--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা মছজিদৰ কুঁৱাত শিৱলিংগ উদ্ধাৰ হৈছে। এই খবৰে এতিয়া সমগ্ৰ দেশজুৰি তীব্ৰ চৰ্চা লাভ কৰিছে। উত্তৰ প্ৰদেশত বাৰাণসীৰ জ্ঞানৱাপী মছজিদত চলোৱা জৰীপত এই গুৰুত্বপূৰ্ণ সত্য পোহৰলৈ আহিছে। অধিবক্তা বিষ্ণু জৈনে আদালতত দাখিল কৰা আৱেদন অনুসৰি মছজিদৰ ভিতৰত চলোৱা জৰীপত এটা শিৱলিংগ পোৱা গৈছিল। শিৱলিংগ উদ্ধাৰ হোৱা লগে লগে উকীলে সেই ঠাইখিনি বন্ধ কৰিবলৈ নিৰ্দেশ দিছে যিটো আদালতে গ্ৰহণ কৰিছে। জিলা প্ৰশাসনে ইয়াৰ সুৰক্ষাৰ অৰ্থে ঠাইখিনি বন্ধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। 

অধিবক্তা বিষ্ণু জৈনে আদালতত এখন আবেদন দাখিল কৰিছিল যে জ্ঞানৱাপী মছজিদত পোৱা শিৱলিঙ্গৰ স্থানটো বন্ধ কৰিব লাগে। আবেদন স্বীকাৰ কৰি আদালতে বাৰাণসী জিলা প্ৰশাসনক মছজিদৰ বাজু খানাৰ ভিতৰত শিৱলিংগ পোৱা ঠাইখন বন্ধ কৰি নিজৰ সুৰক্ষালৈ লৈ যাবলৈ নিৰ্দেশ দিছে। আদালতে ইয়াৰ নিৰ্দেশত কৈছিল বন্ধ ঠাইত যিকোনো ব্যক্তিৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। তত্বাৱধানত চি আৰ পি এফৰ কমাণ্ডেণ্ট বাৰাণসীৰ জিলা দণ্ডাধীশ, আৰক্ষী আয়ুক্তক বন্ধ ঠাইখন সংৰক্ষণ আৰু সুৰক্ষাৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিয়া হৈছে।

ন্যায়ালয়ে লগতে কয় যে প্ৰশাসনে যি কৰিছে তাৰ তদাৰক কৰাৰ দায়িত্ব ল'ব আৰক্ষী সঞ্চালক প্ৰধান, আৰক্ষী মুখ্য কাৰ্যালয় উত্তৰ প্ৰদেশৰ মুখ্য কাৰ্যালয় আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মুখ্য সচিবে।মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰ হোৱাৰ লগে লগে চৌহদত হৰ-হৰ মহাদেৱ ধ্বনি দিবলৈ আৰম্ভ কৰে হিন্দুসকলে। হিন্দুসকলে বিশ্বাস কৰি আহিছে যে বিশ্বেশ্বৰ জ্যোতিৰ্লিঙ্গৰ প্ৰকৃত স্থান আছিল জ্ঞানৱাপী। কাশী বিশ্বনাথ মন্দিৰ চৌহদত থকা নন্দীৰ প্ৰতিমূৰ্তিৰ মুখখনে জ্ঞানৱাপী মছজিদৰ ফালে মুখ কৰি থাকে। হিন্দু বিশ্বাস অনুসৰি নন্দীয়ে সদায় শিৱলিংগৰ ফালে মুখ কৰি থাকে। সেয়েহে জ্ঞানৱাপী মছজিদৰ ফালে নন্দীৰ প্ৰতিমূৰ্তিৰ মুখ থকাৰ বাবে হিন্দুসকলে মছজিদ জৰীপ কৰিবলৈ দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আহিছিল। 

উল্লেখ্য যে বৰ্তমান কাশী বিশ্বনাথ মন্দিৰ আৰু জ্ঞানৱাপী মছজিদৰ বিবাদ ১৯৯১ চনৰ পৰা ন্যায়ালয়ৰ মজিয়াত আছে। ইয়াৰ আগতেও ১৯৩৬ চনত দীন মহম্মদে বিশ্বনাথ মন্দিৰৰ গোটেই ঠাই খিনি মছজিদক দি দিবৰ বাবে ন্যায়ালয়ৰ ওচৰত আবেদন কৰিলে। বৃটিছ ন্যায়াধীশে ১৫৮৫ চনত মন্দিৰ পুণৰ নিৰ্মাণ কৰাৰ সময়ৰ নক্সা এখন উলিয়াই দীন মহম্মদৰ আবেদন নাকচ কৰিলে মাত্ৰ মুছলমান সকলক সেই ঠাইত নামাজ পঢ়িবৰ বাবে অনুমতি দিলে। হিন্দু সকলে বিশ্বাস কৰে জ্ঞানৱাপী মছজিদৰ ঠাই ডোখৰত বিশ্বনাথ মন্দিৰৰ জ্যোতিৰলিঙ্গ আজিও বিৰাজমান আছে সেয়ে ১৯৯১ চনত ন্যায়ালয়ৰ ওচৰত আবেদন জনাই তিনিটা দাবী কৰিলে-- 

১) গোটেই জ্ঞানৱাপীৰ ঠাই খিনি মন্দিৰৰ নামত ঘূৰাই দিব লাগে। 

২) সেই ঠাইত থকা সকলক জ্ঞানৱাপীৰ পৰা উলিয়াই মন্দিৰ ভাঙি সজা মছজিদটো গুচাই হিন্দু সকলক ঘূৰাই দিব লাগে। 

৩) হিন্দু সকলক আগৰ শিৱলিঙ্গ থকা ঠাইতে মন্দিৰ সাজিবলৈ অনুমতি দিব লাগে।

কাশী বিশ্বনাথ মন্দিৰ ভাৰতবৰ্ষৰ বাৰ জ্যোতিৰলিঙ্গৰ ভিতৰত এটা। অনাদি কালৰে পৰা এই জ্যোতিৰলিঙ্গ প্ৰাচীন চহৰ কাশীত থকাৰ কথা মহাভাৰতকে ধৰি বিভিন্ন শাস্ত্ৰত উল্লেখ আছে। কাশী ভাৰতৰ পবিত্ৰ তীৰ্থ স্থান সমূহৰ ভিতৰত এখন। ১১৯৪ চনত কুটুবোদ্দিন আইবাকে এই বিশ্বনাথ মন্দিৰ সম্পূৰ্ণ ৰূপে বিধস্ত কৰি দিছিল। ইলতুতমিছৰ শাসণ কালত (১২১১-১২৬৬) এই মন্দিৰ পুনৰ নিৰ্মাণ কৰা হয় যদিও ছিকন্দৰ লোধিৰ (১৪৮৯-১৫১৭) শাসণ কালত আকৌ ধ্বংস কৰি দিয়ে।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ