--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমহাৰাষ্ট্ৰ, দিল্লী আৰু পঞ্জাৱৰ পিছত বিজেপিয়ে তেলেংগানাত 'অপাৰেচন লোটাছ' চলাবলৈ সাজু হোৱাৰ  অভিযোগ উত্থাপিত হৈছে। বিজেপিৰ বিৰুদ্ধে ক্ষমতাসীন টিআৰএছৰ চাৰিজন বিধায়কক বৃহৎ পৰিমাণৰ ধন আৰু পদৰ বিনিময়ত দলত্যাগৰ প্ৰস্তাৱ দিয়াৰ অভিযোগ উত্থাপিত হৈছে। এনে অভিযোগ উঠাৰ পিছতে তেলেংগানা আৰক্ষীয়ে বিজেপিৰ ঘনিষ্ঠ দুজন ধৰ্মগুৰু আৰু এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিছে।

 অভিযোগ অনুসৰি  তেলেংগানাৰ পৰা চাৰিজন বিজেপি বিধায়ক ক্ৰয় কৰিবলৈ বিজেপিয়ে মুঠ ২৫০ কোটি টকা আগবঢ়াইছিল। বিজেপিয়ে প্ৰতিজন বিধায়কক ৫০ কোটি টকা আৰু তেওঁলোকৰ শীিৰ্ষ নেতাক  ১০০ কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল।  অৱশ্যে  টিআৰএছ বিধায়কসকলে বিজেপিৰ  পৰিকল্পনাটো বিফল কৰিবলৈ সক্ষম হয় । 

বিজেপিয়ে চাৰিজন টিআৰএছ বিধায়কক ক্ৰয় কৰিবলৈ তিনিজন লোকক হায়দৰাবাদলৈ পঠিয়াইছিল বুলি অভিযোগ পোৱা গৈছে। হাৰিয়ানাৰ এটা মন্দিৰৰ পুৰোহিত ৰামচন্দ্ৰ ভাৰতী, তিৰুপতিস্থিত ধৰ্মগুৰু ডি শিমায়াজী আৰু নন্দকুমাৰ নামৰ এজন ব্যৱসায়ীয়ে টিআৰএছ বিধায়কসকলক দলত্যাগৰ প্ৰস্তাৱ দিবলৈ হায়দৰাবাদৰ এখন ফাৰ্ম হাউচলৈ গৈছিল।এই বিষয়ত শেষ সিদ্ধান্ত  টিআৰএছ বিধায়ক এজনৰ ফাৰ্মহাউচত গ্ৰহণ কৰাৰ  কথা আছিল। কিন্তু বিধায়কজনে আৰক্ষীক বিষয়টো অৱগত কৰাত  বিজেপিৰ  সকলো পৰিকল্পনা ফাদিল হৈ পৰে। আৰক্ষীয়ে তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰিছে। দলত্যাগৰ প্ৰস্তাৱ দিয়া বিধায়কসকলক মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বাসগৃহলৈ লৈ যোৱা হৈছে। 

অৱশ্যে বিজেপিয়ে এই সকলো অভিযোগ অস্বীকাৰ কৰিছে। বিজেপিয়ে  দাবী কৰে যে গোটেই ঘটনাটো মনেসজা।উল্লেখ্য সমগ্ৰ দক্ষিণ ভাৰতৰ কৰ্ণাটকৰ বাহিৰে আন কোনো ৰাজ্যতে বিজেপিৰ বিশেষ প্ৰভাৱ নাই। যোৱা আঢ়ৈ বছৰত গেৰুৱা শিবিৰে তেলেংগানাত ইয়াৰ শক্তি বৃদ্ধি কৰা আৰম্ভ কৰিছে। ১১৯ জনীয়া তেলেংগানা বিধানসভাত বিজেপিৰ মাত্ৰ দুজন বিধায়ক আছে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক