--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ ব্যাপক জনপ্ৰিয়তাৰ সময়তে বহুতে এই মাধ্যমৰ জৰিয়তে আনৰ চৰিত্ৰহনন কৰিবলৈ নানান আপত্তিজনক ভিডিঅ’ আপলোড কৰাৰ লগতে আনে আপলোড কৰা ভিডিঅ’ শ্বেয়াৰো কৰি আহিছে। এনে ভিডিঅ’ই সমাজত সংশ্লিষ্ট ব্যক্তিৰ ভাৱমূৰ্তি যথেষ্ঠ ম্লান কৰাৰ আশংকা থাকে। ইয়াৰ পৰিপ্ৰেক্ষিততে দিল্লী উচ্চ ন্যায়ালয়ে আজি এই বিষয়ত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। 

নিৰ্দেশনাটোত উচ্চ ন্যায়ালয়ে কয়  যে কোনো লোকৰে যৌন কেলেংকাৰীৰ ভিডিঅ' ছচিয়েল মিডিয়াত লিক কৰিব পৰা নাযাব।    শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ৰ সৈতে সম্পৰ্কিত এটা গোচৰৰ পৰিপ্ৰেক্ষিতত দিল্লী উচ্চ ন্যায়ালয়ে এনে নিৰ্দেশ দিয়ে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা ভিডিঅ'টোত এজন জ্যেষ্ঠ ন্যায়িক বিষয়া আৰু তেওঁৰ এগৰাকী মহিলা সহকৰ্মীৰ অন্তৰংগ মুহূৰ্ত ধৰা পৰিছিল। 

মহিলাগৰাকীয়ে এই ঘটনাৰ  বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন কৰিছিল। শুনানিৰ পিছত ন্যায়াধীশ যশৱন্ত বাৰ্মাই এইবুলি নিৰ্দেশ দিয়ে যে অন্তৰংগ মুহূৰ্তবোৰৰ ভিডিঅ' ছচিয়েল মিডিয়াত প্ৰচাৰ কৰাটোৱে "গোপনীয়তাৰ আইনৰ অধিকাৰ" ভংগ কৰে। সেয়ে এয়া এক অপৰাধ।

বিচাৰকগৰাকীয়ে  টুইটাৰ, ফেচবুক, ইনষ্টাগ্ৰাম আৰু আৰক্ষী আৰু প্ৰশাসনকে ধৰি বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মক সকলো সামাজিক মাধ্যমৰ পৰা আপত্তিজনক ভিডিঅ'টো তৎক্ষণাৎ ব্লক কৰি দিবলৈ  নিৰ্দেশ দিয়ে।

ন্যায়াধীশগৰাকীয়ে লগতে এয়াও  নিশ্চিত কৰিবলৈও কয়  যে ভিডিঅ’টো যাতে কোনো ধৰণে 'ফৰৱাৰ্ড' কৰিব পৰা নাযায় তাৰো ব্যৱস্থা কৰিব লাগিব। ন্যায়াধীশ যশৱন্ত বাৰ্মাই কয়, "এনে ঘটনাই এই দুজন লোকৰ ব্যক্তিগত জীৱনত চৰম দুৰ্যোগৰ সৃষ্টি কৰিব পাৰে। আনহাতে, আবেদনকাৰী মহিলাগৰাকীয়ে শুনানিৰ সময়ত আদালতক কয়  যে ভিডিঅ'টো ভুৱা আছিল। তেওঁক বদনাম কৰিবলৈ এইটো পৰিকল্পিত ভাৱে কৰা হৈছে"।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক