--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে কয় ছোৱালীৰ বয়স আৰু পুৰুষৰ  উপাৰ্জনৰ বিষয়ে সোধাটো অনুচিৎ। এই দুটা বিষয়ত প্ৰশ্ন কৰাটো ব্যৱহাৰিকভাৱে অযৌক্তিক বুলিও বহুতে ভাবে। অৱশ্যে,স্বামীয়ে মাহত কিমান টকা দৰমহা পায় সেয়া হয়তো পত্নীয়ে জনাটো উচিৎ। কিন্তু বহু পুৰুষেই তেওঁলোকৰ পত্নীক দৰমহাৰ কথা কেতিয়াও নকয়। 

বহুতে আকৌ দৰমহা পোৱাৰ দিনাই সকলো চাবি-কাঠী পত্নীৰ হাতত গটাই দি মাহটো নিশ্চিন্ত মনে চলি যাব বুলি নিৰ্ভয় হৈ থাকে। পত্নীক দৰমহাৰ ভূ-ভা নিদিয়া এগৰাকী স্বামীৰ দৰমহাৰ তথ্য বিচাৰি এইবাৰ তথ্য জনাৰ আইনৰ অধীনত আবেদন জনাইছে এগৰাকী পত্নীয়ে। 

ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশত ঘটিছে। পত্নীয়ে তথ্যৰ অধিকাৰ আইনৰ অধীনত তেওঁৰ স্বামীয়ে এমাহত কিমান উপাৰ্জন কৰে সেয়া  জানিবলৈ এখন আবেদন দাখিল কৰিছে। আয়কৰ বিভাগৰ মতে স্বামীৰ উপাৰ্জনৰ বিৱৰণ অহা ১৫ দিনৰ ভিতৰত পত্নীক দিয়া হ'ব। উত্তৰ প্ৰদেশৰ বাসিন্দা সঞ্জু গুপ্তাই তেওঁৰ স্বামীৰ উপাৰ্জন জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লৈছে।  

মহিলাগৰাকীয়ে  আৰটিআই দাখিল কৰিবলৈ বাধ্য হৈছে  কিয়নো তেওঁৰ স্বামীয়ে বিষয়টো প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি আহিছে।  প্ৰথমতে উত্তৰ প্ৰদেশৰ বৰেলীৰ আয়কৰ বিভাগে এই ক্ষেত্ৰত তেওঁক সহযোগিতা কৰা নাছিল।পত্নীয়ে পুনৰ এই সন্দৰ্ভত নতুনকৈ আবেদন দাখিল কৰে।

 ইয়াৰ পিছত আয়কৰ বিভাগে এক নিৰ্দেশনা জাৰি কৰে যে মহিলাগৰাকীক অহা ১৫  দিনৰ ভিতৰত তেওঁৰ স্বামীৰ দৰমহাৰ সকলো তথ্য জনোৱা হ’ব। ২০২২ চনৰ ১৯ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত এই কথা স্পষ্ট কৰিছিল  যে পত্নীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত স্বামীৰ উপাৰ্জনৰ বিষয়ে জানিব পাৰিব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু