--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহুতে পুলিচলৈ যোৱাৰ সপোন দেখে, কিন্তু সেইসকল লোকেহে পুলিচ সেৱালৈ যাবলৈ সক্ষম হয় যিসকলে পূৰ্ণ নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু আৰু একাগ্ৰতাৰে কাম কৰিব পাৰিম বুলি মন বান্ধিব পাৰে। আজি আমি আপোনালোকক এনে এগৰাকী আৰক্ষী বিষয়াৰ কথা কম যিগৰাকী কোনো মডেলতকৈ কোনো গুণে কম নহয়। এই আৰক্ষী বিষয়াগৰাকী প্ৰথমে পেছাত এজন অভিযন্তা আছিল কিন্তু যেতিয়া তেওঁ এই পেছাক লৈ সুখী নহয় বুলি উপলব্ধি কৰিলে, তেতিয়া তেওঁ দেশসেৱা কৰিবৰ বাবে মধ্যপ্ৰদেশ আৰক্ষীত যোগদান কৰে। তেওঁৰ ফিটনেছ ইমানেই সুন্দৰ যে সকলোৱে তেওঁক ঘূৰি ঘূৰি চায়। কোন এইগৰাকী আৰক্ষী বিষয়া আৰু তেওঁৰ ফিটনেছৰ ৰহস্য কি?


এই হেণ্ডছাম পুলিচজনৰ নাম ৰবীন্দ্ৰ সিং আৰু তেওঁ মধ্যপ্ৰদেশৰ ৰাজধানী ভূপালৰ উপ-পৰিদৰ্শক। ৰবীন্দ্ৰই কয় যে, “মই ২০১৬ চনত আৰক্ষীত যোগদান কৰিছিলো। মই আগতে পুলিচ সেৱাত যোগদান কৰিব বিচৰা নাছিলো, কিন্তু ইঞ্জিনিয়াৰিং কৰাৰ পিছত বুজিলোঁ যে মই কামটোত সুখী নহয় আৰু মই কামটো কৰিবলৈও ইচ্ছা কৰা নাছিলো। ইয়াৰ পিছত মই বেংকিং খণ্ডলৈ যাবলৈ প্ৰস্তুতি চলালোঁ যদিও মই তাতো সুখী নহলো। বেংকৰ প্ৰস্তুতি ত্যাগ কৰি মই পুলিচ সেৱাত যোগদান কৰাৰ সিদ্ধান্ত লৈ ডেৰ বছৰ সম্পূৰ্ণ কষ্টৰে প্ৰস্তুতি চলাইছিলো। ইয়াৰ পিছত ২০১৬ চনত দ্বিতীয় প্ৰচেষ্টাত মই মধ্যপ্ৰদেশ আৰক্ষীৰ উপ-পৰিদৰ্শক হৈ পৰিলোঁ।" 

এছ আই ৰবীন্দ্ৰই লগতে কয়, “আৰক্ষী সেৱাত ২৪ ঘণ্টা ধৰি সক্ৰিয় হৈ থাকিব লাগে কাৰণ কেতিয়া জৰুৰীকালীন অৱস্থা আহে সেয়া কোনেও কব নোৱাৰে। ডিউটিৰ সৈতে ফিটনেছ বজাই ৰখাটো কঠিন, কিন্তু তথাপিও মই ব্যায়ামৰ বাবে দৈনিক ডেৰ ঘণ্টা সময় উলিয়াওঁ। যদি মই ডায়েটৰ ভালদৰে যত্ন নোৱাৰো তেন্তে মই ড্ৰাই ফ্ৰুট, ৱেই প্ৰটিন মোৰ লগত ৰাখো যিবোৰ মোৰ জৰুৰীকালীন অৱস্থাত মোৰ খাদ্যৰ বাবে উপযোগী। 


মোৰ খাদ্য তালিকাত থাকে প্ৰায় ২৫ টা কণীৰ বগা অংশ, প্ৰায় ডেৰ পৰা দুই লিটাৰ গাখীৰ, ৱেই প্ৰটিন, ড্ৰাই ফ্ৰুট, মচুৰ দাইল, চাউল, শাক-পাচলি। ৰবীন্দ্ৰই লগতে কয় যে “মই কেতিয়াও ছয় পেক এবছ বনোৱাত মনোনিৱেশ কৰা নাছিলো। মাত্ৰ ফিটনেছত মনোনিৱেশ কৰিছিলো।মই অনুভৱ কৰোঁ যে মই মোৰ ফিটনেছ বজাই ৰাখিবলৈ সক্ষম।মই দৈনিক জিমলৈ যাওঁ আৰু ব্যায়াম কৰো।মই দৈনিক একক শৰীৰৰ অংশ ব্যায়াম কৰো,যিটোৱে মোক ফিট হৈ থকাত সহায় কৰে ইয়াৰ বাহিৰেও কেতিয়াবা সময় পালে খোজকাঢ়ো, যিয়ে মোক কেলৰি বাৰ্ণ কৰাত সহায় কৰে।

এছ আই ৰবীন্দ্ৰই লগতে কয় যে, “মই কলেজত পঢ়ি থাকোঁতে মই বহুত ক্ষীণ আছিলোঁ আৰু তাৰ বাবে মানুহে মোক ঠাট্টা কৰিছিল। ২০ বছৰ বয়সত প্ৰথমবাৰৰ বাবে জিম দেখিছিলো। লাহে লাহে জিমত ব্যায়াম আৰু ডায়েটৰ বিষয়ে জানিব পাৰিলোঁ আৰু তাৰ পিছত মোৰ ওজন বাঢ়িবলৈ ধৰিলে। এবছৰ বা দুবছৰত মোৰ ওজন বাঢ়িছে বুলি নকওঁ। ১১ বছৰৰ পাছতো মই এতিয়াও মোৰ ফিটনেছৰ ওপৰত কাম কৰি আছো। ফিটনেছৰ ক্ষেত্ৰত মোৰ অগ্ৰগতি লাহে লাহে আগবাঢ়িছে। আজি মোৰ ওজন ৯১ কেজি আৰু মই মোৰ ফিটনেছ বজাই ৰাখিছো।'' .

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ