--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী জাহ্নৱী কাপুৰ। হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত ঠাই দখল কৰা অভিনেত্ৰীগৰাকী আগন্তুক ছবি ‘মিলি’ৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। এই ছবিখনত জাহ্নৱীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইতিমধ্যে মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰও। জাহ্নৱীয়ে ছবিখনৰ প্ৰচাৰৰ কামো আৰম্ভ কৰিছে।

 

এই বিশেষ ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল জাহ্নৱীয়ে। অনুষ্ঠানটো জাহ্নৱীয়ে সেউজীয়া শ্বিমাৰ শাৰী পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। হাঁহিমুখে উত্তৰ দিছিল সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ। এগৰাকী সাংবাদিকে জাহ্নৱীযক সুধিলে, জাহ্নৱীয়ে মাতৃ শ্ৰীদেৱীৰ কোনো এখন ছবিৰ পুনৰ্নিৰ্মাণত কাম কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰ জাহ্নৱীয়ে দিলে এনেদৰে, “মই ভাবো তেওঁৰ (মা শ্ৰীদেৱীৰ) কোনো এখন ছবি কোনেও পুনৰ নিৰ্মাণ কৰা উচিত নহয় কাৰণ তেওঁৰ দৰে কোনেও অভিনয় কৰিব নোৱাৰিব।"

 

অনুষ্ঠানত আন এগৰাকী সাংবাদিকে জাহ্নৱীক সুধিলে, "ভৱিষ্যতে যদি শ্ৰীদেৱীৰ বায়'পিক নিৰ্মাণ কৰা হয়, তেন্তে আপুনি তাত কাম কৰিব বিচাৰিবনে?" জাহ্নৱীয়ে মূৰটো জোকাৰি হাঁহি এটা মাৰি কয়, "নাই নকৰো। এইটো এটা দীঘলীয়া উত্তৰ হ'ব আৰু মোৰ এতিয়া ভোক লাগিছে।" জাহ্নৱীৰ এই উত্তৰে অনুষ্ঠানটোত উপস্থিত সকলোকে আমোদ দিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু