--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বিজয়দশমীৰ প্ৰস্তুতিৰ মাজতে আহিছে এক বেয়া খবৰ। অৰুণাচলত বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ হেলিকপ্টাৰ। খবৰ অনুসৰি এই দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হৈছে। বিষয়াসকলে জনোৱা মতে, হেলিকপ্টাৰখনে নিয়মীয়াকৈ উৰণ লওঁতে সংঘটিত হয় এই দুৰ্ঘটনা। সম্প্ৰতি সেনাৰ বাবেই দুৰ্ঘটনাটো হৈছে বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চলৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখনৰ । সেনা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হৈছে। একে সময়তে চলি আছে দ্বিতীয় পাইলটৰ চিকিৎসা।

ঘটনা সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে টাৱাঙৰ ওচৰৰ ফৰৱাৰ্ড এলেকাত উৰি থকা সেনাৰ চিতা হেলিকপ্টাৰখন আজি পুৱা প্ৰায় ১০ বজাত বিমানখনৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পাছত দুয়োজন পাইলটক ততাতৈয়াকৈ ওচৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য’ত গুৰুতৰভাৱে আহত পাইলটসকলৰ এজন লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। একে সময়তে চলি আছে দ্বিতীয় পাইলটৰ চিকিৎসা।

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তদন্ত কৰা হ’ব আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু