--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সমগ্ৰ দেশতে বিজয়দশমীৰ প্ৰস্তুতিৰ মাজতে আহিছে এক বেয়া খবৰ। অৰুণাচলত বুধবাৰে দুৰ্ঘটনাগ্ৰস্ত হয় সেনাৰ হেলিকপ্টাৰ। খবৰ অনুসৰি এই দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হৈছে। বিষয়াসকলে জনোৱা মতে, হেলিকপ্টাৰখনে নিয়মীয়াকৈ উৰণ লওঁতে সংঘটিত হয় এই দুৰ্ঘটনা। সম্প্ৰতি সেনাৰ বাবেই দুৰ্ঘটনাটো হৈছে বুলি জানিব পৰা গৈছে।

অৰুণাচল প্ৰদেশৰ টাৱাং অঞ্চলৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখনৰ । সেনা বিষয়াৰ পৰা লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনাত এজন পাইলটৰ মৃত্যু হৈছে। একে সময়তে চলি আছে দ্বিতীয় পাইলটৰ চিকিৎসা।

ঘটনা সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ পাইছে, য’ত কোৱা হৈছে যে টাৱাঙৰ ওচৰৰ ফৰৱাৰ্ড এলেকাত উৰি থকা সেনাৰ চিতা হেলিকপ্টাৰখন আজি পুৱা প্ৰায় ১০ বজাত বিমানখনৰ দুৰ্ঘটনাগ্ৰস্ত হয়। ইয়াৰ পাছত দুয়োজন পাইলটক ততাতৈয়াকৈ ওচৰৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় য’ত গুৰুতৰভাৱে আহত পাইলটসকলৰ এজন লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱৰ চিকিৎসাৰ সময়ত মৃত্যু হয়। একে সময়তে চলি আছে দ্বিতীয় পাইলটৰ চিকিৎসা।

প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তদন্ত কৰা হ’ব আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক