--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছানিয়া মিৰ্জা আৰু শ্বোয়েইব মালিকৰ সুখী পৰিয়ালটো ভাঙি গৈছে বুলি চৰ্চাত আছে। তেওঁলোকৰ মাজত অশান্তিৰ কাৰণ হৈছে পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰ। ২০২১ চনত আয়েছা-শ্বোয়েবে এখন আলোচনীৰ ফটো শ্বুটত অংশ লৈ নিকট সান্নিধ্যলৈ আহিছিল বুলি গুজৱ উলাইছিল। 

শেহতীয়াকৈ পাকিস্তানী অভিনেত্ৰী আয়েছাই সকলো কথা মুকলিকৈ স্পষ্ট কৰিছে। এক সাক্ষাৎকাৰত শ্বোৱেইবৰ সম্পৰ্কৰ উৰাবাতৰি সন্দৰ্ভত সোধাত অভিনেত্ৰীগৰাকীয়ে কয়- ''মই কেতিয়াও কোনো বিবাহিত পুৰুষৰ প্ৰতি আকৰ্ষিত নহয়। এই কথা সকলোৱে জানে।''

২০১০ চনৰ ১২ এপ্ৰিলত ছানিয়া আৰু ছোৱেইবৰ মাজত বিবাহ হয়। ক্ৰীড়া জগতৰ অন্যতম জনপ্ৰিয় দম্পতী হিচাপে পৰিচিত হৈ পৰে। দুয়োৰে বিবাহৰ ১২ বছৰ হ’ল। ছানিয়া-শ্বোয়াইবৰ বিচ্ছেদৰ উৰাবাতৰিয়ে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে। কিন্তু কেৱল আয়েশাই নহয়, যোৱা বছৰ শ্বোৱেইবৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত আছিল আন এগৰাকী বিখ্যাত পাকিস্তানী অভিনেত্ৰী মাহিৰা খান।

ছানিয়া-শ্বোৱেইবৰ বিচ্ছেদৰ আঁৰত কোন? এই জল্পনা-কল্পনা বিভিন্ন মহলত বিয়পি পৰিছে। শেহতীয়াকৈ আয়েশাই এই বিষয়টো স্পষ্ট কৰি দিছে। শ্বোয়াইবক এই বিষয়ে সোধাত ক্ৰিকেট তাৰকাগৰাকীয়ে ব্যক্তিগত কথা বুলি কোৱাৰ পৰা বিৰত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু