--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিকুণ্ডত পৰিণত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। কেৱল দিল্লীৰ ভিতৰতেই নহয়, দেশৰ ভিতৰতেই আজি তাপমাত্ৰাৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিলে নতুন দিল্লীয়ে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ তাপমাত্ৰা ৫২.৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। ৰাষ্ট্রীয় ৰাজধানী খনৰ মুংগেশপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দুপৰীয়া ২:৩০ বজাত এই উষ্ণতাৰ তথ্য প্ৰকাশ কৰে।বিগত কিছুদিন ধৰি দিল্লী আৰু উত্তৰ তথা  মধ্য ভাৰতৰ ৰাজ্যসমূহৰ বাবে তীব্ৰ গৰমৰ  সতৰ্কবাণী জাৰি কৰা হৈছিল। 

 দিল্লীয়ে  তিনিটা বতৰ কেন্দ্ৰত প্ৰায় ৫২.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হোৱাৰ তথ্য পোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দিল্লীবাসী। এনেদৰে উষ্ণতা বৃদ্ধি পাই গৈ থাকিলে দিল্লীত এটা সময়ত মানুহ থাকিব পাৰিবনে নাই তাকেলৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছে। শেহতীয়াকৈ দিল্লীৰ  মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ বতৰৰ কাৰ্যালয়ত চৰম উষ্ণতাৰ তথ্য  পোৱা গৈছে। ইয়াৰ পূৰ্বে ৰাজস্থানৰ চুৰুত ৫০.৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হৈছিল। দিল্লীয়ে আজি চুৰুৰ অভিলেখো ভংগ কৰিলে।  বতৰ বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তনকলৈ কাম কৰি থকা  মহেশ পালাৱাটে কয় যে, খালী ভূমি থকা মুকলি অঞ্চলত বিকিৰণ বৃদ্ধি পায়। 

সূৰ্যৰ  প্ৰত্যক্ষ পোহৰ আৰু ছাঁৰ অভাৱে এই অঞ্চলসমূহ সাংঘাতিকভাবে গৰম কৰি তোলে। মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ দৰে অঞ্চলত  গৰম বতাহৰ বাবেই তাপমাত্ৰা বৃদ্ধি পোৱা বুলি তেওঁ কয়।আইএমডিৰ আঞ্চলিক মুৰব্বী কুলদীপ শ্ৰীবাস্তৱে কয় যে  গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ৰাজধানী চহৰ খনত  ৰেড এলাৰ্ট জাৰি কৰা হৈছে।  মাৰাত্মক গৰমৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ