--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰবাৰ বাতৰিৰ শিৰোনামত মোদী চৰকাৰৰ আঁচনি আয়ুষ্মান ভাৰত। দেশৰ দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ কৰা হৈছিল। দেশৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত গোটৰ স্বাস্থ্য সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা এই স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে দেশৰ প্ৰায় ৫০ কোটি জনসাধাৰণ উপকৃত হৈছে।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে চৰকাৰে বান্ধি দিয়া নায়মাৱলীৰ চৰ্ত পূৰণ কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। শেহতীয়াকৈ এই আঁচনি চৰ্চিত হৈছে আঁচনিৰ অন্তৰ্ভুক্ত হ’বৰ বাবে চৰকাৰে বান্ধি দিয়া চৰ্তাৱলীৰ বাবে। যদিহে আপোনাৰ মাহিলী আয় কমেও ১০ হাজাৰ টকা, আপোনাৰ ঘৰটো পকী, আপোনাৰ ঘৰত ফ্ৰিজ আছে, দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন আছে, খেতি কৰিবলৈ মেচিন ব্যৱহাৰ কৰে আৰু মাছ ধৰিবলৈ মেচিন নাও ব্যৱহাৰ কৰে আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে। এই আঁচনিৰ অধিকাংশ সুবিধা যিসকল লোকৰ স্থায়ী ঘৰ বা নিজা কৃষিভূমি নাই সেই লোকসকলেহে লাভ কৰিব।

উল্লেখ যোগ্যযে এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। থোৰতে এই আঁচনিয়ে প্ৰদান কৰা সুবিধাসমূহ হৈছে, স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সুবিধা।, ক'ৰ'নাৰী বাইপাছ অস্ত্ৰোপচাৰ দৰে ব্যয়বহুল  চিকিৎসাৰ বাবে আৰ্থিক সুৰক্ষা লাভ ইত্যাদি।

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰণ কৰি আয়ৰ স্তৰ নিৰ্বিশেষে ৭০ বছৰ উৰ্দ্ধৰ ব্যক্তিকো এই আঁচনিভুক্ত কৰাৰ কথা ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ