--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুৱা কুকুৰাই ডাক দিলে মানুহে বুজি পায় যে উঠাৰ সময় হল, কিন্তু আজিৰ যুগত মানুহে মোবাইলত সময় ছেট কৰি শুই থাকে আৰু সেইমতে সাৰ পায়। বহু মানুহে পুৱা কুকুৰাৰ চিঞৰ সহ্য কৰিব নোৱাৰে কাৰণ পুৱাৰ চিকুণ টোপনি ভাঙে। বহু মানুহৰ ওচৰ-চুবুৰীয়াৰ লগত এইটো কাৰণত কাজিয়াও হয়। 

মধ্যপ্ৰদেশৰ ইন্দোৰ জিলাতো এনেধৰণৰ এক ঘটনা সংঘটিত হৈছে। চুবুৰীয়া এজনৰ কুকুৰাই চিঞৰি চিঞৰি ইমানেই অশান্তি দিছিল যে লোকজনে আৰক্ষীৰ ওচৰলৈ যাবলগীয়া হল। মধ্যপ্ৰদেশৰ ইন্দোৰত এজন চিকিৎসকে এই বিষয়টোৰ সন্দৰ্ভত চুবুৰীয়াৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে।

কুকুৰাই ডাক দি মানুহক পুৱা সোনকালে সাৰ পোৱাত সহায় কৰে, কিন্তু ডাক্তৰজনৰ খংহে উঠে। চহৰখনৰ পেলাচিয়া অঞ্চলত বাস কৰা চিকিৎসকগৰাকীয়ে চুবুৰীয়াৰ কুকুৰাৰ শব্দত বিৰক্ত হৈছিল। ইয়াৰ বাবেই তেওঁ থানাত গৈ এজাহাৰ দিলে। এই ক্ষেত্ৰত আৰক্ষীয়ে এটা বিবৃতি দিছিল যে তেওঁলোকে প্ৰথমে দুয়োপক্ষৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিব আৰু যদি বিষয়টো সমাধান নহয় তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব। পালাছিয়া থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জয় সিং বেইনছে জনোৱা মতে, পলাছিয়া অঞ্চলৰ গ্ৰেটাৰ কৈলাশ হাস্পতালৰ সমীপত বাস কৰা ডাঃ আলোক মোদীয়ে এই বিষয়ত লিখিত অভিযোগ দিছে।

ঘটনা সন্দৰ্ভত তেওঁ কয়, ‘আমি প্ৰথমে ডাক্তৰ আৰু তেওঁৰ ওচৰ-চুবুৰীয়াৰ লগত কথা পাতিম আৰু তাৰ পিছত সমাধানৰ চেষ্টা কৰিম। যদি তেতিয়াও এই বিষয়টো সমাধান নহয় তেন্তে ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ (CrPC) ধাৰা ১৩৩ৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব। এই আইনখন ৰাজহুৱা স্থানত অবৈধ বাধা বা উপদ্ৰৱ সৃষ্টিৰ বাবে প্ৰযোজ্য হয়। 

ডাঃ আলোক মোদীয়ে তেওঁৰ অভিযোগত কয় যে এগৰাকী মহিলাই তেওঁৰ ঘৰৰ ওচৰতে বহু কুকুৰা ৰাখিছে আৰু প্ৰতিদিনে পুৱা কুকুৰাবোৰে চিঞৰিবলৈ আৰম্ভ কৰে আৰু যাৰ বাবে তেওঁ অতিশয় অশান্তিত ভুগিছে। আলোক মোদীয়ে কয় যে কামৰ কাৰণে তেওঁ গভীৰ নিশা ঘৰলৈ উভতি আহে আৰু পুৱা ভালদৰে শুব নোৱাৰে কুকুৰাৰ চিঞৰত।সেয়েহে তেওঁ শান্তি বিচাৰি আৰক্ষীৰ কাষ চাপে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু