--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰবাৰ বাতৰিৰ শিৰোনামত মোদী চৰকাৰৰ আঁচনি আয়ুষ্মান ভাৰত। দেশৰ দৰিদ্ৰ আৰু দুৰ্বল পৰিয়ালক বিনামূলীয়া স্বাস্থ্যসেৱা প্ৰদান কৰাৰ উদ্দেশ্যে আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ কৰা হৈছিল। দেশৰ দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত গোটৰ স্বাস্থ্য সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে আৰম্ভ কৰা এই স্বাস্থ্য বীমা আঁচনিৰ জৰিয়তে দেশৰ প্ৰায় ৫০ কোটি জনসাধাৰণ উপকৃত হৈছে।

এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ হ’লে চৰকাৰে বান্ধি দিয়া নায়মাৱলীৰ চৰ্ত পূৰণ কৰিলেহে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব। শেহতীয়াকৈ এই আঁচনি চৰ্চিত হৈছে আঁচনিৰ অন্তৰ্ভুক্ত হ’বৰ বাবে চৰকাৰে বান্ধি দিয়া চৰ্তাৱলীৰ বাবে। যদিহে আপোনাৰ মাহিলী আয় কমেও ১০ হাজাৰ টকা, আপোনাৰ ঘৰটো পকী, আপোনাৰ ঘৰত ফ্ৰিজ আছে, দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়া বাহন আছে, খেতি কৰিবলৈ মেচিন ব্যৱহাৰ কৰে আৰু মাছ ধৰিবলৈ মেচিন নাও ব্যৱহাৰ কৰে আপুনি এই আঁচনিৰ সুবিধা লাভ কৰিব নোৱাৰে। এই আঁচনিৰ অধিকাংশ সুবিধা যিসকল লোকৰ স্থায়ী ঘৰ বা নিজা কৃষিভূমি নাই সেই লোকসকলেহে লাভ কৰিব।

উল্লেখ যোগ্যযে এই আঁচনিৰ অধীনত বছৰি ৫ লাখ টকাৰ স্বাস্থ্য বীমা লাভ কৰিব প্ৰতিটো পৰিয়ালে। থোৰতে এই আঁচনিয়ে প্ৰদান কৰা সুবিধাসমূহ হৈছে, স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয়ত বিনামূলীয়া চিকিৎসা সুবিধা।, ক'ৰ'নাৰী বাইপাছ অস্ত্ৰোপচাৰ দৰে ব্যয়বহুল  চিকিৎসাৰ বাবে আৰ্থিক সুৰক্ষা লাভ ইত্যাদি।

কেন্দ্ৰীয় কেবিনেটে বুধবাৰে আয়ুষ্মান ভাৰত আঁচনিৰ সম্প্ৰসাৰণ কৰি আয়ৰ স্তৰ নিৰ্বিশেষে ৭০ বছৰ উৰ্দ্ধৰ ব্যক্তিকো এই আঁচনিভুক্ত কৰাৰ কথা ঘোষণা কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক