--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰোণা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কমিছে। এতিয়া সংবাদ শিৰোনামালৈ আহিছে জু্ম্বী ভাইৰাছ। ৰাছিয়াৰ বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা এই ভাইৰাছে শেহতীয়াকৈ উদ্বীগ্ন কৰি তুলিছে বিজ্ঞানীমহলক। কিন্তু কি এই জু্ম্বী ভাইৰাছ?

 

বিজ্ঞানীসকলে প্ৰকাশ কৰা মতে, ৰাছিয়াৰ বৰফে ঢকা হ্ৰদৰ তলৰ পৰা উদ্ধাৰ কৰা ভাইৰাছটোৰ বয়স প্ৰায় ৪৮ হাজাৰ ৫০০ বছৰ। উদ্ধাৰ কৰাৰ পাছতে ভাইৰাছবিধক পুনৰুজ্জীৱিত কৰে বিজ্ঞানীসকলে।

 

পুনৰুজ্জীৱিত কৰাৰ পাছত বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে যে ভাইৰাছবিধে এতিয়াও সংক্ৰমণ কৰিবলৈ সক্ষম। তেওঁলোকে আশংকা কৰিছে যে জুম্বী ভাইৰাছৰ পৰাও হয়তো অতি সোনকালে আন এটা মহামাৰীৰ জন্ম হ’ব পাৰে।

 

জুম্বী ভাইৰাছৰ সন্ধান লাভ কৰিছে ফ্ৰান্সৰ বিজ্ঞানীসকলে। তেওঁলোকে প্ৰকাশ কৰা মতে, মানুহ, পশু অথবা উদ্ভিদৰ মাজত এই ভাইৰাছবিধে সংক্ৰমণ ঘটাব পাৰে। আধুনিক বিজ্ঞানৰ অতি অপৰিচীত এই ভাইৰাছবিধে ভয়ংকৰ অসুখ বিয়পাবলৈ সক্ষম।

 

আটাইতকৈ ভয়ংকৰ কথাটো হ’ল গ্ল’বেল ৱাৰ্মিঙৰ ফলত ৰাছিয়াৰ অনেক অঞ্চলৰ বৰফসমূহ গলিব ধৰিছে। পৃথিৱীৰ আৰম্ভণিৰে বৰফে ঢাকি ৰখা পাৰ্মাফ্ৰষ্টসমূহো গলিব ধৰিছে। জুম্বী ভাইৰাছে এইসমূহতে ১০ লাখ বছৰ ধৰি বাস কৰি আহিছে। তাৰ মাজৰে ৪৮ হাজাৰ ৫০০ বছৰ পুৰণি এটা ভাইৰাছক পুনৰুজ্জীৱিত কৰিছে বিজ্ঞানীসকলে।

 

যদি গ্ল’বেল ৱাৰ্মিং বৃদ্ধি পাই গৈ থাকে, তেন্তে মানুহৰ ইতিহাসত জুম্বী ভাইৰাছে উপদ্ৰৱ ঘটাব পাৰে বুলি বিজ্ঞানীমহলে আশং

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক