--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা এনে এটা ভাইৰাছ যিয়ে মূলতঃ চৰাইক আক্ৰান্ত কৰে, কিন্তু কেতিয়াবা মানুহকো সংক্ৰমিত কৰিব পাৰে।

ডিজিটেল ডেস্ক :  সময়ে সময়ে বাৰ্ড ফ্লু বিয়পি পৰি মানুহৰ মাজত আতংকৰ সৃষ্টি কৰে। বাৰ্ড ফ্লু বা এভিয়ান ইনফ্লুৱেঞ্জা এনে এটা ভাইৰাছ যিয়ে মূলতঃ চৰাইক আক্ৰান্ত কৰে, কিন্তু কেতিয়াবা মানুহকো সংক্ৰমিত কৰিব পাৰে। বহু মানুহে ভাবে বাৰ্ড ফ্লু হলে কণী খাব পাৰি নে নাই। এই ভাইৰাছ আক্ৰান্ত কুকুৰাৰ কণীত এই ভাইৰাছ থকাৰ সম্ভাৱনা আছে যদিও কণী সঠিকভাৱে সিজিলে সংক্ৰমিত হোৱাৰ আশংকা কমি যাব পাৰে বুলি চিকিৎসকে কয়।



কণীৰ জৰিয়তে বাৰ্ড ফ্লু বিয়পিব পাৰেনে?


বাৰ্ড ফ্লু সাধাৰণতে কুকুৰাক আক্ৰান্ত কৰা ভাইৰাছ। কিন্তু এই ভাইৰাছ আক্ৰান্ত কুকুৰাৰ কণীতো থাকিব পাৰে। অৱশ্যে এনে হোৱাৰ সম্ভাৱনা অতি কম। ডাক্তৰে কয় যে কণীটো ভালদৰে সিজিলে ভাইৰাছটো সম্পূৰ্ণৰূপে নাইকিয়া হৈ যায় আৰু খাবলৈও নিৰাপদ হৈ পৰে।


কণী খাবলৈ কেনেকৈ সুৰক্ষিত কৰিব পাৰি?


বাৰ্ড ফ্লুৰ প্ৰাদুৰ্ভাৱৰ সময়ত কণী ভালদৰে ৰান্ধিলে সহজে খাব পাৰি।


১) কণী ভালদৰে ৰান্ধক- কণীবোৰ সম্পূৰ্ণকৈ সিজোৱাটো নিশ্চিত কৰক যাতে ইয়াৰ কুহুম কঠিন হয় আৰু তৰল নহয়। ভাইৰাছ আৰু বেক্টেৰিয়া নিধন কৰিবলৈ উষ্ণতা ৭৪ ডিগ্ৰী চেলছিয়াছ (১৬৫ ডিগ্ৰী ফাৰেনহাইট) হ’ব লাগে।


২) হাত ধুব- কেঁচা কণী এটা স্পৰ্শ কৰাৰ পিছত কমেও ২০ ছেকেণ্ড চাবোনেৰে হাত ধুব লাগে।


৩) সকলো পৰিষ্কাৰ কৰক- কেঁচা কণী স্পৰ্শ কৰা সকলো বাচন-বৰ্তন, বাটি আৰু পাকঘৰৰ মজিয়া ধুব লাগে।


৪) সকলো খাদ্যৰ পৰা পৃথক কৰি ৰাখক- কেঁচা কণী ফলমূল, শাক-পাচলি আৰু সিজোৱা খাদ্যৰ পৰা আঁতৰত ৰাখিব লাগে যাতে বীজাণু বিয়পি নাযায়।


৫) পৃথক বাচন ব্যৱহাৰ কৰক- যদি আপুনি কুকুৰা আৰু কণী ৰান্ধিছে তেন্তে ইয়াৰ বাবে পৃথক কাটিং বৰ্ড আৰু কটাৰী ব্যৱহাৰ কৰক।


ইণ্ডিয়ান ইনষ্টিটিউট অৱ চাইন্সৰ গৱেষকসকলে এক গৱেষণা কৰি H5N1 বাৰ্ড ফ্লু ভাইৰাছে মানুহৰ বাবে ডাঙৰ ভাবুকি কঢ়িয়াই আনিব পাৰে বুলি চিন্তনীয় লক্ষণ পাইছে। অধ্যয়নটোৱে জিনীয় মিউটেচনৰ কথা আঙুলিয়াই দিয়ে। এই মিউটেচনৰ বাবে এই ভাইৰাছে সহজেই মানুহক সংক্ৰমিত কৰিব পাৰে।


H5N1 ষ্ট্ৰেইনত পোৱা মিউটেচন:


আই আই এছ চিৰ জৈৱ ৰসায়ন বিভাগৰ ড০ কেশবৰ্ধনা ছানুলাৰ নেতৃত্বত গৱেষকৰ দলটোৱে এইচ ৫ এন ১ ভাইৰাছৰ ২.৩.৪.৪বি ক্লেডৰ ওপৰত অধ্যয়ন কৰে। এই ক্লেড বৰ্তমান বিশ্বৰ বহু ঠাইত বিয়পি পৰিছে আৰু ইয়াৰ ফলত বহু প্ৰজাতিৰ চৰাই সংক্ৰমিত হৈছে।


তেওঁলোকে দেখিলে যে এই ষ্ট্ৰেইনৰ মিউটেচন পূৰ্বৰ মহামাৰী ফ্লু ভাইৰাছত দেখা পোৱাৰ দৰেই মিউটেচন আছে। এই পৰিৱৰ্তনে ইয়াক মানুহক অধিক ফলপ্ৰসূভাৱে সংক্ৰমিত কৰাত সহায় কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু