--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নূপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্য আৰু তাৰ পিছত দেশৰ একাধিক প্ৰান্তত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিয়ে বৰ্তমান দেশৰ পৰিৱেশ অস্থিৰ কৰি তুলিছে। শেহতীয়াকৈ এটা বহু পুৰণি সত্য কাহিনী পুনৰ চৰ্চালৈ আহিছে। কিন্তু কাহিনীটো এতিয়াও প্ৰাসংগিক। এদিন এজন মুছলমান পশুপালকে হঠাতে এটা পাহাৰৰ গুহাত এটা বৰফৰ শিৱলিংগ আৱিষ্কাৰ কৰিলে। ইয়াৰ পিছত ডেৰশ বছৰতকৈও অধিক সময় সেই সংখ্যালঘু পৰিয়ালটোৱে তীৰ্থযাত্ৰীসকলক লৈ গৈছিল শিৱলিংগৰ ওচৰলৈ। তাত মন্ত্ৰ আবৃত্তি কৰি পূজা কৰা হৈছিল। গোলাম নবী মালিকৰ সেই মন্ত্ৰটো আজিও স্পষ্টকৈ মনত আছে। 

পাহেলগাঁৱৰ বাটাকোট গাঁৱৰ বাসিন্দা গোলাম নবী মালিক। বয়স ৯৫ বছৰ। বয়সৰ বাবে তেওঁ বহু বছৰ ধৰি অমৰনাথ যাব পৰা নাই। কিন্তু একেৰাহে ৬০ বছৰ ধৰি গোলাম নবী মালিকে অমৰনাথ ধামলৈ ভক্তসকলকলৈ গৈছিল। সৰ্বভাৰতীয় সংবাদ মাধ্যমত মালিকে কয় যে অমৰনাথে যাত্ৰীসকলৰ লগতে আমাৰ পৰিয়ালকো পুৰোহিতত্ব প্ৰদান কৰিছে। তেওঁ কয় যে "কোনোৱেই আমাক মুছলমান বা হিন্দু বুলি ভবা নাছিল।"

১৮৫০ চন। গুলামৰ ককাদেউতাক বুটা মালিকে অমৰনাথৰ গুহাটো আৱিষ্কাৰ কৰিছিল। বুটা মালিকে ভেড়া, ছাগলী চৰাইছিল। এদিন হঠাতে তেওঁ
এটা গুহাৰ ওচৰত উপস্থিত হয়। তেওঁ তাত এজন সন্ন্যাসীক লগ পায়। সেই সময়ত তাত বৰ ঠাণ্ডা আছিল। সন্ন্যাসীজনে তেওঁক তাত জ্বলাবলৈ কিছু কয়লা দিলে, কিন্তু সেই কয়লাবোৰ লৈ বুটা মালিকে যেতিয়া তেওঁৰ ঘৰত উপস্থিত হ’ল, তেতিয়া সেই কয়লাবোৰ সোণলৈ পৰিণত হ’ল। এই অলৌকিক ঘটনা গোটেই গাঁৱতে বিয়পি পৰে আৰু লাহে লাহে কাশ্মীৰৰ ৰজা গুলাব সিংহ আৰু মহাৰজা হৰি সিংহেও এই বিষয়ে জানিব পাৰিলে। ৰজাৰ প্ৰচেষ্টাত ইয়ালৈ ধৰ্মীয় যাত্ৰা আৰম্ভ হয়। এনেদৰেই এই মুছলমান পৰিয়ালটো অমৰনাথ যাত্ৰাৰ সৈতে জড়িত হৈ পৰে। ২০০৫ চনলৈকে মালিকৰ পৰিয়ালে তীৰ্থযাত্ৰীক অমৰনাথলৈ লৈ গৈছিল। ইয়াৰ পিছতে অমৰনাথ মন্দিৰ ব’ৰ্ডে ডেৰশ বছৰীয়া অনুশীলনৰ অন্ত পেলায়।

গুলামে অভিযোগ কৰিলে, "তাৰ আঁৰত ৰাজনীতি আছে।"অৱশ্যে বহু যাত্ৰীয়ে এতিয়াও ভাবে যে মালিকৰ পৰিয়ালক লগ নোপোৱাকৈ অমৰনাথ তীৰ্থযাত্ৰা আধৰুৱা হ'ব। তেওঁলোকৰ ওচৰলৈ আহি বহু ভক্তই শিৱলিংগৰ আৱিষ্কাৰৰ কাহিনী শুনে। এবাৰ তীৰ্থযাত্ৰীৰ দল এটা মালিকৰ পৰিয়ালক লগ কৰিবলৈ শেষনাগৰ পৰা উভতি আহিছিল। গোলামে ৭০ বছৰ পূৰ্বে প্ৰথম অমৰনাথ যাত্ৰা কৰিছিল। নিজৰ শ্ৰেষ্ঠ স্মৃতিৰ কথা কৈ তেওঁ কয়, ‘মই মহাৰাজ হৰি সিংহৰ পত্নী ৰাণী তাৰা দেৱীক লগ পাইছিলো। ৰাণীয়ে মোক লগ পাই স্মৃতি হিচাপে আনন্দৰে তামৰ ট্ৰে’ এখন উপহাৰ দিছিল। এই ট্ৰে’খনত সেই সময়ৰ বছৰ, তাৰিখ লিখা আছে।"

নিৰাপত্তাজনিত কাৰণত তীৰ্থযাত্ৰীসকলে আৰু মালিকৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ পাহেলগাঁওলৈ আহিব নোৱাৰে। সেই কথাত আক্ষেপ কৰে গোলাম নবী মালিকে। তেওঁ কয় যে অমৰনাথ যাত্ৰা দৰাচলতে কাশ্মীৰৰ সংস্কৃতিৰ বাহক। সেইবাবেই নিৰাপত্তা ইমান কটকটীয়া হৈ পৰিছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ