--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পত্নী আলিয়াৰ সৈতে নৱাজৰ সম্পৰ্কৰ তিক্ততা এতিয়া সকলোৱে জানে। শেহতীয়াকৈ নৱাজুদ্দিনৰ মাতৃ মেহৰুন্নিছা ছিদ্দিকীয়ে আলিয়াৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল। অভিযোগ অনুসৰি, বহুদিন ধৰি শাহুৱেক আৰু বোৱাৰীৰ মাজত এটা সম্পত্তিৰ অধিকাৰ সন্দৰ্ভত আইনী বিবাদ চলি আছিল। সেইবাবেই বিপদৰ শিখৰত উপনীত হয়। ইয়াৰ মাজতে নৱাজ পত্নী আলিয়াই পুনৰ আদালতৰ কাষ চাপিছিল দ্বিতীয় সন্তানৰ ডি এন এ পৰীক্ষাৰ দাবীত। দাবী কৰা হৈছে যে অভিনেতাজনে কণমানি ল’ৰাটোক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰিবলৈ অনিচ্ছুক। এই সকলোবোৰৰ মাজতে নৱাজৰ ওপৰত একাধিক অভিযোগৰ অভিযোগ উত্থাপন হৈছে। এতিয়া সেই বিতৰ্কক লৈ নৱাজুদ্দিন ছিদ্দিকীয়ে মুখ খুলিলে।

এটা সংবাদ মাধ্যমৰ আগত নৱাজে কয় যে এই বিষয়ত এতিয়াৰ বাবে মই একো ক’ব নিবিচাৰো। কাৰণ এই বিতৰ্কবোৰত মোৰ সন্তানৰ ভৱিষ্যত ধ্বংস হৈ আছে। ডুবাইত পঢ়ে। এমাহৰ বাবে মুম্বাইত আছে। মই মাথোঁ বিচাৰো মোৰ ল’ৰা-ছোৱালীয়ে আকৌ পঢ়া-শুনা আৰম্ভ কৰক। আৰু ডুবাইলৈ উভতি যাওঁ। ইমানেই।"

প্ৰসংগক্ৰমে আলিয়াৰ অধিবক্তাই নৱাজৰ পৰিচালিকা স্বপ্না ৰবীন মাছিৰ সমৰ্থনত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত দেখা যায়, স্বপ্নাই কান্দি কান্দি নিজৰ দুৰ্দশাৰ কথা কৈছে। তেওঁ কয় যে তেওঁ নৱাজুদ্দিন ছিদ্দিকীৰ বাবেই ডুবাইত আবদ্ধ হৈ আছে। তেওঁক দৰমহা দিয়া হোৱা নাই। উপযুক্ত খাদ্যও পোৱা নাই।

স্বপ্নাই আৰু অভিযোগ কৰে যে ছিদ্দিকীয়ে তেওঁক কোম্পানীটোৰ চেলছ মেনেজাৰ হিচাপে চাকৰি দিছিল। কিন্তু আচলতে ল’ৰা-ছোৱালীৰ চোৱা-চিতা কৰাৰ বোজা স্বপ্নাৰ কান্ধত উঠিছিল। মুঠতে স্বপ্নাই নৱাজৰ ডুবাই ঘৰত সন্তান চোৱা চিতাৰ কাম কৰে। এই কঠিন পৰিস্থিতিৰ পৰা তেওঁ ওলাই আহিব বিচাৰে। আৰু সেইবাবেই অধিবক্তা ৰিজৱানে টুইট কৰি ভাৰত চৰকাৰ আৰু ডুবাইত থকা ভাৰতীয় দূতাবাসৰ পৰা সহায় দাবী কৰে। তথ্য অনুসৰি স্বপ্নাই ছিদ্দিকীৰ পৰা মুক্তি পাবলৈ দিন গণিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক