--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কৰো’নাৰ সংক্ৰমণ শেষ হোৱাই নাই, এইবাৰ দেশত আতংক টমেট’ ফ্লু! এই ৰোগৰ ভয়াবহ সংক্ৰমণক লৈ কিছুদিনৰ পৰা চৰ্চাত আছে। কৰো’না মহামাৰীৰ দ্বাৰা বিধ্বস্ত কেৰালাত টমেট’ ফ্লুৰ প্ৰাদুৰ্ভাৱৰ ফলত স্বাস্থ্য খণ্ডত উদ্বেগৰ বৃদ্ধি পাইছে। সংক্ৰমণ লাহে-লাহে কেৰালাৰ কোল্লাম জিলালৈ বিয়পি পৰিছে। শুক্ৰবাৰে লৈকে, কেৰেলাত টমেট’ ফ্লুত আক্ৰান্ত লোকৰ সংখ্যা আছিল ৮২। এই ৰোগ মুখ্যতঃ শিশুৰ শৰীৰত হয়। শৰীৰত জ্বৰ আৰু দেহত পানীৰ ফোঁহা হোৱাৰ লক্ষণ দেখা যায়।

 

কেৰালাই টমেট’ ফ্লুৰ সৈতে কেনেদৰে মোকাবিলা কৰিবলৈ সক্ষম হ?

 

কেৰালাৰ কোল্লামত সংক্ৰমণ কেনেদৰে বিয়পি পৰিছিল, তাক পৰ্যবেক্ষণ কৰিবলৈ ৰাজ্যিক স্বাস্থ্য বিভাগে এক বিশেষ নিৰীক্ষণ দল গঠন কৰিছে। অংগনৱাড়ী কৰ্মীসকলে সংক্ৰমিত হোৱা পাঁচ বছৰৰ তলৰ শিশুৰ গতি-বিধি নিৰীক্ষণ কৰি আছে। স্বাস্থ্য বিভাগে স্থানীয় প্ৰশাসন আৰু অংগনৱাড়ী কৰ্মীৰ সৈতে নিয়মীয়া যোগাযোগত আছে। ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বীনা জৰ্জে এক সৰ্বভাৰতীয় প্ৰেছ বিজ্ঞপ্তিত কয়, "আমি গাওঁসমূহত নিৰীক্ষণ দল গঠন কৰিছো। মই স্বাস্থ্য কৰ্মীসকলক এক সজাগতা অভিযানৰ বাবে পঠিয়াইছো। যিবোৰ এলেকাত সংক্ৰমণ বিয়পি বৃদ্ধি হৈছে, তাৰ শিশুসকলক পৃথক কৰা হৈছিল। ''

 

তামিলনাডু আৰু কৰ্ণাটককো টমেট’ ফ্লুক লৈ সৰ্তকতা জাৰি কৰিছে। তামিলনাডু চৰকাৰৰ সংক্ৰমণ বৃদ্ধি পোৱা অঞ্চলত পৰ্যৱেক্ষণ কেন্দ্ৰ খুলিছে। পৰিষ্কাৰ-পৰিচ্চন্নতা বজাই ৰাখিব কোৱা হৈছে যাতে  সংক্ৰমণ বিয়পি নাযায়। কোল্লামৰ জিলা স্বাস্থ্য বিষয়া ডাঃ বিন্দু মোহনে ক', "সকলোৱে পৰ্যাপ্ত পানী খাব লাগিব। সংক্ৰমিত শিশুক পৃথকে ৰাখিব লাগে। জ্বৰ আৰোগ্য হ'বলৈ ৭-১০ দিন লাগিব। যদি লক্ষণবোৰ দেখা দিয়ে, চিকিসকৰ ওচৰলৈ যাওঁক। ''

 

লক্ষণীয় যে কেৰালা-তামিলনাডু সীমান্তৰ কাষৰ আৰিয়ানকাভু, নেৰুভাটুৰ গাঁৱত প্ৰথম টমেট’ ফ্লু ধৰা পৰিছিল। তাৰ পাছত ই আন ঠাইতো বিয়পি পৰিছিল। ৬ মে', এৰিয়ানকাভুত প্ৰথমে এটা চাৰি বছৰীয়া শিশুৰ টমেট’ ফ্লু সংক্ৰমণ হোৱা দেখা গৈছিল। পোহৰলৈ আহিছে যে যিবোৰ এলেকাত সংক্ৰমণ বৃদ্ধি পাইছে, সেই বোৰত ঠাইত পূৰ্বতে ডেংগু আৰু চিকুনগুনিয়া দেখা গৈছিল। ২০০৭ চনৰ পৰা, কেৰালাৰ কোল্লামত চিকুনগুনিয়াত ভুগি থকা ৰোগীৰ সংখ্যা প্ৰতি বছৰে বৃদ্ধি হৈ আহিছে।

 

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অদ্ভুত ৰোগত আক্ৰান্ত মহিলা! দৈনিক ৭০খন ৰুটী খায়ো অনুভৱ কৰে তেওঁ একো খোৱা নাই
আজি প্ৰধানমন্ত্ৰী মোদীৰে দ্বিপাক্ষিক বৈঠক মৰিছাছৰ প্রধানমন্ত্রী নবীন ৰামগোলামৰ
সুস্থ আৰু ফিট হৈ থাকিবলৈ এই ৫বিধ বীজ দৈনিক খাওক
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন
পঞ্জাৱক দুর্যোগপীড়িত ৰাজ্য হিচাপে ঘোষণা
ভোগেশ্বৰ বৰুৱাৰ নামত উৎসর্গিত হ'ল সৰুসজাই ক্রীড়া প্রকল্প
বিদেশী ন্যায়ধিকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ দাবী
ছিংগাপুৰত অনুষ্ঠিত হ'ব নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল
১৩ ছেপ্টেম্বৰত মণিপুৰলৈ আহিব পাৰে প্রধানমন্ত্রী
প্ৰজ্ঞা আৰু বিনোদনৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ পালে দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী