--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ  জুন মাহৰ  পৰা আগষ্ট মাহৰ ভিতৰত ৰাজ্যসভাৰ কেইবাগৰাকীও সদস্যৰ অৱসৰ গ্ৰহণ কৰিব। ফলত খালী হৈ পৰিবলগীয়া ১৫ খন ৰাজ্যৰ পৰা ৫৭ খন ৰাজ্যসভা আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে শাসকীয় দল বিজেপিকে ধৰি কংগ্ৰেছেও ৰাজ্যসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। দুয়োটা দলেই ইতিমধ্যে আংশিকভাবে প্ৰাৰ্থীৰ নাম তালিকা ঘোষণা কৰিছে।

ৰাজ্যসভাৰ পৰা   অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান ৰাজনীতিক  হৈছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, কংগ্ৰেছ নেতা অম্বিকা চোনি, জয়ৰাম ৰমেশ, কপিল চিব্বল আৰু বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰা আদি। এইসকল সদস্যই ২১ জুনৰ পৰা ১ আগষ্টৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব।ইয়াৰোপৰি উত্তৰ প্ৰদেশত ১১ খন আসন খালী হৈ আছে। একেদৰে তামিলনাডুত ছখন আৰু মহাৰাষ্ট্ৰৰ পাঁচ খন আসনৰ লগতে বিহাৰ,  অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু কৰ্ণাটকতো ৰাজ্যসভাৰ কেইবাখনো আসন খালী হৈ আছে।

মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ তিনিজনকৈ সদস্য, তেলেংগানা, ছত্তীশগড়, পঞ্জাৱ ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দুজনকৈ আৰু উত্তৰাখণ্ডৰ এজন সদস্যই 
ৰাজ্যসভাৰ পৰা ইতিমধ্যে অৱসৰ  গ্ৰহণ কৰিছে।

বিজেপিয়ে শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা ছয়জন, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ দুজনকৈ আৰু মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ এজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক কৰ্ণাটকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলক আগন্তুক ৰাজ্যসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে৷লক্ষ্মীকান্ত বাজপেয়ী আৰু ৰাধা মোহন আগৰৱালকো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৩১ মে।  কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আৰু বিনয় সহস্ৰবুদ্ধেৰ কাৰ্যকাল শেষ হোৱাৰ পথত যদিও   বিজেপিৰ প্ৰথম প্ৰাৰ্থীৰ তালিকাত তেওঁলোকে স্থান পোৱা নাই৷

বিজেপিয়ে ঘোষণা কৰা প্ৰথম  প্ৰাৰ্থীৰ তালিকাত স্থান পোৱা কেইগৰাকীমান ৰাজনীতিক হৈছে ক্ৰমে-উত্তৰ প্ৰদেশৰ পৰা ডঃ লক্ষ্মীকান্ত বাজপেয়ী,ডঃ ৰাধা মোহন আগৰৱালা ,সুৰেন্দ্ৰ সিং নগৰৰ পৰা বাবুৰাম নিশাদ,দৰ্শন সিং,সংগীতা যাদৱ,কৰ্ণাটকৰ পৰা নিৰ্মলা সীতাৰমণ,মহাৰাষ্ট্ৰৰ পৰা পীয়ুষ গোৱেল,অনিল সুখদেওৰাও বণ্ডে,মধ্য প্ৰদেশৰ পৰা কবিতা পাতিদাৰ,উত্তৰাখণ্ডৰ পৰা ডাঃ কল্পনা সাইনী,ৰাজস্থানৰ পৰা ঘনশ্যাম তিৱাৰী

বিহাৰৰ পৰা সতীশ চন্দ্ৰ ডুবে,শম্ভু চৰণ পেটেল,হাৰিয়ানাৰ পৰা কৃষ্ণ লাল পানৱাৰ ।

কংগ্ৰেছেও ১০ জুনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১০ জন প্ৰাৰ্থীৰ ঘোষণা কৰিছে। দলটোৱে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, জয়ৰাম ৰমেশ আৰু অজয় মাকেনৰ লগতে দলৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

চিদাম্বৰমক তামিলনাডুৰ পৰা, ৰমেশক কৰ্ণাটকৰ ৰমেশ, হাৰিয়ানাৰ মাকেন আৰু ৰাজস্থানৰ পৰা সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।

দলটোৱে ৰাজস্থানৰ পৰা মুকুল ৱাছনিক আৰু প্ৰমোদ তিৱাৰী, মধ্য প্ৰদেশৰ বিবেক তানখা, ছত্তীশগড়ৰ ৰাজীৱ শুক্লা আৰু ৰণজিৎ ৰঞ্জন আৰু মহাৰাষ্ট্ৰৰ পৰা ইমৰান প্ৰতাপগড়ীকো প্ৰাৰ্থিত্ব প্ৰদান কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ