--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাইলৈ সমগ্ৰ দেশতে মহাশিৱৰাত্ৰি উৎসৱ উদযাপন কৰা হ’ব। এই পূজাৰ দিনটোত উপবাসে থাকি শিৱক কৰা হ’ব পূজা-অৰ্চনা। শিৱ অলপ গংগাজল আৰু বেলপাততে সন্তুষ্ট হয়। দেৱতা ভেদে উপাসনা কৰা বিধি পৃথক-জটিল, বৈচিত্ৰ্যপূৰ্ণ, দীঘল। কিন্তু শিৱ পূজা সদায় সৰল। শিৱৰাত্ৰিৰ নিশা, চাৰিটা প্ৰহৰত কৰা হয় শিৱক উপসানা। চাৰিটা প্ৰহৰৰ চাৰিটা মন্ত্ৰও আছে। সেই মন্ত্ৰেৰে উপাসনা কৰা হয় শিৱক৷ শাস্ত্ৰ অনুসৰি, প্ৰথম প্ৰহৰৰ মন্ত্ৰ হৈছে ‘হৰিং ঈশানাত নমঃ’। এই মন্ত্ৰ জপ্ কৰাৰ লগতে মহাদেৱক গাখীৰেৰে অভিসিক্ত কৰা হয়৷ ইয়াক প্ৰাথমিক নিয়ম বুলিও কোৱা হয়। তাৰ পাছত আহে দ্বিতীয়টো মন্ত্ৰ। সেইটো হৈছে- ‘হিং অঘোৰা’ৰ মন্ত্ৰ। এই মন্ত্ৰ উচ্চাৰণ কৰি দৈৰে মহেশ্বৰৰ অভিষেক কৰিব লাগে৷ এই প্ৰথাটোত শিৱ অভিষেকৰ বাবে গুৰুত্বপূৰ্ণ। তৃতীয় প্ৰহৰৰ মন্ত্ৰ হৈছে - ‘হৰিং বামদেৱত নমঃ’। এই মন্ত্ৰ উচ্চাৰণ কৰি, ঘিউৰ সৈতে শিৱৰ অভিষেক সম্পন্ন কৰা হয়। তাৰপাছত আহে চতুৰ্থ প্ৰহাৰৰ মন্ত্ৰ। সেয়া হ’ল - ‘হৰি সাধ্যোজাতায় নমঃ’। দেৱদিদেৱক এই মন্ত্ৰ জপ্ কৰি মৌৰে অভিসিক্ত কৰা হয়। শিৱক কৰা পুষ্পাঞ্জলিৰ নিয়ম সুকীয়া। অঞ্জলিৰ সময়ত মন্ত্ৰ উচ্চাৰণ কৰি চন্দন, ফুল আৰু বেলপাতৰ সৈতে এক, তিনি বা পাঁচবাৰ দিব লাগিব। পুষ্পঞ্জলিৰ মন্ত্ৰ এনেধৰণৰ: ‘ওঁ নমো শিবায় এষ সচন্দনপুষ্পবিল্বপত্রাঞ্জলি নমো শিবায় নমঃ।’ কোৱা হয় যে এনেদৰে, প্ৰণালীবদ্ধভাৱে পূজা কৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা