--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ইডিৰ লক্ষ্য হৈ পৰিছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট৷ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) আজি পুৱাৰে পৰা পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰৰ সন্দৰ্ভত চলোৱা অভিযানৰ সময়ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বাসভৱনৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰে। ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ইডিয়ে শিৱসেনা সাংসদগৰাকীৰ বাসভৱনত তালাচী চলাইছিল।

সঞ্জয় ৰাউটক ভূমি কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ বাবে দক্ষিণ মুম্বাইৰ ইডি কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। ৰাউটৰ অধিবক্তা বিক্ৰান্ত চাবনে কৈছিল, সঞ্জয় ৰাউটক ইডিয়ে মাতি পঠিয়াইছিল। তেওঁক পিছত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কিন্তু তেওঁক কেৱল এটা বিবৃতি দিবলৈ মাতি অনা হৈছিল। তেওঁক আটক কৰা হোৱা নাই।

পাত্ৰ চাওলৰ কোনো নথি নাছিল যাক ইডিয়ে জিম্মাত লৈছিল বুলি তেওঁৰ অধিবক্তাই সদৰী কৰে৷

ইফালে, সঞ্জয় ৰাউটৰ ভাতৃ সুনীল ৰাউটে কয় যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবে ইডিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুনীল ৰাউটে কয়, সঞ্জয় ৰাউটৰ বিৰুদ্ধে তেওঁলোকৰ একো নাই তেওঁলোকে নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে যে যদি এই ক্ষেত্ৰত নহয়, তেন্তে আন কোনো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সুনীল ৰাউটে মন্তব্য কৰে৷

দেওবাৰে পুৱা ৭ বজাত চিআৰপিএফৰ জোৱানৰ সৈতে ইডি বিষয়াসকল ৰাউটৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী আৰম্ভ কৰে। সন্ধিয়া ৫ বজাৰ অলপ পিছতে তেওঁক ইডি কাৰ্যালয়লৈ অনা হৈছিল। সঞ্জয় ৰাউটে কৈছিল যে তেওঁ কোনোপধ্যে দলত্যাগ নকৰে৷

উদ্ধৱ ঠাকৰে শিবিৰত থকা ৰাজ্যসভাৰ সাংসদজনে কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছিল আৰু অভিযোগ কৰিছিল যে ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে তেওঁক লক্ষ্য কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু