--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ  জুন মাহৰ  পৰা আগষ্ট মাহৰ ভিতৰত ৰাজ্যসভাৰ কেইবাগৰাকীও সদস্যৰ অৱসৰ গ্ৰহণ কৰিব। ফলত খালী হৈ পৰিবলগীয়া ১৫ খন ৰাজ্যৰ পৰা ৫৭ খন ৰাজ্যসভা আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে শাসকীয় দল বিজেপিকে ধৰি কংগ্ৰেছেও ৰাজ্যসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে। দুয়োটা দলেই ইতিমধ্যে আংশিকভাবে প্ৰাৰ্থীৰ নাম তালিকা ঘোষণা কৰিছে।

ৰাজ্যসভাৰ পৰা   অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান ৰাজনীতিক  হৈছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, কংগ্ৰেছ নেতা অম্বিকা চোনি, জয়ৰাম ৰমেশ, কপিল চিব্বল আৰু বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰা আদি। এইসকল সদস্যই ২১ জুনৰ পৰা ১ আগষ্টৰ ভিতৰত অৱসৰ গ্ৰহণ কৰিব।ইয়াৰোপৰি উত্তৰ প্ৰদেশত ১১ খন আসন খালী হৈ আছে। একেদৰে তামিলনাডুত ছখন আৰু মহাৰাষ্ট্ৰৰ পাঁচ খন আসনৰ লগতে বিহাৰ,  অন্ধ্ৰ প্ৰদেশ, ৰাজস্থান আৰু কৰ্ণাটকতো ৰাজ্যসভাৰ কেইবাখনো আসন খালী হৈ আছে।

মধ্য প্ৰদেশ আৰু উৰিষ্যাৰ তিনিজনকৈ সদস্য, তেলেংগানা, ছত্তীশগড়, পঞ্জাৱ ঝাৰখণ্ড আৰু হাৰিয়ানাৰ দুজনকৈ আৰু উত্তৰাখণ্ডৰ এজন সদস্যই 
ৰাজ্যসভাৰ পৰা ইতিমধ্যে অৱসৰ  গ্ৰহণ কৰিছে।

বিজেপিয়ে শেহতীয়াকৈ ৰাজ্যসভা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা ছয়জন, কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু বিহাৰৰ দুজনকৈ আৰু মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰাখণ্ড আৰু হাৰিয়ানাৰ এজনকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক কৰ্ণাটকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। আনহাতে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেলক আগন্তুক ৰাজ্যসভা নিৰ্বাচনত মহাৰাষ্ট্ৰৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে৷লক্ষ্মীকান্ত বাজপেয়ী আৰু ৰাধা মোহন আগৰৱালকো বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ৩১ মে।  কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি আৰু বিনয় সহস্ৰবুদ্ধেৰ কাৰ্যকাল শেষ হোৱাৰ পথত যদিও   বিজেপিৰ প্ৰথম প্ৰাৰ্থীৰ তালিকাত তেওঁলোকে স্থান পোৱা নাই৷

বিজেপিয়ে ঘোষণা কৰা প্ৰথম  প্ৰাৰ্থীৰ তালিকাত স্থান পোৱা কেইগৰাকীমান ৰাজনীতিক হৈছে ক্ৰমে-উত্তৰ প্ৰদেশৰ পৰা ডঃ লক্ষ্মীকান্ত বাজপেয়ী,ডঃ ৰাধা মোহন আগৰৱালা ,সুৰেন্দ্ৰ সিং নগৰৰ পৰা বাবুৰাম নিশাদ,দৰ্শন সিং,সংগীতা যাদৱ,কৰ্ণাটকৰ পৰা নিৰ্মলা সীতাৰমণ,মহাৰাষ্ট্ৰৰ পৰা পীয়ুষ গোৱেল,অনিল সুখদেওৰাও বণ্ডে,মধ্য প্ৰদেশৰ পৰা কবিতা পাতিদাৰ,উত্তৰাখণ্ডৰ পৰা ডাঃ কল্পনা সাইনী,ৰাজস্থানৰ পৰা ঘনশ্যাম তিৱাৰী

বিহাৰৰ পৰা সতীশ চন্দ্ৰ ডুবে,শম্ভু চৰণ পেটেল,হাৰিয়ানাৰ পৰা কৃষ্ণ লাল পানৱাৰ ।

কংগ্ৰেছেও ১০ জুনৰ ৰাজ্যসভা নিৰ্বাচনৰ বাবে ১০ জন প্ৰাৰ্থীৰ ঘোষণা কৰিছে। দলটোৱে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰম, জয়ৰাম ৰমেশ আৰু অজয় মাকেনৰ লগতে দলৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰে।

চিদাম্বৰমক তামিলনাডুৰ পৰা, ৰমেশক কৰ্ণাটকৰ ৰমেশ, হাৰিয়ানাৰ মাকেন আৰু ৰাজস্থানৰ পৰা সুৰজেৱালাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছিল।

দলটোৱে ৰাজস্থানৰ পৰা মুকুল ৱাছনিক আৰু প্ৰমোদ তিৱাৰী, মধ্য প্ৰদেশৰ বিবেক তানখা, ছত্তীশগড়ৰ ৰাজীৱ শুক্লা আৰু ৰণজিৎ ৰঞ্জন আৰু মহাৰাষ্ট্ৰৰ পৰা ইমৰান প্ৰতাপগড়ীকো প্ৰাৰ্থিত্ব প্ৰদান কৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ