--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আমাৰ দেশত আৰম্ভণিৰে পৰাই অনন্য প্ৰতিভাৰ অভাৱ হোৱা নাই আৰু ছ’চিয়েল মিডিয়াৰ আগমনৰ পৰাই বহুতৰে এই লুকাই থকা প্ৰতিভাই যেন এটা মঞ্চ লাভ কৰিছে। বৰ্তমান মানুহৰ প্ৰতিভা সহজেই ছ’চিয়েল মিডিয়াৰ জৰিয়তে পৃথিৱীৰ প্ৰতিটো চুকত উপনীত হয়। তেনে এজন ব্যক্তিৰ এটা ভিডিঅ’ ওলাইছে যিয়ে কাউৰীৰ মাত নকল কৰি চৰাইবোৰক মাৰিছে আৰু আকাশত কেইছেকেণ্ডমানৰ ভিতৰতে শ শ কাউৰী উৰি ফুৰা দেখা গৈছে । 

হয়, এয়া এক সত্য ঘটনা। এটা অতি আকৰ্ষণীয় ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই সৰু ক্লিপটো টুইটাৰত কাৱেৰী নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে। ভিডিঅ’টোত এজন ব্যক্তিক দেখা যায়, যাক তেওঁৰ বন্ধুৱে আক্কু ভাই বুলি সম্বোধন কৰিছে। ভিডিঅ’টোত এজন ব্যক্তিয়ে আকাশলৈ আঙুলিয়াই দিয়া দেখা গৈছে আৰু তাত কোনো চৰাই বহু দূৰলৈকে দেখা পোৱা নাযায়। যেতিয়াই ভিডিঅ’টোত, এই ব্যক্তিজনে কাউৰীৰ দৰে মাতিবলৈ আৰম্ভ কৰে লগে লগে, কেইছেকেণ্ডমানৰ ভিতৰতে গোটেই আকাশখন কাউৰী চৰাইৰে ভৰি পৰে

ভিডিঅ'টো চাওক:

এই বিশেষ ভিডিঅ'টোৱে 19k তকৈ অধিক ভিউ লাভ কৰিছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে। ভিডিঅ’টোত হাজাৰ হাজাৰ লাইক আৰু বহু মন্তব্যও লাভ কৰা দেখা হৈছে। এই ব্যক্তিজনৰ এই অনন্য প্ৰতিভা দেখি টুইটাৰ ব্যৱহাৰকাৰীসকলেও অতি আপ্লুত হৈছে আৰু ব্যৱহাৰকাৰীয়েও মন্তব্যৰ অংশত অৰ্থাৎ কমেণ্ট বক্সত প্ৰশংসা কৰিছে। বহু ব্যৱহাৰকাৰীৰ বাবে এই ঘটনা আচৰিততকৈ কম নহয়। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ