--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ ইডিৰ লক্ষ্য হৈ পৰিছে মহাৰাষ্ট্ৰৰ শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউট৷ প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) আজি পুৱাৰে পৰা পাত্ৰ চাওল ভূমি কেলেংকাৰী গোচৰৰ সন্দৰ্ভত চলোৱা অভিযানৰ সময়ত শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বাসভৱনৰ পৰা ১১.৫০ লাখ টকাৰ নগদ ধন জব্দ কৰে। ধনৰ অবৈধ সৰবৰাহৰ গোচৰত ইডিয়ে শিৱসেনা সাংসদগৰাকীৰ বাসভৱনত তালাচী চলাইছিল।

সঞ্জয় ৰাউটক ভূমি কেলেংকাৰীৰ গোচৰত সোধা-পোছাৰ বাবে দক্ষিণ মুম্বাইৰ ইডি কাৰ্যালয়লৈ লৈ যোৱা হৈছিল। ৰাউটৰ অধিবক্তা বিক্ৰান্ত চাবনে কৈছিল, সঞ্জয় ৰাউটক ইডিয়ে মাতি পঠিয়াইছিল। তেওঁক পিছত গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে কিন্তু তেওঁক কেৱল এটা বিবৃতি দিবলৈ মাতি অনা হৈছিল। তেওঁক আটক কৰা হোৱা নাই।

পাত্ৰ চাওলৰ কোনো নথি নাছিল যাক ইডিয়ে জিম্মাত লৈছিল বুলি তেওঁৰ অধিবক্তাই সদৰী কৰে৷

ইফালে, সঞ্জয় ৰাউটৰ ভাতৃ সুনীল ৰাউটে কয় যে মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ সৈতে তেওঁৰ ঘনিষ্ঠতাৰ বাবে ইডিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সুনীল ৰাউটে কয়, সঞ্জয় ৰাউটৰ বিৰুদ্ধে তেওঁলোকৰ একো নাই তেওঁলোকে নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছে যে যদি এই ক্ষেত্ৰত নহয়, তেন্তে আন কোনো ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সুনীল ৰাউটে মন্তব্য কৰে৷

দেওবাৰে পুৱা ৭ বজাত চিআৰপিএফৰ জোৱানৰ সৈতে ইডি বিষয়াসকল ৰাউটৰ বাসগৃহত উপস্থিত হয় আৰু তালাচী আৰম্ভ কৰে। সন্ধিয়া ৫ বজাৰ অলপ পিছতে তেওঁক ইডি কাৰ্যালয়লৈ অনা হৈছিল। সঞ্জয় ৰাউটে কৈছিল যে তেওঁ কোনোপধ্যে দলত্যাগ নকৰে৷

উদ্ধৱ ঠাকৰে শিবিৰত থকা ৰাজ্যসভাৰ সাংসদজনে কোনো ধৰণৰ অন্যায়ৰ কথা অস্বীকাৰ কৰিছিল আৰু অভিযোগ কৰিছিল যে ৰাজনৈতিক প্ৰতিহিংসাৰ বাবে তেওঁক লক্ষ্য কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ