--°C
Loading...
Listen to Article
2 min read
80%


ডিজিটেল ডেস্ক: বলীউডৰ মোহময়ী অভিনেত্ৰী জাহ্নৱী কাপুৰ। হাজাৰ হাজাৰ অনুৰাগীৰ হৃদয়ত ঠাই দখল কৰা অভিনেত্ৰীগৰাকী আগন্তুক ছবি মিলিৰ বাবে এইকেইদিন শিৰোনাম দখল কৰিছে। এই ছবিখনত জাহ্নৱীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ইতিমধ্যে মুক্তি পাইছে ছবিখনৰ ট্ৰেইলাৰও। জাহ্নৱীয়ে ছবিখনৰ প্ৰচাৰৰ কামো আৰম্ভ কৰিছে।

 

এই বিশেষ ছবিখনৰ প্ৰচাৰৰ বাবে মুম্বাইৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল জাহ্নৱীয়ে। অনুষ্ঠানটো জাহ্নৱীয়ে সেউজীয়া শ্বিমাৰ শাৰী পিন্ধি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। হাঁহিমুখে উত্তৰ দিছিল সাংবাদিকৰ প্ৰতিটো প্ৰশ্নৰ। এগৰাকী সাংবাদিকে জাহ্নৱীযক সুধিলে, জাহ্নৱীয়ে মাতৃ শ্ৰীদেৱীৰ কোনো এখন ছবিৰ পুনৰ্নিৰ্মাণত কাম কৰিব বিচাৰে নেকি? এই প্ৰশ্নৰ উত্তৰ জাহ্নৱীয়ে দিলে এনেদৰে, মই ভাবো তেওঁৰ (মা শ্ৰীদেৱীৰ) কোনো এখন ছবি কোনেও পুনৰ নিৰ্মাণ কৰা উচিত নহয় কাৰণ তেওঁৰ দৰে কোনেও অভিনয় কৰিব নোৱাৰিব।"

 

অনুষ্ঠানত আন এগৰাকী সাংবাদিকে জাহ্নৱীক সুধিলে, "ভৱিষ্যতে যদি শ্ৰীদেৱীৰ বায়'পিক নিৰ্মাণ কৰা হয়, তেন্তে আপুনি তাত কাম কৰিব বিচাৰিবনে?" জাহ্নৱীয়ে মূৰটো জোকাৰি হাঁহি এটা মাৰি কয়, "নাই নকৰো। এইটো এটা দীঘলীয়া উত্তৰ হ'ব আৰু মোৰ এতিয়া ভোক লাগিছে।" জাহ্নৱীৰ এই উত্তৰে অনুষ্ঠানটোত উপস্থিত সকলোকে আমোদ দিলে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক