ লগতে বিভিন্ন খাদ্যসামগ্ৰীৰ উৎপাদন আৰম্ভ কৰা হয়। নিজ’নে গ্ৰুপে আটা, চুজি, বিস্কুট, ময়দাকে ধৰি অৰ্ধশতাধিক খাদ্য সমাগ্ৰীৰ উৎপাদন কৰি আহিছে। আৰু তেওঁলোকৰ ব্যৱসায় উত্তৰ পূবৰ আটাইকেইখন ৰাজ্যৰ লগতে সম্প্ৰসাৰিত হৈছে ভূটানৰ দৰে দেশলৈকো।
এইগৰাকী উদ্যোগপতিয়ে এতিয়া বচ্চন পৰিয়ালৰ স্মৃতি বিজড়িত সম্পদ নিজৰ নামলৈ আনিবলৈ সক্ষম হোৱটো বিশেষ সাফল্য হিচাপে বিবেচিত হৈছে। বচ্চন পৰিয়ালৰ এই সম্পত্তিৰ গৰাকী হ’বলৈ সক্ষম হোৱা বাডেৰ এতিয়া স্বাভাৱিকতেই চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছে।