--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা কুকুৰাই ডাক দিলে মানুহে বুজি পায় যে উঠাৰ সময় হল, কিন্তু আজিৰ যুগত মানুহে মোবাইলত সময় ছেট কৰি শুই থাকে আৰু সেইমতে সাৰ পায়। বহু মানুহে পুৱা কুকুৰাৰ চিঞৰ সহ্য কৰিব নোৱাৰে কাৰণ পুৱাৰ চিকুণ টোপনি ভাঙে। বহু মানুহৰ ওচৰ-চুবুৰীয়াৰ লগত এইটো কাৰণত কাজিয়াও হয়। 

মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে। চুবুৰীয়া এজনৰ কুকুৰাই চিঞৰি চিঞৰি ইমানেই অশান্তি দিছিল যে লোকজনে আৰক্ষীৰ ওচৰলৈ যাবলগীয়া হল। মধ্যপ্ৰদেশৰ ইন্দোৰত এজন চিকিৎসকে এই বিষয়টোৰ সন্দৰ্ভত চুবুৰীয়াৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।

কুকুৰাই ডাক দি মানুহক পুৱা সোনকালে সাৰ পোৱাত সহায় কৰে, কিন্তু ডাক্তৰজনৰ খংহে উঠে। চহৰখনৰ পেলাচিয়া অঞ্চলত বাস কৰা চিকিৎসকগৰাকীয়ে চুবুৰীয়াৰ কুকুৰাৰ শব্দত বিৰক্ত হৈছিল। ইয়াৰ বাবেই তেওঁ থানাত গৈ এজাহাৰ দিলে। এই ক্ষেত্ৰত আৰক্ষীয়ে এটা বিবৃতি দিছিল যে তেওঁলোকে প্ৰথমে দুয়োপক্ষৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব আৰু যদি বিষয়টো সমাধান নহয় তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। পালাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিং বেইনছে জনোৱা মতে, পলাছিয়া অঞ্চলৰ গ্ৰেটাৰ কৈলাশ হাস্পতালৰ সমীপত বাস কৰা ডাঃ আলোক মোদীয়ে এই বিষয়ত লিখিত অভিযোগ দিছে।

ঘটনা সন্দৰ্ভত তেওঁ কয়, ‘আমি প্ৰথমে ডাক্তৰ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ লগত কথা পাতিম আৰু তাৰ পিছত সমাধানৰ চেষ্টা কৰিম। যদি তেতিয়াও এই বিষয়টো সমাধান নহয় তেন্তে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ (CrPC) ধাৰা ১৩৩ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আইনখন ৰাজহুৱা স্থানত অবৈধ বাধা বা উপদ্ৰৱ সৃষ্টিৰ বাবে প্ৰযোজ্য হয়। 

ডাঃ আলোক মোদীয়ে তেওঁৰ অভিযোগত কয় যে এগৰাকী মহিলাই তেওঁৰ ঘৰৰ ওচৰতে বহু কুকুৰা ৰাখিছে আৰু প্ৰতিদিনে পুৱা কুকুৰাবোৰে চিঞৰিবলৈ আৰম্ভ কৰে আৰু যাৰ বাবে তেওঁ অতিশয় অশান্তিত ভুগিছে। আলোক মোদীয়ে কয় যে কামৰ কাৰণে তেওঁ গভীৰ নিশা ঘৰলৈ উভতি আহে আৰু পুৱা ভালদৰে শুব নোৱাৰে কুকুৰাৰ চিঞৰত।সেয়েহে তেওঁ শান্তি বিচাৰি আৰক্ষীৰ কাষ চাপে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক