--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অগ্নিকুণ্ডত পৰিণত হৈছে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী। কেৱল দিল্লীৰ ভিতৰতেই নহয়, দেশৰ ভিতৰতেই আজি তাপমাত্ৰাৰ ক্ষেত্ৰত অভিলেখ ভংগ কৰিলে নতুন দিল্লীয়ে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বুধবাৰে দিল্লীৰ তাপমাত্ৰা ৫২.৩ ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পায়। ৰাষ্ট্রীয় ৰাজধানী খনৰ মুংগেশপুৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই দুপৰীয়া ২:৩০ বজাত এই উষ্ণতাৰ তথ্য প্ৰকাশ কৰে।বিগত কিছুদিন ধৰি দিল্লী আৰু উত্তৰ তথা  মধ্য ভাৰতৰ ৰাজ্যসমূহৰ বাবে তীব্ৰ গৰমৰ  সতৰ্কবাণী জাৰি কৰা হৈছিল। 

 দিল্লীয়ে  তিনিটা বতৰ কেন্দ্ৰত প্ৰায় ৫২.৩ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হোৱাৰ তথ্য পোৱাৰ পিছতে চিন্তিত হৈ পৰিছে দিল্লীবাসী। এনেদৰে উষ্ণতা বৃদ্ধি পাই গৈ থাকিলে দিল্লীত এটা সময়ত মানুহ থাকিব পাৰিবনে নাই তাকেলৈ বহুতৰে মনত সন্দেহৰ সৃষ্টি হৈছে। শেহতীয়াকৈ দিল্লীৰ  মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ বতৰৰ কাৰ্যালয়ত চৰম উষ্ণতাৰ তথ্য  পোৱা গৈছে। ইয়াৰ পূৰ্বে ৰাজস্থানৰ চুৰুত ৫০.৫ ডিগ্ৰী চেলছিয়াছ তাপমাত্ৰা হৈছিল। দিল্লীয়ে আজি চুৰুৰ অভিলেখো ভংগ কৰিলে।  বতৰ বিজ্ঞান আৰু জলবায়ু পৰিৱৰ্তনকলৈ কাম কৰি থকা  মহেশ পালাৱাটে কয় যে, খালী ভূমি থকা মুকলি অঞ্চলত বিকিৰণ বৃদ্ধি পায়। 

সূৰ্যৰ  প্ৰত্যক্ষ পোহৰ আৰু ছাঁৰ অভাৱে এই অঞ্চলসমূহ সাংঘাতিকভাবে গৰম কৰি তোলে। মুংগেশপুৰ, নাৰেলা, আৰু নাজাফগড়ৰ দৰে অঞ্চলত  গৰম বতাহৰ বাবেই তাপমাত্ৰা বৃদ্ধি পোৱা বুলি তেওঁ কয়।আইএমডিৰ আঞ্চলিক মুৰব্বী কুলদীপ শ্ৰীবাস্তৱে কয় যে  গৰমৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি  ৰাজধানী চহৰ খনত  ৰেড এলাৰ্ট জাৰি কৰা হৈছে।  মাৰাত্মক গৰমৰ বিৰুদ্ধে সাৱধানতা অৱলম্বন কৰিবলৈ বাসিন্দাসকলক সতৰ্ক কৰি দিয়া হৈছে। 




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু