--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছানিয়া মিৰ্জা আৰু শ্বোয়েইব মালিকৰ সুখী পৰিয়ালটো ভাঙি গৈছে বুলি চৰ্চাত আছে। তেওঁলোকৰ মাজত অশান্তিৰ কাৰণ হৈছে পাকিস্তানী অভিনেত্ৰী আয়েছা ওমৰ। ২০২১ চনত আয়েছা-শ্বোয়েবে এখন আলোচনীৰ ফটো শ্বুটত অংশ লৈ নিকট সান্নিধ্যলৈ আহিছিল বুলি গুজৱ উলাইছিল। 

শেহতীয়াকৈ পাকিস্তানী অভিনেত্ৰী আয়েছাই সকলো কথা মুকলিকৈ স্পষ্ট কৰিছে। এক সাক্ষাৎকাৰত শ্বোৱেইবৰ সম্পৰ্কৰ উৰাবাতৰি সন্দৰ্ভত সোধাত অভিনেত্ৰীগৰাকীয়ে কয়- ''মই কেতিয়াও কোনো বিবাহিত পুৰুষৰ প্ৰতি আকৰ্ষিত নহয়। এই কথা সকলোৱে জানে।''

২০১০ চনৰ ১২ এপ্ৰিলত ছানিয়া আৰু ছোৱেইবৰ মাজত বিবাহ হয়। ক্ৰীড়া জগতৰ অন্যতম জনপ্ৰিয় দম্পতী হিচাপে পৰিচিত হৈ পৰে। দুয়োৰে বিবাহৰ ১২ বছৰ হ’ল। ছানিয়া-শ্বোয়াইবৰ বিচ্ছেদৰ উৰাবাতৰিয়ে যথেষ্ট হুলস্থুলৰ সৃষ্টি কৰিছে। কিন্তু কেৱল আয়েশাই নহয়, যোৱা বছৰ শ্বোৱেইবৰ সৈতে প্ৰেমৰ সম্পৰ্কত জড়িত আছিল আন এগৰাকী বিখ্যাত পাকিস্তানী অভিনেত্ৰী মাহিৰা খান।

ছানিয়া-শ্বোৱেইবৰ বিচ্ছেদৰ আঁৰত কোন? এই জল্পনা-কল্পনা বিভিন্ন মহলত বিয়পি পৰিছে। শেহতীয়াকৈ আয়েশাই এই বিষয়টো স্পষ্ট কৰি দিছে। শ্বোয়াইবক এই বিষয়ে সোধাত ক্ৰিকেট তাৰকাগৰাকীয়ে ব্যক্তিগত কথা বুলি কোৱাৰ পৰা বিৰত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক