--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : কাইলৈ সমগ্ৰ দেশতে মহাশিৱৰাত্ৰি উৎসৱ উদযাপন কৰা হ’ব। এই পূজাৰ দিনটোত উপবাসে থাকি শিৱক কৰা হ’ব পূজা-অৰ্চনা। শিৱ অলপ গংগাজল আৰু বেলপাততে সন্তুষ্ট হয়। দেৱতা ভেদে উপাসনা কৰা বিধি পৃথক-জটিল, বৈচিত্ৰ্যপূৰ্ণ, দীঘল। কিন্তু শিৱ পূজা সদায় সৰল। শিৱৰাত্ৰিৰ নিশা, চাৰিটা প্ৰহৰত কৰা হয় শিৱক উপসানা। চাৰিটা প্ৰহৰৰ চাৰিটা মন্ত্ৰও আছে। সেই মন্ত্ৰেৰে উপাসনা কৰা হয় শিৱক৷ শাস্ত্ৰ অনুসৰি, প্ৰথম প্ৰহৰৰ মন্ত্ৰ হৈছে ‘হৰিং ঈশানাত নমঃ’। এই মন্ত্ৰ জপ্ কৰাৰ লগতে মহাদেৱক গাখীৰেৰে অভিসিক্ত কৰা হয়৷ ইয়াক প্ৰাথমিক নিয়ম বুলিও কোৱা হয়। তাৰ পাছত আহে দ্বিতীয়টো মন্ত্ৰ। সেইটো হৈছে- ‘হিং অঘোৰা’ৰ মন্ত্ৰ। এই মন্ত্ৰ উচ্চাৰণ কৰি দৈৰে মহেশ্বৰৰ অভিষেক কৰিব লাগে৷ এই প্ৰথাটোত শিৱ অভিষেকৰ বাবে গুৰুত্বপূৰ্ণ। তৃতীয় প্ৰহৰৰ মন্ত্ৰ হৈছে - ‘হৰিং বামদেৱত নমঃ’। এই মন্ত্ৰ উচ্চাৰণ কৰি, ঘিউৰ সৈতে শিৱৰ অভিষেক সম্পন্ন কৰা হয়। তাৰপাছত আহে চতুৰ্থ প্ৰহাৰৰ মন্ত্ৰ। সেয়া হ’ল - ‘হৰি সাধ্যোজাতায় নমঃ’। দেৱদিদেৱক এই মন্ত্ৰ জপ্ কৰি মৌৰে অভিসিক্ত কৰা হয়। শিৱক কৰা পুষ্পাঞ্জলিৰ নিয়ম সুকীয়া। অঞ্জলিৰ সময়ত মন্ত্ৰ উচ্চাৰণ কৰি চন্দন, ফুল আৰু বেলপাতৰ সৈতে এক, তিনি বা পাঁচবাৰ দিব লাগিব। পুষ্পঞ্জলিৰ মন্ত্ৰ এনেধৰণৰ: ‘ওঁ নমো শিবায় এষ সচন্দনপুষ্পবিল্বপত্রাঞ্জলি নমো শিবায় নমঃ।’ কোৱা হয় যে এনেদৰে, প্ৰণালীবদ্ধভাৱে পূজা কৰি মহাদেৱৰ আশীৰ্বাদ লাভ কৰিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক