--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে কয় ছোৱালীৰ বয়স আৰু পুৰুষৰ  উপাৰ্জনৰ বিষয়ে সোধাটো অনুচিৎ। এই দুটা বিষয়ত প্ৰশ্ন কৰাটো ব্যৱহাৰিকভাৱে অযৌক্তিক বুলিও বহুতে ভাবে। অৱশ্যে,স্বামীয়ে মাহত কিমান টকা দৰমহা পায় সেয়া হয়তো পত্নীয়ে জনাটো উচিৎ। কিন্তু বহু পুৰুষেই তেওঁলোকৰ পত্নীক দৰমহাৰ কথা কেতিয়াও নকয়। 

বহুতে আকৌ দৰমহা পোৱাৰ দিনাই সকলো চাবি-কাঠী পত্নীৰ হাতত গটাই দি মাহটো নিশ্চিন্ত মনে চলি যাব বুলি নিৰ্ভয় হৈ থাকে। পত্নীক দৰমহাৰ ভূ-ভা নিদিয়া এগৰাকী স্বামীৰ দৰমহাৰ তথ্য বিচাৰি এইবাৰ তথ্য জনাৰ আইনৰ অধীনত আবেদন জনাইছে এগৰাকী পত্নীয়ে। 

ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশত ঘটিছে। পত্নীয়ে তথ্যৰ অধিকাৰ আইনৰ অধীনত তেওঁৰ স্বামীয়ে এমাহত কিমান উপাৰ্জন কৰে সেয়া  জানিবলৈ এখন আবেদন দাখিল কৰিছে। আয়কৰ বিভাগৰ মতে স্বামীৰ উপাৰ্জনৰ বিৱৰণ অহা ১৫ দিনৰ ভিতৰত পত্নীক দিয়া হ'ব। উত্তৰ প্ৰদেশৰ বাসিন্দা সঞ্জু গুপ্তাই তেওঁৰ স্বামীৰ উপাৰ্জন জানিবলৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায় লৈছে।  

মহিলাগৰাকীয়ে  আৰটিআই দাখিল কৰিবলৈ বাধ্য হৈছে  কিয়নো তেওঁৰ স্বামীয়ে বিষয়টো প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰি আহিছে।  প্ৰথমতে উত্তৰ প্ৰদেশৰ বৰেলীৰ আয়কৰ বিভাগে এই ক্ষেত্ৰত তেওঁক সহযোগিতা কৰা নাছিল।পত্নীয়ে পুনৰ এই সন্দৰ্ভত নতুনকৈ আবেদন দাখিল কৰে।

 ইয়াৰ পিছত আয়কৰ বিভাগে এক নিৰ্দেশনা জাৰি কৰে যে মহিলাগৰাকীক অহা ১৫  দিনৰ ভিতৰত তেওঁৰ স্বামীৰ দৰমহাৰ সকলো তথ্য জনোৱা হ’ব। ২০২২ চনৰ ১৯ ছেপ্টেম্বৰত এলাহাবাদ উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত এই কথা স্পষ্ট কৰিছিল  যে পত্নীয়ে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত স্বামীৰ উপাৰ্জনৰ বিষয়ে জানিব পাৰিব।  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক