--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সামাজিক মাধ্যমত উৰ্ফি জাভেদ সদায় শিৰোনামত থাকে। কাপোৰক লৈ বিতৰ্ক তেওঁৰ অলংকাৰ। ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যা বলীউডৰ অভিনেত্ৰীতকৈ কম নহয়।

১৯৯৭ চনৰ ১৫ অক্টোবৰত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত জন্মগ্ৰহণ কৰিছিল উৰ্ফীয়ে। লক্ষ্ণৌৰ চিটি মন্টেছৰী স্কুলৰ পৰা অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ লক্ষ্ণৌৰ পৰা গণসংযোগ বিষয়ত স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে।

উৰ্ফীয়ে ২০১৬ চনৰ পৰা বিভিন্ন হিন্দী ধাৰাবাহিকত অভিনয় আৰম্ভ কৰে। বেছিভাগ সময়তে তেওঁ অদ্ভুত কাপোৰ পিন্ধি বিতৰ্কলৈ আহিছিল। উৰ্ফিৰ ইনষ্টাগ্ৰামত এতিয়ালৈকে ৪১ লাখ অনুৰাগী আছে।

ইনষ্টাগ্ৰামত অনুৰাগীৰ সংখ্যাৰ ক্ষেত্ৰত উৰ্ফীক চেৰ পেলাইছে অন্বেশী জৈনে। এই পৰ্যন্ত তেওঁৰ ইনষ্টাগ্ৰামত ৬১ লাখ অনুৰাগী আছে। ৱেব ছিৰিজ ‘গাণ্ডী বাত’ত অভিনয় কৰি তেওঁ লাইমলাইটলৈ আহে। তেতিয়াৰ পৰাই তেওঁ ইনষ্টাগ্ৰামত যথেষ্ট সক্ৰিয় হৈ পৰিছে।

১৯৯১ চনৰ ২৫ জুনত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰিছিল আন্বেষীয়ে। ইঞ্জিনিয়াৰিং পঢ়িবলৈ তেওঁ ভোপালৰ এখন কলেজত নামভৰ্তি কৰিছিল। অন্বেশীয়ে তাৰ পৰাই স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰিলে।

ইতিমধ্যে ছ’চিয়েল মিডিয়াত জোকাৰণি তুলিছে ২৮ বছৰীয়া আছু ৰেড্ডীয়ে। তেওঁৰ ইনষ্টাগ্ৰামত এতিয়ালৈকে ১৯ লাখ ফ’ল’ৱাৰ আছে। আছু তেলেগু চলচ্চিত্ৰ জগতৰ এগৰাকী অভিনেত্ৰীও।

পৰিচালক ৰামগোপাল বৰ্মাৰ সৈতে এটা চৰ্চিত সাক্ষাৎকাৰৰ পিছতে আশু লাইমলাইটলৈ আহে। ‘বিগ বছ তেলেগু’ ৰিয়েলিটি শ্ব’ৰ এটা ভিডিঅ’ অংশ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। সেই ভিডিঅ’টোত আশুৰৰ ভৰিৰ আঙুলিটো চুপি থকা দেখা গৈছিল ৰামগোপালক।

১৯৯৫ চনৰ ১৫ ছেপ্টেম্বৰত হায়দৰাবাদত জন্মগ্ৰহণ কৰিছিল আশুৰে। হায়দৰাবাদত স্কুল-কলেজীয়া শিক্ষা সমাপ্ত কৰি তেওঁ আমেৰিকালৈ গুচি যায়। ২০১৬ চনত ডালাছ বেপ্টিষ্ট ইউনিভাৰ্চিটি পিলগ্ৰিম চেপেলৰ পৰা এম বি এ ডিগ্ৰী লৈ ঘৰলৈ উভতি আহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক