--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে  নূপুৰ শৰ্মা বিষয়ত উচ্চতম ন্যায়ালয়ৰ শেহতীয়া বক্তব্য একেবাৰে ভাল পোৱা নাই। অৱশ্যে, কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে এই বিষয়ত ৰাজহুৱাভাৱে মন্তব্য দিবলৈ অস্বীকাৰ কৰে। তেওঁ কয় যে বিষয়টো তেওঁলোকৰ দৃষ্টিলৈ আহিছিল। বিষয়টো দলৰ মাজত বিতংকৈ আলোচনা কৰা হব। 

ইয়াৰ পূৰ্বে, নূপুৰ শৰ্মাৰ  সমৰ্থকসকলে টুইটাৰ আৰু অন্যান্য সামাজিক মাধ্যমত উচ্চতম ন্যায়ালয়ৰ বক্তব্যৰ বিৰুদ্ধে ওলাই আহিছিল। সমৰ্থকসকলৰ বিৰুদ্ধে প্ৰশ্নও উত্থাপিত হৈছিল যে কেন্দ্ৰীয় আইন মন্ত্ৰীয়ে বিষয়টোত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাছিল। কিৰেন ৰিজিজুৱে শনিবাৰে একেটা প্ৰশ্নৰ উত্তৰ দিছিল বুলি বিশ্বাস কৰা হয়।

উচ্চতম ন্যায়ালয়ৰ  খণ্ড বিচাৰপীঠে উদয়পুৰৰ দৰ্জী কানহাইয়া লাল তেলীৰ সৈতে সংঘটিত ঘটনাক লৈ নিলম্বিত বিজেপি মুখপাত্ৰ নূপুৰ শৰ্মাক দোষাৰোপ কৰিছিল। সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালা নামৰ দুজন ন্যায়াধীশে নূপুৰক তীব্ৰ সমালোচনা কৰিছিল। শনিবাৰে হায়দৰাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাত অংশগ্ৰহণ কৰিবলৈ যাওঁতে সাংবাদিকৰ মুখামুখি হওতে কিৰেন ৰিজিজুৰ দেশৰ এই সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত মাত মাতিছিল।

কিৰেন ৰিজিজুৱে কয় যে আইন মন্ত্ৰী হিচাপে তেওঁ উচ্চতম ন্যায়ালয়ৰ বক্তব্যৰ বিৰোধিতা কৰিব নোৱাৰে। তেওঁ এইদৰে কৈছিল: "প্ৰথমতে, মই আইন মন্ত্ৰী। গতিকে উচ্চতম ন্যায়ালয়ৰ কোনো ৰায় বা বিবৃতিৰ ওপৰত মন্তব্য দিয়াটো মোৰ বাবে সম্ভৱ নহয়। ৰিজিজুৱে লগতে কয় যে তেওঁ ৰায়টো পছন্দ নকৰিলেও ন্যায়াধীশসকলৰ প্ৰতি সন্মান আছে, "যদিও মই এটা ৰায় ব্যক্তিগতভাৱে ভাল নাপালেও ইয়াক আপত্তি কৰিব নোৱাৰো। মই এই সন্দৰ্ভত ৰাজহুৱাভাৱে মন্তব্য নকৰো।"

নবী  সন্দৰ্ভত কৰা মন্তব্যৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত নূপুৰ শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। নুপুৰে উচ্চতম ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠৰ কাষ চাপিছিল আৰু সেই গোচৰ দিল্লীলৈ স্থানান্তৰ কৰিবলৈ বিচাৰিছিল। তেতিয়াই ন্যায়াধীশ সূৰ্য কান্ত আৰু জে বি পাৰ্ডিৱালাই তেওঁক কঠোৰ ভাষাত সমালোচনা কৰিছিল।




FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক