--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত উৰ্ফি জাভেদ সদায় শিৰোনামত থাকে। কাপোৰক লৈ বিতৰ্ক তেওঁৰ অলংকাৰ। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বলীউডৰ অভিনেত্ৰীতকৈ কম নহয়।

১৯৯৭ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰিছিল উৰ্ফীয়ে। লক্ষ্ণৌৰ চিটি মন্টেছৰী স্কুলৰ পৰা অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ লক্ষ্ণৌৰ পৰা গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।

উৰ্ফীয়ে ২০১৬ চনৰ পৰা বিভিন্ন হিন্দী ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে। বেছিভাগ সময়তে তেওঁ অদ্ভুত কাপোৰ পিন্ধি বিতৰ্কলৈ আহিছিল। উৰ্ফিৰ ইনষ্টাগ্ৰামত এতিয়ালৈকে ৪১ লাখ অনুৰাগী আছে।

ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যাৰ ক্ষেত্ৰত উৰ্ফীক চেৰ পেলাইছে অন্বেশী জৈনে। এই পৰ্যন্ত তেওঁৰ ইনষ্টাগ্ৰামত ৬১ লাখ অনুৰাগী আছে। ৱেব ছিৰিজ ‘গাণ্ডী বাত’ত অভিনয় কৰি তেওঁ লাইমলাইটলৈ আহে। তেতিয়াৰ পৰাই তেওঁ ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় হৈ পৰিছে।

১৯৯১ চনৰ ২৫ জুনত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰিছিল আন্বেষীয়ে। ইঞ্জিনিয়াৰিং পঢ়িবলৈ তেওঁ ভোপালৰ এখন কলেজত নামভৰ্তি কৰিছিল। অন্বেশীয়ে তাৰ পৰাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত জোকাৰণি তুলিছে ২৮ বছৰীয়া আছু ৰেড্ডীয়ে। তেওঁৰ ইনষ্টাগ্ৰামত এতিয়ালৈকে ১৯ লাখ ফ’ল’ৱাৰ আছে। আছু তেলেগু চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰীও।

পৰিচালক ৰামগোপাল বৰ্মাৰ সৈতে এটা চৰ্চিত সাক্ষাৎকাৰৰ পিছতে আশু লাইমলাইটলৈ আহে। ‘বিগ বছ তেলেগু’ ৰিয়েলিটি শ্ব’ৰ এটা ভিডিঅ’ অংশ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। সেই ভিডিঅ’টোত আশুৰৰ ভৰিৰ আঙুলিটো চুপি থকা দেখা গৈছিল ৰামগোপালক।

১৯৯৫ চনৰ ১৫ ছেপ্টেম্বৰত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল আশুৰে। হায়দৰাবাদত স্কুল-কলেজীয়া শিক্ষা সমাপ্ত কৰি তেওঁ আমেৰিকালৈ গুচি যায়। ২০১৬ চনত ডালাছ বেপ্টিষ্ট ইউনিভাৰ্চিটি পিলগ্ৰিম চেপেলৰ পৰা এম বি এ ডিগ্ৰী লৈ ঘৰলৈ উভতি আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু