--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাৰাষ্ট্ৰ, দিল্লী আৰু পঞ্জাৱৰ পিছত বিজেপিয়ে তেলেংগানাত 'অপাৰেচন লোটাছ' চলাবলৈ সাজু হোৱাৰ  অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ বিৰুদ্ধে ক্ষমতাসীন টিআৰএছৰ চাৰিজন বিধায়কক বৃহৎ পৰিমাণৰ ধন আৰু পদৰ বিনিময়ত দলত্যাগৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগ উঠাৰ পিছতে তেলেংগানা আৰক্ষীয়ে বিজেপিৰ ঘনিষ্ঠ দুজন ধৰ্মগুৰু আৰু এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

 অভিযোগ অনুসৰি  তেলেংগানাৰ পৰা চাৰিজন বিজেপি বিধায়ক ক্ৰয় কৰিবলৈ বিজেপিয়ে মুঠ ২৫০ কোটি টকা আগবঢ়াইছিল। বিজেপিয়ে প্ৰতিজন বিধায়কক ৫০ কোটি টকা আৰু তেওঁলোকৰ শীিৰ্ষ নেতাক  ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।  অৱশ্যে  টিআৰএছ বিধায়কসকলে বিজেপিৰ  পৰিকল্পনাটো বিফল কৰিবলৈ সক্ষম হয় । 

বিজেপিয়ে চাৰিজন টিআৰএছ বিধায়কক ক্ৰয় কৰিবলৈ তিনিজন লোকক হায়দৰাবাদলৈ পঠিয়াইছিল বুলি অভিযোগ পোৱা গৈছে। হাৰিয়ানাৰ এটা মন্দিৰৰ পুৰোহিত ৰামচন্দ্ৰ ভাৰতী, তিৰুপতিস্থিত ধৰ্মগুৰু ডি শিমায়াজী আৰু নন্দকুমাৰ নামৰ এজন ব্যৱসায়ীয়ে টিআৰএছ বিধায়কসকলক দলত্যাগৰ প্ৰস্তাৱ দিবলৈ হায়দৰাবাদৰ এখন ফাৰ্ম হাউচলৈ গৈছিল।এই বিষয়ত শেষ সিদ্ধান্ত  টিআৰএছ বিধায়ক এজনৰ ফাৰ্মহাউচত গ্ৰহণ কৰাৰ  কথা আছিল। কিন্তু বিধায়কজনে আৰক্ষীক বিষয়টো অৱগত কৰাত  বিজেপিৰ  সকলো পৰিকল্পনা ফাদিল হৈ পৰে। আৰক্ষীয়ে তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে। দলত্যাগৰ প্ৰস্তাৱ দিয়া বিধায়কসকলক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহলৈ লৈ যোৱা হৈছে। 

অৱশ্যে বিজেপিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপিয়ে  দাবী কৰে যে গোটেই ঘটনাটো মনেসজা।উল্লেখ্য সমগ্ৰ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ বাহিৰে আন কোনো ৰাজ্যতে বিজেপিৰ বিশেষ প্ৰভাৱ নাই। যোৱা আঢ়ৈ বছৰত গেৰুৱা শিবিৰে তেলেংগানাত ইয়াৰ শক্তি বৃদ্ধি কৰা আৰম্ভ কৰিছে। ১১৯ জনীয়া তেলেংগানা বিধানসভাত বিজেপিৰ মাত্ৰ দুজন বিধায়ক আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু