--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ ব্যাপক জনপ্ৰিয়তাৰ সময়তে বহুতে এই মাধ্যমৰ জৰিয়তে আনৰ চৰিত্ৰহনন কৰিবলৈ নানান আপত্তিজনক ভিডিঅ’ আপলোড কৰাৰ লগতে আনে আপলোড কৰা ভিডিঅ’ শ্বেয়াৰো কৰি আহিছে। এনে ভিডিঅ’ই সমাজত সংশ্লিষ্ট ব্যক্তিৰ ভাৱমূৰ্তি যথেষ্ঠ ম্লান কৰাৰ আশংকা থাকে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিল্লী উচ্চ ন্যায়ালয়ে আজি এই বিষয়ত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। 

নিৰ্দেশনাটোত উচ্চ ন্যায়ালয়ে কয়  যে কোনো লোকৰে যৌন কেলেংকাৰীৰ ভিডিঅ' ছচিয়েল মিডিয়াত লিক কৰিব পৰা নাযাব।    শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ সৈতে সম্পৰ্কিত এটা গোচৰৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশ দিয়ে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোত এজন জ্যেষ্ঠ ন্যায়িক বিষয়া আৰু তেওঁৰ এগৰাকী মহিলা সহকৰ্মীৰ অন্তৰংগ মুহূৰ্ত ধৰা পৰিছিল। 

মহিলাগৰাকীয়ে এই ঘটনাৰ  বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। শুনানিৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাই এইবুলি নিৰ্দেশ দিয়ে যে অন্তৰংগ মুহূৰ্তবোৰৰ ভিডিঅ' ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাটোৱে "গোপনীয়তাৰ আইনৰ অধিকাৰ" ভংগ কৰে। সেয়ে এয়া এক অপৰাধ।

বিচাৰকগৰাকীয়ে  টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু আৰক্ষী আৰু প্ৰশাসনকে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মক সকলো সামাজিক মাধ্যমৰ পৰা আপত্তিজনক ভিডিঅ'টো তৎক্ষণাৎ ব্লক কৰি দিবলৈ  নিৰ্দেশ দিয়ে।

ন্যায়াধীশগৰাকীয়ে লগতে এয়াও  নিশ্চিত কৰিবলৈও কয়  যে ভিডিঅ’টো যাতে কোনো ধৰণে 'ফৰৱাৰ্ড' কৰিব পৰা নাযায় তাৰো ব্যৱস্থা কৰিব লাগিব। ন্যায়াধীশ যশৱন্ত বাৰ্মাই কয়, "এনে ঘটনাই এই দুজন লোকৰ ব্যক্তিগত জীৱনত চৰম দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে। আনহাতে, আবেদনকাৰী মহিলাগৰাকীয়ে শুনানিৰ সময়ত আদালতক কয়  যে ভিডিঅ'টো ভুৱা আছিল। তেওঁক বদনাম কৰিবলৈ এইটো পৰিকল্পিত ভাৱে কৰা হৈছে"।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু