--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পত্নী আলিয়াৰ সৈতে নৱাজৰ সম্পৰ্কৰ তিক্ততা এতিয়া সকলোৱে জানে। শেহতীয়াকৈ নৱাজুদ্দিনৰ মাতৃ মেহৰুন্নিছা ছিদ্দিকীয়ে আলিয়াৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল। অভিযোগ অনুসৰি, বহুদিন ধৰি শাহুৱেক আৰু বোৱাৰীৰ মাজত এটা সম্পত্তিৰ অধিকাৰ সন্দৰ্ভত আইনী বিবাদ চলি আছিল। সেইবাবেই বিপদৰ শিখৰত উপনীত হয়। ইয়াৰ মাজতে নৱাজ পত্নী আলিয়াই পুনৰ আদালতৰ কাষ চাপিছিল দ্বিতীয় সন্তানৰ ডি এন এ পৰীক্ষাৰ দাবীত। দাবী কৰা হৈছে যে অভিনেতাজনে কণমানি ল’ৰাটোক নিজৰ সন্তান হিচাপে গ্ৰহণ কৰিবলৈ অনিচ্ছুক। এই সকলোবোৰৰ মাজতে নৱাজৰ ওপৰত একাধিক অভিযোগৰ অভিযোগ উত্থাপন হৈছে। এতিয়া সেই বিতৰ্কক লৈ নৱাজুদ্দিন ছিদ্দিকীয়ে মুখ খুলিলে।

এটা সংবাদ মাধ্যমৰ আগত নৱাজে কয় যে এই বিষয়ত এতিয়াৰ বাবে মই একো ক’ব নিবিচাৰো। কাৰণ এই বিতৰ্কবোৰত মোৰ সন্তানৰ ভৱিষ্যত ধ্বংস হৈ আছে। ডুবাইত পঢ়ে। এমাহৰ বাবে মুম্বাইত আছে। মই মাথোঁ বিচাৰো মোৰ ল’ৰা-ছোৱালীয়ে আকৌ পঢ়া-শুনা আৰম্ভ কৰক। আৰু ডুবাইলৈ উভতি যাওঁ। ইমানেই।"

প্ৰসংগক্ৰমে আলিয়াৰ অধিবক্তাই নৱাজৰ পৰিচালিকা স্বপ্না ৰবীন মাছিৰ সমৰ্থনত এটা ভিডিঅ’ পোষ্ট কৰিছিল। তাত দেখা যায়, স্বপ্নাই কান্দি কান্দি নিজৰ দুৰ্দশাৰ কথা কৈছে। তেওঁ কয় যে তেওঁ নৱাজুদ্দিন ছিদ্দিকীৰ বাবেই ডুবাইত আবদ্ধ হৈ আছে। তেওঁক দৰমহা দিয়া হোৱা নাই। উপযুক্ত খাদ্যও পোৱা নাই।

স্বপ্নাই আৰু অভিযোগ কৰে যে ছিদ্দিকীয়ে তেওঁক কোম্পানীটোৰ চেলছ মেনেজাৰ হিচাপে চাকৰি দিছিল। কিন্তু আচলতে ল’ৰা-ছোৱালীৰ চোৱা-চিতা কৰাৰ বোজা স্বপ্নাৰ কান্ধত উঠিছিল। মুঠতে স্বপ্নাই নৱাজৰ ডুবাই ঘৰত সন্তান চোৱা চিতাৰ কাম কৰে। এই কঠিন পৰিস্থিতিৰ পৰা তেওঁ ওলাই আহিব বিচাৰে। আৰু সেইবাবেই অধিবক্তা ৰিজৱানে টুইট কৰি ভাৰত চৰকাৰ আৰু ডুবাইত থকা ভাৰতীয় দূতাবাসৰ পৰা সহায় দাবী কৰে। তথ্য অনুসৰি স্বপ্নাই ছিদ্দিকীৰ পৰা মুক্তি পাবলৈ দিন গণিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন