--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাৱৰ অতি জনপ্ৰিয় গায়ক তথা কংগ্ৰেছ নেতা সিদ্ধু মুছেৱালাক কোনে হত্যা কৰিলে? এই প্ৰশ্নই এতিয়া ৰাজ্য খনৰ সাধাৰণ জনতাৰ মনত পাকঘূৰণি খাইছে এনে সময়তে  পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান ভি কে ভাব্ৰাই গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত জৰিত থাকিব পৰা সাম্ভাৱ্য লোকৰ নাম প্ৰকাশ কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মতে  আভ্যন্তৰীণ  প্ৰতিদ্বন্দিতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হব পাৰে।তেওঁ কয়  যে মুছেৱালাৰ হত্যাত লৰেন্স বিষ্ণোই গ্ৰুপ আৰু কানাডাস্থিত গায়ক গোল্ডি ব্ৰাৰ জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।সন্দেহৰ আৱৰ্তত আছে  মুছেৱালাৰ মেনেজাৰ ছগুনপ্ৰীত সিঙো। ছগুনপ্ৰীতে

যুৱ আকালি দলৰ নেতা বিক্ৰমজিৎ সিং মিদ্দুখেৰাক  যোৱা বছৰৰ ৭ আগষ্টত গুলীয়াই হত্যা কৰিছিল।

ডিজিপিয়ে লগতে কয় যে  জনপ্ৰিয় গায়ক-কংগ্ৰেছ নেতাজনৰ সুৰক্ষাৰ বাবে পঞ্জাৱ আৰক্ষীৰ দুজন কমাণ্ডো নিয়োগ কৰা হৈছিল।কিন্তু  মুছেৱালাই তেওঁলোকক লগত লৈ ফুৰিবলৈ অস্বীকাৰ কৰিছিল।

উল্লেখ্য মুছেৱালাৰ হত্যাৰ পিছতে আম আদমী পাৰ্টি  নেতৃত্বাধীন  পঞ্জাৱ চৰকাৰ তীব্ৰ সমালোচনাৰ মুখামুখী হৈছে।বিশেষকৈ চৰকাৰী নিৰাপত্তা প্ৰত্যাহাৰ কৰাৰ এদিন পিছতে মুছেৱালাক হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডিজিপি ভাওৰাই লগতে কয়  যে ঘটনাস্থলীত ৩০ টা কাৰ্ট্ৰিজ পোৱা গৈছে আৰু সন্দেহ কৰা হৈছে যে হত্যাত তিনিটাকৈ ৯ এমএম পিষ্টল ব্যৱহাৰ কৰা হৈছিল। 

মানসাৰ এছএছপি গৌৰৱ তুৰাই কয়যে মুছেৱালাৰ নিৰাপত্তাৰ বাবে চাৰিজন আৰক্ষী কৰ্মী আছিল আৰু মাত্ৰ দুজন বন্দুকধাৰীহে অস্থায়ীভাৱে প্ৰত্যাহাৰ কৰা হৈছিল। তেওঁ আৰু কয় যে ঘটনাটোৰ সময়ত মুছেৱালাই তেওঁৰ বাবে দিয়া বাকী দুজন বন্দুকধাৰীকো লগত লৈ যোৱা নাছিল।

তুৰাই লগতে কয়  যে মুছেৱালাই তেওঁৰ বুলেটপ্ৰুফ গাড়ীত ভ্ৰমণ কৰা নাছিল আৰু তেওঁৰ লগত আন কোনো দেহৰক্ষীও নাছিল। 

প্ৰাক্তন উপ মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধৱাই এই ঘটনাক গৰিহণা দিছে কৈছে যে পঞ্জাৱৰ ডিজিপিক গ্ৰেপ্তাৰ কৰিব লাগে আৰু কেন্দ্ৰীয় চৰকাৰে বিষয়টোত হস্তক্ষেপ কৰিব লাগে।

উল্লেখ্য ২৯ বছৰীয়া গায়কজনক মানছাৰ নিকটৱৰ্তী ঝাৱাহৰ কে নামৰ গাঁৱৰ এটা মন্দিৰৰ ওচৰত দেওবাৰে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।

আক্ৰমণৰ  ঘটনাৰ পিছতে মুছেৱালাক মনছাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

মুছেৱালাই মানছাৰ পৰা কংগ্ৰেছৰ টিকটত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ৬৩,৩২৩ টা ভোটৰ ব্যৱধানত আপৰ প্ৰাৰ্থী ড০ বিজয় চিংলাৰ হাতত পৰাজিত হৈছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ