--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এক কথাত কবলৈ গলে ওজন কমাবলৈ কোনো সহজ উপায় নাই। কিন্তু যদিহে আপুনি চৰ্বি হ্ৰাস কৰিব বিচাৰে তেন্তে শৰীৰ পৰা বহু পৰিমাণে ঘাম নিৰ্গত হ’ব লাগিব, যাৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব, কিন্তু নিয়ম অনুসৰি। সেয়েহে যদি আপুনি ক্ষিপ্ৰতাৰে ওজন কমাব খোজে, কিন্তু ব্যায়ামো কৰিব নিবিচাৰে। তেনেহ’লে এনে লোকৰ বাবে এৰোবিক ব্যায়াম কৰাটো বাঞ্ছনীয়।

 খোজকঢ়াটো এৰোবিক ব্যায়ামত অন্তৰ্ভুক্ত। গতিকে কেৱল খোজকাঢ়িলেই ২১দিনত ৫ কেজি ওজন কমাব পাৰিব। কিন্তু এইক্ষেত্ৰত কিছু নিয়ম মানি চলিব লাগিব। মনত ৰাখিব, কম সময়ৰ বাবে খোজকাঢ়িলে অংগ-প্ৰত্যংগ সক্ৰিয় হৈ থাকে, কিন্তু ইয়াৰ ফলত ওজন কমি নাযায়। এৰোবিক নিয়ম মানিলে সপ্তাহত কমেও ২৫০ মিনিট খোজকাঢ়িব লাগিব। ১.৬ কিলোমিটাৰ খোজকাঢ়িলে প্ৰায় ১০০ কেলৰি খৰচ হয়। গড়ে ৩৫ মিনিটতকৈ অলপ কম। এনেদৰে খোজকাঢ়িলে শৰীৰৰ চৰ্বি কমি যোৱাই নহয়, এই দীঘলীয়া খোজকঢ়াৰ ফলত হৃদযন্ত্ৰও সুস্থ হৈ থাকে আৰু কলেষ্টেৰল হ্ৰাস পায়।

 খোজকঢ়াৰ অভ্যাস নাথাকিলে প্ৰথম অৱস্থাত অৰ্থাৎ আৰম্ভণিতে প্ৰতি চেকেণ্ডত এখোজ খোজকাঢ়িব লাগে। তাৰ পাছত খোজকঢ়াৰ অভ্যাসত গঢ়ি তুলিলে প্ৰতি ছেকেণ্ডত দুখোজকৈ খোজকাঢ়িব লাগিব। বাৰে বাৰে ৰৈ খোজকঢ়াৰ সলনি অবিৰতভাৱে খোজ কঢ়াটো বেছি উপকাৰী। গতিকে ঘৰৰ চাদত বা লনত নহয়, ৰাস্তাৰে খোজকাঢ়িলেই আপুনি সোনকালে ফলাফল লাভ কৰিব। দল বান্ধি ফুৰিবলৈ যোৱাৰ সলনি অকলে ওলাই যাওঁক। কাৰণ দল বান্ধি খোজকাঢ়িলে বা মোবাইলত কথা পাতি খোজকঢ়া অভ্যাসে চৰ্বি হ্ৰাস কৰাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement