--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কমিছে। এতিয়া সংবাদ শিৰোনামালৈ আহিছে জু্ম্বী ভাইৰাছ। ৰাছিয়াৰ বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা এই ভাইৰাছে শেহতীয়াকৈ উদ্বীগ্ন কৰি তুলিছে বিজ্ঞানীমহলক। কিন্তু কি এই জু্ম্বী ভাইৰাছ?

 

বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, ৰাছিয়াৰ বৰফে ঢকা হ্ৰদৰ তলৰ পৰা উদ্ধাৰ কৰা ভাইৰাছটোৰ বয়স প্ৰায় ৪৮ হাজাৰ ৫০০ বছৰ। উদ্ধাৰ কৰাৰ পাছতে ভাইৰাছবিধক পুনৰুজ্জীৱিত কৰে বিজ্ঞানীসকলে।

 

পুনৰুজ্জীৱিত কৰাৰ পাছত বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে যে ভাইৰাছবিধে এতিয়াও সংক্ৰমণ কৰিবলৈ সক্ষম। তেওঁলোকে আশংকা কৰিছে যে জুম্বী ভাইৰাছৰ পৰাও হয়তো অতি সোনকালে আন এটা মহামাৰীৰ জন্ম হ’ব পাৰে।

 

জুম্বী ভাইৰাছৰ সন্ধান লাভ কৰিছে ফ্ৰান্সৰ বিজ্ঞানীসকলে। তেওঁলোকে প্ৰকাশ কৰা মতে, মানুহ, পশু অথবা উদ্ভিদৰ মাজত এই ভাইৰাছবিধে সংক্ৰমণ ঘটাব পাৰে। আধুনিক বিজ্ঞানৰ অতি অপৰিচীত এই ভাইৰাছবিধে ভয়ংকৰ অসুখ বিয়পাবলৈ সক্ষম।

 

আটাইতকৈ ভয়ংকৰ কথাটো হ’ল গ্ল’বেল ৱাৰ্মিঙৰ ফলত ৰাছিয়াৰ অনেক অঞ্চলৰ বৰফসমূহ গলিব ধৰিছে। পৃথিৱীৰ আৰম্ভণিৰে বৰফে ঢাকি ৰখা পাৰ্মাফ্ৰষ্টসমূহো গলিব ধৰিছে। জুম্বী ভাইৰাছে এইসমূহতে ১০ লাখ বছৰ ধৰি বাস কৰি আহিছে। তাৰ মাজৰে ৪৮ হাজাৰ ৫০০ বছৰ পুৰণি এটা ভাইৰাছক পুনৰুজ্জীৱিত কৰিছে বিজ্ঞানীসকলে।

 

যদি গ্ল’বেল ৱাৰ্মিং বৃদ্ধি পাই গৈ থাকে, তেন্তে মানুহৰ ইতিহাসত জুম্বী ভাইৰাছে উপদ্ৰৱ ঘটাব পাৰে বুলি বিজ্ঞানীমহলে আশং

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু