--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২৪ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সমাপ্তি ঘটাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যা কুমাৰীলৈ যাব আৰু তাত তিনি দিন ধৰি ধ্যান কৰিব। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ পিছতো  কেদাৰনাথত ধ্যান কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সেই সময়ত মোদীৰ ধ্যান কৰাৰ বিভিন্ন মুহূৰ্ত ছ’চিয়েল মিডিয়া আৰু সংবাদমাধ্যত দেখুওৱা হৈছিল।  ২০২৪ চনৰ লোকসভা প্ৰচাৰৰ শেষত প্ৰধানমন্ত্ৰীয়ে কন্যাকুমাৰীত একেদৰেই ধ্যান কৰিব।  মোদীৰ ধ্যানকলৈ কটাক্ষ কৰিছে  তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। মমতাৰ প্ৰশ্ন, ধ্যান কৰোঁতে কোনোবাই কেমেৰা লগত কেমেৰা নিয়ে নেকি? 

বাৰুইপুৰত এখন জলসভাত  মমতাই কয় , “আপুনি আৰু নাথাকিব মোদীবাবু৷ আপোনাৰ সময়  ৪ জুনলৈকে। বৰঞ্চ আপুনি গৈ ধ্যান কৰক। কিন্তু ধ্যান কৰি থাকোঁতে কোনোবাই কেমেৰা লৈ ধ্যান কৰে নেকি?” মমতা বেনাৰ্জীয়ে  অভিযোগ কৰে  "যোৱা নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰেই ক'ৰবাত মোদীয়ে ধ্যানত  বহি আছিল ।”

মমতাই লগতে  কয়, "মোৰ বৰ দুখ লাগে, কিয় সকলোৱে নিমাত। কোনেও কিয় প্ৰতিবাদ নকৰে? মোৰ বৰ দুখ লাগে সেই ঠাইখন ঋষি অৰবিন্দই  নিৰ্মাণ কৰিছিল। স্বামী বিবেকানন্দৰ অতি প্ৰিয় ঠাই আছিল। এতিয়া সেয়া আৰ এছ এছে ল’লে।” মমতাই  মোদীক কটাক্ষ কৰি কয়  "তেওঁ হোনো ঈশ্বৰৰ দূত। সেয়ে তেওঁৰ ধ্যান কৰাৰ প্ৰয়োজন নাই।" উল্লেখ্য সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা দেশৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলি আছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দেষৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে। অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছতে মোদীয়ে তিনিদিনৰ বাবে ধ্যান বিৰতি গ্ৰহণ কৰিব। ইয়াৰ বাবে তেওঁ স্বামী বিবেকানন্দই ধ্যান কৰা কন্যা কুমাৰীলৈ যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ৩০ মে’ত  আধ্যাত্মিক যাত্ৰাৰ অৰ্থে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কন্যাকুমাৰী ভ্ৰমণ কৰিবলৈ সাজু হৈছে। 

স্বামী বিবেকানন্দই  ধ্যান কৰা প্ৰখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ধ্যান কৰি মোদীয়ে তিনিদিন  কটাব। ৩০ মে’ৰ সন্ধিয়াৰ পৰা ১ জুনৰ সন্ধিয়ালৈকে প্ৰধানমন্ত্ৰীয়ে তাত ধ্যান কৰি থাকিব বুলি জানিব পৰা গৈছে। ভাৰতীয় জনতা পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতাই অৱগত কৰে যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ কোনো দলীয় কাৰ্যসূচীৰ  সৈতে জড়িত নহয়, আৰু এই ভ্ৰমণৰ  বিশদ পৰিকল্পনা এদিন আগতীয়াকৈ আনুষ্ঠানিকভাবে প্ৰকাশ কৰা হ’ব। মোদীৰ এই আধ্যাত্মিক ভ্ৰমণ ১ জুনত লোকসভা নিৰ্বাচনৰ চূড়ান্ত পৰ্যায়ৰ ভোটদানৰ আগদিনা অন্ত পৰিব।  

সেইদিনা ভোটদান হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত  উত্তৰ প্ৰদেশৰ মোদীৰ সমষ্টি বাৰাণসীও আছে। ৪ জুনত ৫৪৩খন লোকসভা আসনৰ ফলাফল ঘোষণা কৰা হ’ব। উল্লেখ্য স্বামী বিবেকানন্দই ধ্যান কৰা  স্থান হিচাপে বিবেকানন্দ ৰক মেম’ৰিয়েলৰ এক ঐতিহাসিক আৰু আধ্যাত্মিক তাৎপৰ্য আছে। এই স্থানত মোদীয়ে স্বামী  বিবেকানন্দৰ   ধ্যান-ধাৰণাৰে সমৃদ্ধিশালী আৰু ঐক্যবদ্ধ ভাৰতৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰি তোলাৰ বাবে প্ৰাৰ্থনা জনাব। কন্যাকুমাৰী হৈছে ভাৰত মহাসাগৰ, বে অব বেংগল, আৰব সাগৰৰ মিলন বিন্দু। ২০১৯ চনত মোদীয়ে  উত্তৰাখণ্ডৰ কেদাৰনাথ মন্দিৰ পৰিদৰ্শন কৰিছিল আৰু ২০১৪ চনত শিৱাজীৰ প্ৰতাপগড় ভ্ৰমণ কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু